Morning Headlines: ১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ
আজি ২৮ ছেপ্তেম্বৰ দেওবাৰ, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

পুৱাৰ মুখ্য খবৰ
আজি ২৮ ছেপ্তেম্বৰ, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই শনিবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- শনিবাৰে পাণবজাৰ উৰণ সেতু আৰু পানীখাইতিত নাৰেংগী-ভকতগাঁও পথত দুইলেনযুক্ত জয়ন্ত হাজৰিকা উৰণ সেতু জনসাধাৰণৰ বাবে আনুষ্ঠানিকভাৱে উৎসর্গা কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। উল্লেখ্য যে, ৪৭ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে ২৯০ মিটাৰ দৈৰ্ঘ্যৰ পাণবজাৰ উৰণ সেতুখন। আনহাতে, ৬৯ কোটি টকা ব্যয়ৰে পানীখাইতিত ৫৩৭ মিটাৰ দৈৰ্ঘ্যৰ জয়ন্ত হাজৰিকা উৰণ সেতুখন নিৰ্মাণ কৰা হৈছে।
- জুবিন গাৰ্গৰ মৃত্যুৰ ৯ দিনৰ পাছত আনুষ্ঠানিক এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। এজাহাৰত স্বাক্ষৰ কৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে, ভগ্নী পামি বৰঠাকুৰ আৰু খুড়াক মনোজ বৰঠাকুৰে অনলাইনযোগে দাখিল কৰা হৈছে এজাহাৰ।
- তামিলনাডুত অভিনেতা বিজয়ৰ ৰেলীত অঘটন, পদপিষ্ট হৈ ৩১ জন লোকৰ মৃত্যু। কাৰুৰৰ এখন ৰাজহুৱা সভাত হোৱা এই ঘটনা সন্দৰ্ভত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে এক্সত পোষ্ট কৰি কয় যে, “কাৰুৰৰ পৰা অহা খবৰটো চিন্তনীয়। মই প্ৰাক্তন মন্ত্ৰী ভি চেন্থিলবালাজী, মন্ত্ৰী সুব্ৰমণিয়াম, আৰু জিলা উপায়ুক্তক ভিৰৰ মাজত অজ্ঞান হৈ চিকিৎসালয়ত ভৰ্তি হৈ থকাসকলক তাৎক্ষণিক চিকিৎসা সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিছো।”
- নাজিৰাৰ শিমলুগুৰি আৰক্ষী থানত টকাৰ দ’ম। এটা বাকচৰ পৰা উদ্ধাৰ হৈছে লাখে লাখে টকা। হাতেৰে টকা গণি শেষ কৰিব নোৱাৰি অৱশেষত ব্যৱহাৰ কৰিবলগীয়া হৈছে মেচিন । এই দৃশ্য শিমলুগুৰিৰ আৰক্ষী থানাৰ।
- তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাক আৰু ছয়মাহলৈ অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। বলৱৎ থাকিব সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA),১৯৫৮ ।
- ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮০ সংখ্যক অধিৱেশনত ভূটানৰ প্ৰধানমন্ত্ৰী দাছ’ ছেৰিং টবগেই নিৰাপত্তা পৰিষদৰ (UNSC) বৃহৎ সংস্কাৰৰ বাবে তীব্ৰ পোষকতা কৰে। টবগেই স্পষ্টভাৱে কৈছিল যে, পৰিৱৰ্তিত বিশ্ব বাস্তৱতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু জাপানৰ দৰে প্ৰাপ্য দেশসমূহক স্থায়ী সদস্যপদ প্ৰদান কৰা উচিত।
- যোৰহাট ষ্টেডিয়ামত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ প্ৰস্তুতি। মন্ত্ৰী বিমল বৰাই কয় যে, যোৰহাটৰ ৰাইজৰ আহ্বান, চৰকাৰৰ প্ৰস্তাৱৰ প্ৰতি সহাৰি জনাই পৰিয়ালৰ লোকে যোৰহাটতে ১৩ দিনীয়া মাংগলিক কাৰ্যসমূহ পাতিবলৈ সন্মতি প্ৰদান কৰে। সেই অনুসৰি ১ অক্টোবৰত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৰাজহুৱা আদ্যশ্ৰাদ্ধ।
- শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ৬ অক্টোবৰৰ ভিতৰত চিআইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ইতিমধ্যেই ফ্ৰীজ কৰা হৈছে শ্যামকানু মহন্তৰ একাউণ্ট। জুবিন গাৰ্গক ন্যায় নিদিয়ালৈকে এইখন চৰকাৰ বহি নাথাকে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।
- ৰাজ্যৰ ৩০ লাখ মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় ৩.০ৰ ধন। অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণৰ অধীনত ৩০ লাখ মহিলা হিতাধিকাৰীয়ে অহা ৭ অক্টোবৰত আঁচনিৰ সুবিধা লাভ কৰিব। ইয়াৰ বাবে ইতিমধ্যে সম্পূৰ্ণ হৈছে প্ৰক্ৰিয়া । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা।