শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Morning Headlines: পলকতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…

আজি ২৭ ছেপ্তেম্বৰ শনিবাৰ, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning Headlines: পলকতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…
পুৱাৰ মুখ্য খবৰ
barasha-misra
Barasha Misra | Published: 27 Sep 2025 07:00 AM

আজি ২৭ ছেপ্তেম্বৰ, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই শনিবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. BTC নিৰ্বাচনত বৃহত জয় BPF ৰ। ২৭খন আসনেৰে ইতিহাস ৰচিলে বিপিএফে ৷ হাগ্ৰামাৰ ৰণকৌশলত বিধ্বস্থ ইউপিপিএল আৰু বিজেপি ৷
  2. জনজাতিকৰণৰ দাবীত মটকৰ গৰ্জন! হাতে হাতে জোঁৰ লৈ ডিকম-লাহোৱালৰ আকাশ বতাহ কঁপালে মটক যুৱ-ছাত্ৰ সন্মিলনে। মৰাণৰ পাছত এইবাৰ পুনৰ উজনি কঁপালে মটক জনগোষ্ঠীয়ে।
  3. আকৌ শুল্কৰ ৰাজনীতি! ব্ৰেণ্ডেড আৰু Pharmaceutical Product ৰ আমদানিৰ ওপৰত ১০০ শতাংশ শুল্ক ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এই শুল্ক ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। ট্ৰাম্পৰ এই সিদ্ধান্তই ভাৰতত বৃহৎ প্ৰভাৱ পেলাব পাৰে, কিয়নো ভাৰতে আমেৰিকালৈ বৃহৎ পৰিমাণৰ ঔষধ ৰপ্তানি কৰে।
  4. শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মালৈ চিআইডিয়ে জাননী প্ৰেৰণ কৰিছে। দুয়োজনক ১০ দিনৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে চিআইডিয়ে। ৬ অক্টোবৰৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়াৰ লগতে ছিংগাপুৰৰ ১১ জন প্ৰৱাসী অসমীয়ালৈ CIDৰ দিছে জাননী। ইফালে নিশিতা গোস্বামী, শেখৰ গোস্বামী, অমৃতপ্ৰভালৈ SITৰ নিৰ্দেশনা। আজি দিনৰ ১১ বজাত CID কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ।
  5. সিদ্ধাৰ্থৰ সন্ধান ওলাল! জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক মূল অভিযুক্ত হিচাপে ধৰা হৈছে। ৰাজ্যজুৰি এই দুয়োকে শীঘ্ৰে গ্ৰেপ্তাৰ দাবী উত্থাপন হৈছে। এনে পৰিস্থিতিৰ মাজতে সামাজিক মাধ্যমৰ জৰিয়তে এক প্ৰকাৰে স্পষ্টীকৰণ দিছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই।
  6. জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰা হ’ব বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা আৰু সংস্কৃতি কেন্দ্ৰৰ ভৱনটো। একে সময়তে ভৱনটোৰ সন্মুখত স্থাপন কৰা হ’ব শিল্পীগৰাকীৰ আবক্ষ মূৰ্তি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত সন্নিৱিষ্ট হ’ব জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। সমান্তৰালভাৱে জুবিন গাৰ্গৰ গীতৰ চিত্ৰ সম্বলিত এখন কিতাপ প্ৰস্তুত কৰাৰ বাবে কাম আৰম্ভ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে। সংবাদ মাধ্যমৰ আগত এই কথা জনাইছে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক নানীগোপাল মহন্তই।
  7. ২৭ ছেপ্টেম্বৰৰ দিনটো চৰকাৰী টেলিকম কোম্পানী BSNL ৰ বাবে এক অতি বিশেষ দিন। টেলিকম মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ​​বিএছএনএলৰ স্বদেশী 4G নেটৱৰ্ক মুকলি কৰিব বুলি ঘোষণা কৰে।
  8. নলবাৰী চহৰৰ মাজ-মজিয়াত হ’ব হিয়াৰ আমঠু হাৰ্টথ্ৰোব জুবিন গাৰ্গৰ নামত বন উদ্যান। তাৰ মাজতেই থাকিব পূৰ্ণাংগ আৱক্ষ মূৰ্তি লগতে থাকিব জুবিন গাৰ্গে ৪০ টা ভাষাত গোৱা ৩৮ হেজাৰ গানৰ ডিজিটেল মাধ্যম সংযুক্ত জুবিন গাৰ্গ সংগ্ৰাহালয়।
  9. জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ ১৩ দিনীয়া অনুষ্ঠানটিৰ প্ৰস্তুতি আৰম্ভ কৰিছে অসম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ এক ৰাজহুৱা স্থানত ৩ দিনৰ বাবে প্ৰাণৰ শিল্পীগৰাকীৰ চিতাভস্ম ৰাইজৰ শ্ৰদ্ধাঞ্জলিৰ বাবেও ৰাখিবলৈ পৰামৰ্শ দিছে।