শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ…

আজি ২৯ ডিচেম্বৰ, সোমবাৰ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ…
Morning News
trishna-kalita
Trishna Kalita | Updated On: 29 Dec 2025 08:30 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বৰঝাৰ বিমান বন্দৰত ৰাজ্যিক বিজেপিৰ নেতৃত্বই জনাব আদৰণি। বটদ্ৰৱা প্ৰকল্পৰ শুভ উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। উদ্বোধন কৰিব খানাপাৰাৰ জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ আৰু মহানগৰ আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয়।
  2. আজি মুকলি হ’ব বটদ্ৰৱাৰ অভিলাষী প্ৰকল্প। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব বটদ্ৰৱা প্ৰকল্প। প্ৰকল্প মুকলি অনুষ্ঠানত অংশ ল’ব প্ৰায় ১৫০ গৰাকী সত্ৰাধিকাৰে। সমাৱেশ ঘটিব ভিন্ন প্ৰান্তৰ ৬০ হাজাৰ ভকত-বৈষ্ণৱৰ।
  3. ভাৰতবৰ্ষৰ দ্ৰুত বিকশিত ৰাজ্যৰ তালিকাত অসম। ৫ বছৰৰ ভিতৰত অসমৰ GSDP ৪৫ শতাংশ বৃদ্ধি। ভাৰতৰ সামগ্ৰিক GDP বৃদ্ধিৰ হাৰকো অতিক্ৰম অসমৰ। বিগত ৫ বছৰত ভাৰতৰ GDP বৃদ্ধিৰ হাৰ ২৯ শতাংশৰ বিপৰীতে অসমৰ GDP বৃদ্ধিৰ হাৰ ৪৫ শতাংশলৈ বৃদ্ধি। ২.৪ লাখ কোটিৰ পৰা ৩.৫ লাখ কোটিলৈ বৃদ্ধি GSDP। শীৰ্ষ ১০ খন ৰাজ্যৰ ভিতৰত অসমৰ বৃদ্ধি হাৰ আটাইতকৈ বেছি। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ সমীক্ষাত এই তথ্য।
  4. ৰঙিয়াত বুজন পৰিমাণৰ নকল সোণ জব্দ। বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ সৈতে অতি ঘনিষ্ঠ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। নকল সোণ সৰবৰাহত জড়িত বোকাজানৰ কল্পনেচ চৌধুৰী আৰু সন্তোষ জৈন। আন এজন সৰবৰাহকাৰী জয়পুৰৰ অভিষেক বাদায়াকো গ্ৰেপ্তাৰ।
  5. ভোটাৰ তালিকাত ৰঙানদী সমষ্টিলৈ স্থানান্তৰ APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ নাম। ছমাহ পূৰ্বে বিহপুৰীয়া সমষ্টিৰ পৰা স্থানান্তৰ বৰাৰ নাম।
  6. গুজৰাটত ৰাহুল গান্ধীক লক্ষ্য কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, তেওঁ উন্নয়নৰ ৰাজনীতি নকৰে আৰু কংগ্ৰেছে প্ৰতিটো দিশতে মোদী চৰকাৰৰ বিৰোধিতা কৰে। শ্বাহে কয় যে, কংগ্ৰেছে নিৰ্বাচনত পৰাস্ত হোৱাৰ কাৰণ বুজি নাপায়। তেওঁ দাবী কৰে যে বংগ, তামিলনাডু, আনকি ২০২৯ চনতো মোদীৰ নেতৃত্বত বিজেপি ক্ষমতালৈ আহিব কাৰণ জনসাধাৰণ দলৰ নীতিৰ সৈতে সংযুক্ত।
  7. ৫ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া নেপালৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে দেওবাৰে দুটা প্ৰধান মধেচী দলে একত্ৰীকৰণৰ কথা ঘোষণা কৰে।মহন্ত ঠাকুৰ নেতৃত্বাধীন জনতা সমাজবাদী পাৰ্টি আৰু উপেন্দ্ৰ যাদৱ নেতৃত্বাধীন লোকান্ত্ৰিক সমাজবাদী পাৰ্টিয়ে এক যৌথ বিবৃতি প্ৰকাশ কৰি একত্ৰীকৰণৰ কথা ঘোষণা কৰে।

লগতে পঢ়ক:  সোমবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…