শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ মুখ্যমন্ত্ৰী পত্নীৰঃ কি এই গোচৰৰ আঁৰৰ কাৰণ!

মুখ্যমন্ত্ৰী পত্নীৰ বিপক্ষে ধৰ্মীয় স্থানত পুঁজি সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰি এই গোচৰৰ সন্মুখীন হৈছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে উত্থাপন কৰা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰি তেওঁৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছে ৰিণিকী ভূঞা শৰ্মাই।

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ মুখ্যমন্ত্ৰী পত্নীৰঃ কি এই গোচৰৰ আঁৰৰ কাৰণ!
মীৰা বৰঠাকুৰৰ বিৰুদ্ধে ৰিণিকী ভূঞা শৰ্মাৰ গোচৰImage Credit source: Social Media
monjit-dutta
Monjit Dutta | Updated On: 26 Jun 2025 19:24 PM

কংগ্ৰেছ নেত্ৰী তথা অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে ৰাজ্যৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তথা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ৰিণিকী ভূঞা শৰ্মাই। মুখ্যমন্ত্ৰী পত্নীৰ বিপক্ষে ধৰ্মীয় স্থানত পুঁজি সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰি এই গোচৰৰ সন্মুখীন হৈছে কংগ্ৰেছ নেত্ৰীগৰাকী। মীৰা বৰঠাকুৰে উত্থাপন কৰা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰি তেওঁৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছে ৰিণিকী ভূঞা শৰ্মাই।

উল্লেখ্য যে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে ৰিনিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে নগাঁৱৰ মহামৃত্যুঞ্জয় ধাম আৰু গুৱাহাটীৰ মা কামাখ্যা মন্দিৰত ভক্তৰ পৰা অনুদান সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগৰ পিছতে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ মন্ত্ৰী তথা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ৰিনিকী ভূঞা শৰ্মাই।

মীৰা বৰঠাকুৰ গোস্বামীৰ এই অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰিণিকী ভূঞা শৰ্মাই উত্থাপিত অভিযোগ সম্পূৰ্ণ মিছা, ভিত্তিহীন আৰু মানহানিকাৰক বুলি দাবী কৰে অভিহিত কৰে। তেওঁ লগতে এনে ভিত্তিহীন অভিযোগৰ প্ৰত্যুত্তৰত নিজা সুনাম ৰক্ষাৰ বাবে আইনী পদক্ষেপ গ্ৰহণ কৰিছে বুলিও স্পষ্ট কৰি দিয়ে।

এই সন্দৰ্ভত ৰিণিকী ভূঞা শৰ্মাই ঔল্লেখ কৰা মতে ইতিমধ্যে তেওঁৰ মীৰা বৰঠাকুৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। নিজ দাবী শুদ্ধ প্ৰমাণিত কৰিবলৈ অহা ১৮ জুলাইত কংগ্ৰেছ নেত্ৰীগৰাকী আদালতত হাজিৰ হ’ব লাগিব বুলিও মুখ্যমন্ত্ৰীৰ পত্নীয়ে লগতে জানিবলৈ দিয়ে আৰু ন্যায় লাভৰ বাবে শেষলৈকে যুঁজ দিয়া হ’ব বুলিও মন্তব্য কৰে।

লক্ষণীয়ভাৱে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে বিগত কিছুদিনত শাসকীয় বিজেপি চৰকাৰ তথা দলৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। ইতিপূৰ্বেও তেওঁ যোৱা মে’ মাহত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।

মহানগৰীত সৃষ্টি হোৱা কৃত্ৰিম বানৰ বয়াৱহ পৰিস্থিতিৰ সময়তে তেওঁ জয়ন্তমল্ল বৰুৱাই বোন্দাজান জলাশয় বেদখল কৰি প্ৰয়াত পিতৃৰ স্মৃতিত ২৫৪ মিটাৰ পথ নিৰ্মাণৰ অভিযোগ উত্থাপন কৰিছিল আৰু এই নিৰ্মাণৰ নামত ৩ কোটি টকা ৰাজহুৱা ধন ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছিল। এই অভিযোগে সেই সময়ত ব্যাপক চৰ্চা লাভ কৰিছিল।

এতিয়া মুখ্যমন্ত্ৰী পত্নী ৰিণিকী ভূঞাৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈও দেখা গৈছিল যথেষ্ট চৰ্চা। কংগ্ৰেছ নেত্ৰীগৰাকীৰ এই অভিযোগৰ প্ৰত্যুত্তৰত এতিয়া মুখ্যমন্ত্ৰীৰ পত্নী আদালতৰ কাষ চপাৰ পিছত এই ক্ষেত্ৰত পৰৱৰ্তী পৰিস্থিতি কি হয়, লক্ষণীয় হ’ব।