Morning News:ৰাজ্যবাসীৰ বাবে ভাল খবৰৰ পৰা বাংলাদেশত পুনৰ হিন্দুৰ সৈতে ভয়ংকৰ কাণ্ডলৈ, পুৱাৰ খবৰ…
Morning News: আজি বছৰৰ দ্বিতীয় দিন। এই দিনটোত ৰাজ্যৰ পৰা বিশ্বলৈ বিভিন্ন ঘটনা সংঘটিত হৈছে। বাংলাদেশত পুনৰ হিন্দুৰ সৈতে সংঘটিত হৈছে বৰ্বৰ কাণ্ড। এজন লোকক প্ৰহাৰ কৰি জ্বলাই দিয়া চেষ্টা কৰে একাংশই।
পুৱাৰ খবৰ
আজি ২জানুৱাৰী, ২০২৬। প্ৰতিদিনৰ দৰে আজি পুৱাও আছে আপোনাৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিদিনে আমাৰ চাৰিওফালে বহু খবৰ ঘূৰি থাকে। কিন্তু প্ৰতিটো দিশৰ খবৰ ৰখা সম্ভৱ নহয়। গতিকে এই লেখাটোত ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ উল্লেখ কৰা হ’ল-
- ১ জানুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীয় দিয়ে ভাল খবৰ। ২০ ফেব্ৰুৱাৰীত ৰাজ্যত অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ৮,০০০কৈ টকা, ইয়াৰ বিপৰীতে ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব বাবু আঁচনি। যাৰ অধীনত ছাত্ৰসকলে মাহিলী আৰ্থিক সাহাৰ্য লাভ কৰিব।
- ১ জানুৱাৰীত ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। য’ত শিক্ষাৰ সম্প্ৰসাৰণ আৰু স্বাস্থ্য সেৱাৰ বাবে ডাঙৰ ঘোষণা কৰে। ১০০ খন বিদ্যালয় নিৰ্মাণৰ বাবে ৪৫৫ কোটি টকাৰ অনুমোদন। লগতে এম এম চি এইচ আৰু কালাপাহাৰ চৌহদক সামৰি চিকিৎসা মহাবিদ্যালয় নিৰ্মাণত সংশোধিত প্ৰশাসনিক অনুমোদন।
- নৱবৰ্ষৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰীয়ে নতুন দিনৰ আলাপ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। য’ত তেওঁ কয় যে, ৰাজ্যত অৰ্থনীতিৰ হাৰ ৪৫ শতাংশ বৃদ্ধি পাইছে আৰু বিগত ৫ বছৰত ৰাজ্যত ৰাজহ ৫৩ শতাংশ হৈছে। লগতে নতুন আইন ৰূপায়ণৰ ক্ষেত্ৰত অসম প্ৰথম বুলি কয় শৰ্মাই। ইয়াৰোপৰি আৰু বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে।
- কেন্দ্ৰ চৰকাৰে গুৱাহাটী-কলকাতা পথত দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জনাই যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ট্ৰেইনৰ ফ্লেগ অফ কৰিব। ১৬খন ডবাযুক্ত সম্পূৰ্ণ এচি ৰে’লখনে ৮২৩ জন যাত্ৰী কঢ়িয়াই নিব পাৰিব।
- সমগ্ৰ দেশত এতিয়া শীতৰ প্ৰকোপ। ইয়াৰ মাজতে ৰাজধানী দিল্লীত ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে। আগন্তুক সময়ত দিল্লীত তাপমাত্ৰা হ্ৰাস পাব। ঠাণ্ডা বতাহৰ ফলত তাপমাত্ৰ ৪.৫ ৰ পৰা ৬.৫ ডিগ্ৰী ছেলচিয়াছৰ ভিতৰত হ’ব। ইফালে বায়ু প্ৰদূষণে দিল্লীত জনতাৰ বাবে ক্ষতিকাৰক হৈ পৰিছে।
- বছৰৰ প্ৰথম দিনটোতে বৈভৱ সূৰ্যবংশীৰ বাবে ভাল খবৰ। দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সময়ত তেওঁ ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলৰ অধিনায়কত্ব কৰিব। তিনিখন খেলৰ এদিনীয়া শৃংখলাত বৈভৱ অধিনায়ক হ’ব। প্ৰথমবাৰৰ বাবে অধিনায়ক হ’ব বৈভৱ সূৰ্যবংশী।
- বাংলাদেশত পুনৰ হিন্দুৰ ওপৰত অত্যাচাৰ। শ্বৰীয়তপুৰৰ টিলয় অঞ্চলত একাংশই খোকান দাস নামৰ এজন লোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি জ্বলাই দিয়াৰ চেষ্টা কৰে। এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বে দেশখনত কেইবাজনো হিন্দুক হত্যা কৰা হৈছে।
অন্য় খবৰ পঢ়কঃ Assam Cabinet: বছৰৰ পহিলা দিনটোত অসম কেবিনেটে কি কি সিদ্ধান্ত ল’লে? জানক…