শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: GMCH কাণ্ডৰ শাস্তিমূলক ব্যৱস্থাৰ পৰা ষ্টাৰ্কৰ অৱসৰলৈ, চাওক পুৱাৰ কেইটামান মুখ্য খবৰ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কিছুদিন পূৰ্বে সংঘটিত হোৱা নৱজাতকৰ মৃত্যুৰ ঘটনাই জোকাৰিছিল সমগ্ৰ ৰাজ্য। এই ঘটনা সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষই এতিয়া গ্ৰহণ কৰিছে শাস্তিমূলক ব্যৱস্থা।

Morning News: GMCH কাণ্ডৰ শাস্তিমূলক ব্যৱস্থাৰ পৰা ষ্টাৰ্কৰ অৱসৰলৈ, চাওক পুৱাৰ কেইটামান মুখ্য খবৰ
পুৱাৰ মুখ্য খবৰ
monjit-dutta
Monjit Dutta | Updated On: 02 Sep 2025 08:34 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কিছুদিন পূৰ্বে সংঘটিত হোৱা নৱজাতকৰ মৃত্যুৰ ঘটনাই জোকাৰিছিল সমগ্ৰ ৰাজ্য। এই ঘটনা সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষই এতিয়া গ্ৰহণ কৰিছে শাস্তিমূলক ব্যৱস্থা। ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা চিকিৎসকদ্বয় ডাঃ হৃষিকেশ ঠাকুৰীয়া আৰু ডাঃ পূজাক ৬ মাহৰ বাবে চিকিৎসালয়খনৰ পৰা বহিষ্কাৰ কৰা হৈছে। লগতে সহযোগী অধ্যাপক ডাঃ অনুপমা ডেকা, ডাঃ দীপাংকৰ হাজৰিকা, নাৰ্ছ ইনচাৰ্জ গোমতি দেৱী, ষ্টাফ নাৰ্ছ চন্দনা নাথ আৰু আই চি ইউ টেকনিচিয়ান ঈশানজ্যোতি তালুকদাৰক নিলম্বন কৰা হৈছে।
  2. গোৱালপাৰাত সংঘটিত হৈছে এক এনকাউণ্টাৰৰ ঘটনা। জিলাখনৰ মাটিয়াত এক দুৰ্ধৰ্ষ ডকাইতক লক্ষ্য কৰি আৰক্ষীয়ে চলালে গুলী। অভিযুক্ত ডকাইতৰ নাম ৰাজিবুল আলী বুলি জানিব পৰা গৈছে। আৰক্ষীৰ গুলীচালনাত ৰাজিবুলৰ দুইটা ভৰিত গুলী লগা বুলি খবৰ পোহৰলৈ আহিছে।
  3. বড়োভূমিত এতিয়া নিৰ্বাচনৰ বতাহ। ইতিমধ্যে বিটিচি নিৰ্বাচনৰ বাবে আটাইকেইটা ৰাজনৈতিক দলেই প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। আজি বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিমটো দিন। নিৰ্বাচনৰ বাবে প্ৰক্ষেপিত প্ৰাৰ্থীৰ মনোনয়ন ৪ ছেপ্টেম্বৰত পৰীক্ষা কৰা হ’ব। আনহাতে ৬ ছেপ্টেম্বৰ প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিমটো দিন। উল্লেখ্য যে অহা ২২ ছেপ্টেম্বৰত বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
  4. চীনৰ টিয়ানজিনত SCO সন্মিলনত অংশ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সন্মিলনৰ পিছতে ভাৰত সন্দৰ্ভত পুনৰ এবাৰ সৰৱ হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। তেওঁৰ দাবী, ভাৰতে আন দেশতকৈ আমেৰিকাৰ পৰা অধিক শুল্ক আদায় কৰি আহিছে। এতিয়া আমেৰিকাই শুল্ক বৃদ্ধি কৰাৰ পিছত ভাৰতে শুল্ক হ্ৰাসৰ প্ৰস্তাৱ দিছে যদিও ইতিমধ্যে বহু পলম হৈছে বুলি মন্তব্য কৰে ট্ৰাম্পে।
  5. আফগানিস্তানত সংঘটিত ভয়াৱহ ভূমিকম্পৰ ঘটনাই দেশখনত সৃষ্টি কৰিলে মহাপ্ৰলয়ৰ। এই ঘটনাত এইপৰ্যন্ত প্ৰায় ৮০০ লোকে প্ৰাণ হেৰুওৱাৰ লগতে দুই সহস্ৰাধিক লোক আহত হৈছে। ইফালে ধ্বংসস্তুপত পৰিণত হৈছে বহু অট্টালিকা। এই ভয়াৱহ দুৰ্যোগৰ পিছতে আফগানিস্তানৰ শাসকীয় তালিবান চৰকাৰে এনে পৰিস্থিতিৰ সৈতে মোকাবিলাৰ বাবে বিশ্ব নেতৃত্বৰ পৰা সহায় আহ্বান কৰিছে।
  6. মৌলানা আৰ্ছাদ মাদানীৰ নেতৃত্বত জমিয়ত উলেমা-ই-হিন্দৰ এটা প্ৰতিনিধি দলে সম্প্ৰতি অসম ভ্ৰমণ কৰিছে। উচ্ছেদ সন্দৰ্ভত পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে অসমত উপস্থিত হোৱা জমিয়তৰ দলটোৱে ৰাজ্য চৰকাৰে উচ্ছেদৰ জৰিয়তে মুছলমানক লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰিছে। জমিয়তে লগতে ৰাজ্য চৰকাৰৰ এই বিষয়ত উচ্চতম ন্যায়ালয়ক হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে। ইফালে জমিয়তৰ এই ভ্ৰমণৰ ওপৰত অসম আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  7. আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে অষ্ট্ৰেলিয়াৰ প্ৰসিদ্ধ তাৰকা মিচেল ষ্টাৰ্কে। তাৰকা পেচাৰগৰাকীয়ে নিজা সামাজিক মাধ্যম একাউণ্ট যোগে অৱসৰৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে। উল্লেখ্য যে নিজ টি-২০ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ষ্টাৰ্কে মুঠ ৬৫ খন মেচত অংশ লৈ ৭৯টা উইকেট দখল কৰিছিল।