দিনটো আৰম্ভ কৰাৰ আগতে পলকতে পঢ়ক পুৱাৰ মুখ্য খবৰ…
আজি ২৮ জুলাই, সোমবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
পুৱাৰ মুখ্য খবৰ
- আজি দেশভক্ত তৰুণ ৰাম ফুকুনৰ ৮৬ সংখ্যক মৃত্যু বাৰ্ষিকী। এই উপলক্ষে আজি ৰাজ্যই পালন কৰিছে দেশভক্তি দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
- দেশভক্ত তৰুণ ৰাম ফুকুনৰ স্মৃতিত পঞ্চম সংখ্যক দেশভক্তি দিৱস উদযাপনৰ লগত সংগতি ৰাখি অসমৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত এক বৃহৎ কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কেৱল অসমৰ পৰাই নহয়, সমগ্ৰ ভাৰতৰ আন কেইবাখনো ৰাজ্যৰ পৰাও বহু কুইজাৰে অংশগ্ৰহণ কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্ৰতিযোগিতাত পঞ্জীয়নভুক্ত ৬৫০ টা দলৰ ভিতৰত মুঠ ৩৪৮ টা দলে অংশগ্ৰহণ কৰে।
- আভ্যন্তৰীণ বিদ্ৰোহৰ মাজতে দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত দলটোৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাৰ লগতে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰপ্ৰসাদ বৈশ্যসহ দলীয় নেতৃত্ব উপস্থিত থাকে। আভ্যন্তৰীণ বিদ্ৰোহ দমনৰ বাবেই দলটোৰ এই বৈঠকৰ আয়োজন কৰা বুলিব চৰ্চা চলিছে।
- বঙাইগাঁও লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা যোষিতা দাসৰ ঘটনাক কেন্দ্ৰ কৰি গুৱাহাটীত প্ৰতিবাদ কংগ্ৰেছৰ। সমগ্ৰ ৰাজ্যজুৰি এই ঘটনা কেন্দ্ৰ কৰি প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কংগ্ৰেছে । যোষিতা দাসৰ ঘটনাই বিজেপি চৰকাৰৰ পৰ্বতসম দুৰ্নীতিৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে বুলি দাবী বিৰোধী কংগ্ৰেছৰ।
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক ‘মন কি বাত’ অনুষ্ঠানত বিশেষভাৱে স্থান লাভ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰসংগই। প্ৰধানমন্ত্ৰীগৰাকীয়ে মন কি বাতৰ এই খণ্ডত বহুকেইটা বিষয়ৰ ওপৰত বাখ্যা আগবঢ়ায়। ইয়াৰ লগতে তেওঁ কয় যে,কাজিৰঙাত এইবাৰ প্ৰথমবাৰৰ বাবে তৃণভূমি পক্ষীৰ জৰীপ চলোৱা হৈছিল আৰু এই জৰীপত ৪৩ বিধ প্ৰজাতিৰ বিশেষ চৰাই পোৱা গৈছে ।
- দেওবাৰে কোকৰাঝাৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ডুৰাণ্ড কাপৰ গ্ৰুপ ডিৰ এখন খেলত ইণ্ডো তিব্বতী সীমান্ত আৰক্ষী এফ টিয়ে কাৰ্বি আংলং মৰ্নিং ষ্টাৰ এফ চিক ২-১ গ’লত পৰাস্ত কৰে। লুনমিনলেন হাওকিপে কাৰ্বি আংলং মৰ্নিং ষ্টাৰ এফ চিক অগ্ৰগতি প্ৰদান কৰে যদিও পুলুং ডায়েমাৰী আৰু হেমৰাজ ভুজেলৰ গ’লেৰে পেৰা মিলিটাৰী দলৰ জয় আৰু তিনি পইণ্ট প্ৰদান কৰে।