বৃক্কই সঠিকভাৱে কাম নকৰিলে এইবোৰ লক্ষণ দেখা যায়

13 September 2025

TV9 ASSAM

যদি কিডনীয়ে সঠিকভাৱে কাম কৰিব নোৱাৰে, তেতিয়া কিছুমান সংকেত দিবলৈ আৰম্ভ কৰে।

সংকেত

কিডনীয়ে ভালদৰে কাম কৰিব নোৱাৰিলে বা শৰীৰৰ বিষাক্ত পদাৰ্থ আঁতৰাব নোৱাৰিলে আপোনাৰ টোপনিৰ সমস্যা হ’ব পাৰে।

টোপনিৰ সমস্যা

কম সময়ৰ ভিতৰত সঘনাই যদি প্ৰস্ৰাৱ লাগি থাকে, তেন্তে সাৱধান হওক। ই কিডনীৰ কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ লক্ষণ হ’ব পাৰে।

সঘনাই প্ৰস্ৰাৱ লগা

একেদৰে কিডনী ৰোগৰ এটা প্ৰাৰম্ভিক লক্ষণ হৈছে আপোনাৰ প্ৰস্ৰাৱত তেজ যাব পাৰে। আপোনাৰ প্ৰস্ৰাৱৰ ৰং সলনি হ’ব পাৰে।

প্ৰস্ৰাৱৰ ৰং সলনি

আপোনাৰ চকুৰ চাৰিওফাল ফুলিব পাৰে। এই লক্ষণে দেখা দিলে সাৱধান হওক। ই প্ৰস্ৰাৱত প্ৰটিন বাহিৰ হোৱাৰ লক্ষণ হ’ব পাৰে।

চকুৰ চাৰিওফাল ফুলিব

একেদৰে আপোনাৰ কিডনী দুৰ্বল হ’লে গোৰোহা আৰু ভৰি ফুলিব পাৰে। বিশেষজ্ঞৰ মতে, ই কিডনী ৰোগৰ গুৰুতৰ লক্ষণ।

ভৰি ফুলিব

কিডনী দুৰ্বল হোৱাৰ ফলত আপুনি পেশীৰ বিষ অনুভৱ কৰিব পাৰে। এই লক্ষণবোৰে দেখা দিলে সাৱধান হওক আৰু তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

পেশীৰ বিষ

পঢ়িবলৈ ক্লিক কৰক

এইবোৰ কাৰণত আপোনাৰ হঠাত চুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে