শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভূপেন হাজৰিকাৰ গীতে ভাৰতক একত্ৰিত কৰিছে: খানাপাৰাত প্ৰধানমন্ত্ৰীয়ে আৰু কি কি ক’লে?

প্ৰধানমন্ত্ৰীয়ে কয়, "ভূপেন দা শাৰীৰিকভাৱে উপস্থিত নাথাকিব পাৰে, কিন্তু তেওঁৰ কণ্ঠই মানুহক শক্তি প্ৰদান কৰে।তেওঁৰ গীতে ভাৰতক একত্ৰিত কৰে। তেওঁৰ সংগীতে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ ধাৰণাক সামৰি লৈছে। ভাৰতৰ সাংস্কৃতিক পৰম্পৰাৰ সৈতে গভীৰ ভাৱে জড়িত হৈ আছিল।"

ভূপেন হাজৰিকাৰ গীতে ভাৰতক একত্ৰিত কৰিছে: খানাপাৰাত প্ৰধানমন্ত্ৰীয়ে আৰু কি কি ক’লে?
গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
trishna-kalita
Trishna Kalita | Updated On: 13 Sep 2025 20:20 PM

শনিবাৰে খানাপাৰত উপস্থিত হৈ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অনুষ্ঠানৰ আৰম্ভণিতে ১১০০গৰাকী শিল্পীয়ে ১৮ মিনিটত পৰিৱেশন কৰিলে ড° ভূপেন হাজৰিকাৰ ১৪টা গান। অনুষ্ঠানত উন্মোচন কৰা হ’ব ভূপেন হাজৰিকাৰ জীৱনী সম্বলিত এখন গ্ৰন্থ। ৰাজ্যৰ ২০ লাখ পৰিয়ালৰ মাজত বিতৰণ কৰা হ’ব গ্ৰন্থখন।

অনুষ্ঠানত উপস্থিত আছে ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা, তেওঁৰ পত্নী আৰু পুত্ৰ । মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যপালো উপস্থিত আছিল অনুষ্ঠানত। অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইনৰ লগতে বহু বিশিষ্ট অতিথি উপস্থিত আছিল বিশেষ অনুষ্ঠানটোত।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীয়ে কয়, “অসমত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হ’বলৈ পাই মই গৌৰৱ অনুভৱ কৰিছো।” তেওঁ  দৃঢ়তাৰে কয় যে ভাৰতৰত্ন বঁটা বিজয়ী ভূপেন হাজৰিকাৰ গীতে ভাৰতক একত্ৰিত কৰি জনসাধাৰণক শক্তি প্ৰদান কৰি আহিছে। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত ভাষণ দি মোদীয়ে কয়, “তেওঁৰ সৃষ্টিসমূহে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাক সামৰি লৈছে।”

প্ৰধানমন্ত্ৰীয়ে কয়, “ভূপেন দা শাৰীৰিকভাৱে উপস্থিত নাথাকিব পাৰে, কিন্তু তেওঁৰ কণ্ঠই মানুহক শক্তি প্ৰদান কৰে।তেওঁৰ গীতে ভাৰতক একত্ৰিত কৰে। তেওঁৰ সংগীতে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ ধাৰণাক সামৰি লৈছে। ভাৰতৰ সাংস্কৃতিক পৰম্পৰাৰ সৈতে গভীৰ ভাৱে জড়িত হৈ আছিল।”

মোদীয়ে দৃঢ়তাৰে কয়, “হাজৰিকাই হিংসাত্মক পৰিস্থিতিৰ সময়ত এক ঐক্যবদ্ধ উত্তৰ-পূবৰ কণ্ঠ আছিল।” ভূপেন হাজৰিকাৰ ভাৰতৰত্ন বঁটা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক সন্মান বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই উপলক্ষে মোদীয়ে কিংবদন্তি কণ্ঠশিল্পীগৰাকীৰ ওপৰত এখন গ্ৰন্থ আৰু ১০০ টকীয়া স্মৃতি মুদ্ৰা মুকলি কৰে।