Morning Headlines: ১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ
আজি ১০ আগষ্ট দেওবাৰ, পুৱাৰে পৰা বিভিন্ন ঘটনা-পৰিঘটনা সংঘটিত হৈছে। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

আজি ১০ আগষ্ট, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই শনিবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- গণেশগুৰিৰ Looks unisex beauty salon নামৰ স্পাখনৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ৩গৰাকী যুৱতী, দুজন যুৱক আৰু এগৰাকী মহিলাক গ্ৰেপ্তাৰ। পাৰ্লাৰখনত দেহ ব্যৱসায় চলোৱাৰ অভিযোগ।
- ১৬ আগষ্টত ঐতিহাসিক ৰংঘৰত পৰা অখিল গগৈৰ নেতৃত্ব আৰম্ভ হ’ব “জাতীয় জাগৰণ যাত্ৰা” । নাগৰিক সভাই সিদ্ধান্ত গ্ৰহণ কৰা খিলঞ্জীয়া গণ সমাবেশত পূৰ্ণ সমৰ্থন থাকিব ৰাইজৰ দলৰ। ইয়াৰ মাজতে অখিল গগৈ কয়, উজনিত সন্দেহজনক লোকে চৰকাৰী ভূমি দখল কৰিব -সেইটো কেতিয়াও সমৰ্থন নকৰো।
- বেংগালুৰুত এক অনুষ্ঠানত ভাষণ দি বায়ুসেনাৰ মুখ্য এয়াৰ মাৰ্শ্বাল এ পি সিঙে নিশ্চিত কৰে যে ভাৰতে অপাৰেশ্যন সেন্দূৰৰ সময়ত পাকিস্তানী বায়ুসেনাৰ ৫খন যুদ্ধ বিমান আৰু ১খন এ ই ডব্লিউ এণ্ড চি এছ বিমান ধ্বংস কৰে। পাকিস্তানৰ লোকচানৰ সংখ্যা সন্দৰ্ভত বায়ুসেনাৰ সৰ্বোচ্চ পদৰ তৰফৰ পৰা এইটোৱেই প্ৰথম নিশ্চিতকৰণ।
- ‘মিঞা’ সম্প্ৰদায়ৰ বিৰুদ্ধে চৰকাৰে শেহতীয়াকৈ চলোৱা অভিযান সন্দৰ্ভত মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। যদি জিলা প্ৰশাসনে নিজৰ কৰ্তব্য ফলপ্ৰসূভাৱে পালন কৰিব নোৱাৰে তেন্তে মুখ্যমন্ত্ৰীয়ে দায়িত্ব ল’ব লাগে আৰু পদত্যাগ কৰিব লাগে বুলি দাবী তোলে কংগ্ৰেছ সাংসদগৰাকীয়ে।
- ২৯ আগষ্টত অমিত শ্বাহৰ ভ্ৰমণৰ ঠিক ১০ দিনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অসম ভ্ৰমণ কৰাৰ কথা। ৰাজ্যিক বিজেপিয়ে দুয়োগৰাকী নেতাৰ ভ্ৰমণৰ সফলতা নিশ্চিত কৰাৰ বাবে কাম কৰি আছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
- এতিয়াৰে পৰা জংঘল আৰু গাঁৱতো উপলব্ধ হ’ব OYO ৰুম। জনজাতীয় মহিলাসকলক সহায় কৰাৰ বাবে ফ্ৰন্টিয়াৰ মাৰ্কেটিং ( Frontier Marketing ) আৰু ইজি মাৰ্টে (Easy Mart) স্বাক্ষৰ কৰিছে এক চুক্তিত, যাৰ অধীনত গাঁৱত নিৰ্মিত স্থানীয় সামগ্ৰীৰ বিপণন উন্নত কৰা হ’ব।
- দিল্লীৰ জয়তপুৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। মূৰৰ ওপৰতে ভাঙি পৰিল দেৱাল। ইয়াত দেৱাল ভাঙি মৃত্যু হয় ৭ জন লোকৰ । বহু লোক ধ্বংসাৱশেষত আবদ্ধ হৈ পৰাৰ আশংকা। ঘটনাস্থলীত সাহায্য আৰু উদ্ধাৰৰ কাম অব্যাহত আছে। নিহতসকলৰ ভিতৰত ৩ জন পুৰুষ, ২ গৰাকী মহিলা আৰু ২টা শিশু আছে।
- চলিত মাহৰ শেষৰ ফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ভাৰত ভ্ৰমণৰ কথা। ইয়াৰ পূৰ্বে শুকুৰবাৰে পুটিনৰ সৈতে ফোনযোগে কথা পাতে প্ৰধানমন্ত্ৰী মোদীয়ে।
- সমাগত স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তুলিছে। প্ৰশাসনৰ এনে সক্ৰিয়তাৰ মাজতে শুকুৰবাৰে নিশা অসম আৰক্ষীৰ জালত পৰিছে এক ভুৱা আলফা।