শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তিৰ পৰা পুটিনলৈ, পুৱাৰ খবৰ…

Morning News: বৰ্তমান ভাৰতত আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। কালি বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে তেওঁ মোদীয়ে আদৰণি জনাই আৰু পাছত বৈঠকত মিলিত হয়। আজিও বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা।

তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তিৰ পৰা পুটিনলৈ, পুৱাৰ খবৰ…
পুৱাৰ খবৰ
barasha-sarma
Barasha Sarma | Published: 05 Dec 2025 07:39 AM

আজি ৫ ডিচেম্বৰ, শুকুৰবাৰ। প্ৰতিদিনৰ দৰে আজিও ৰাজ্য, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ধৰণৰ খবৰ পোহৰলৈ আহিছে। আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-

  1. প্ৰায় ৭৫ দিন ধৰি চলা ধাৰাবাহিক আন্দোলনৰ পাছত তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তি। তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যৰ। অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য।
  2. জুবিন গাৰ্গৰ হত্যাৰ ছাৰ্জশ্বীট সন্দৰ্ভত বিশেষ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় য, ১০ ডিচেম্বৰৰ পূৰ্বে হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল কৰিব বিশেষ তদন্তকাৰী দলে। অহা সপ্তাহত SITয়ে সংবাদমেলত চূড়ান্ত কৰিব তাৰিখ। ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।
  3. ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। আজি ভাৰতত তেওঁৰ দ্বিতীয় দিন। এই সময়চোৱাত পুটিনে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব পাৰে। ইয়াৰোপৰি ভাৰত-ৰাছিয়াৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে।
  4. পুটিনক গীতা উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰথমে মোদীয়ে প্ৰটকল ভংগ কৰি পুটিনক আদৰণি জনাই আৰু পাছত বৈঠকত মিলিত হয়। এই সময়চোৱাত পুটিনক মোদীয়ে ৰাছিয়ান ভাষাত লিখা গীতা উপহাৰ দিয়ে।
  5. যোৱা ২ দিনত ইণ্ডিগই ২০০ৰো অধিক বিমান বাতিল কৰিছে আৰু যোৱা ৩০ দিনত ১৪০০ৰো অধিক বিমান বাতিল হৈছে। এই সন্দৰ্ভত ক্ষমা খুজি ইণ্ডিগ কৰ্তৃপক্ষই কয় যে,কাৰিকৰী ত্ৰুটি,বেয়া বতৰ,সময়সূচী সলনি,বৃদ্ধি পোৱা বিমান যাতায়ত আৰু নতুন এফডিটিএল আদিৰ বাবে এনে হৈছে।
  6. ফিচ ৰেটিঙে ২০২৬ বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ জিডিপি বৃদ্ধিৰ পূৰ্বাভাস ৬.৯%ৰ পৰা ৭.৪%লৈ বৃদ্ধি কৰিছে। ইয়াৰ কাৰণ হৈছে শক্তিশালী ব্যয় আৰু জি এছ টি সংস্কাৰৰ ইতিবাচক প্ৰভাৱ।
  7. গাজাত হামাছ বিৰোধী গোটৰ নেতা ইয়াছেৰ আবু ছাবাবক হত্যা। গাজাত ইজৰাইল সমৰ্থিত মিলিচীয়াৰ নেতা আৰু পপুলাৰ ফোৰ্চেচ নামৰ এটা গ্ৰুপৰ তেওঁ সদস্য আছিল। ইজৰাইলৰ সমৰ্থনত তেওঁ গাজাৰ বিৰুদ্ধে কাম কৰিছিল।

 

অন্য খবৰ পঢ়কঃ প্ৰথমে প্ৰট’কল ভংগ! পাছত পুটিনক এক বিশেষ উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে…