শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Morning News: জুবিন গাৰ্গ গোচৰৰ বাবে লোক অধিবক্তাৰ দল গঠনৰ পৰা WPLলৈ, থোৰতে চাওক পুৱাৰ মুখ্য খবৰসমূহ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত অসম চৰকাৰৰ হৈ আদালতত যুক্তি প্ৰদৰ্শনৰ বাবে গঠন কৰা হৈছে বিশেষ লোক অধিবক্তাৰ এটা দল। পাঁচজনীয়া এই বিশেষ দলটোত শুকুৰবাৰে অনুমোদন জনায় অসম কেবিনেটে।

Morning News: জুবিন গাৰ্গ গোচৰৰ বাবে লোক অধিবক্তাৰ দল গঠনৰ পৰা WPLলৈ, থোৰতে চাওক পুৱাৰ মুখ্য খবৰসমূহ
পুৱাৰ মুখ্য খবৰ
Monjit Dutta
Monjit Dutta | Updated On: 10 Jan 2026 08:35 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত অসম চৰকাৰৰ হৈ আদালতত যুক্তি প্ৰদৰ্শনৰ বাবে গঠন কৰা হৈছে বিশেষ লোক অধিবক্তাৰ এটা দল। পাঁচজনীয়া এই বিশেষ দলটোত শুকুৰবাৰে অনুমোদন জনায় অসম কেবিনেটে।
  2. প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ লগতে তেওঁৰ সৃষ্টি ৰাজি সংৰক্ষণৰ বাবে ইতিমধ্যে গঠন কৰা হৈছিল জুবিন গাৰ্গ ন্যাস। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই জুবিন গাৰ্গ ন্যাসলৈ ৫ কোটি টকাৰ বৰঙণি আগবঢ়োৱা হ’ব।
  3. চাপৰত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ। চাপৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চাপৰ ধীৰঘাটত এখন আল্ট্ৰা বাছত অভিযান চলাই বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰখিনি জব্দ কৰাৰ লগতে আটক কৰে ৩ গৰাকী যুৱকক। ব্ৰাউন চুগাৰখিনিৰ বজাৰ মূল্য প্ৰায় ৫ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে।
  4. গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ সৰৱ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জানুৱাৰী মাহতেই কংগ্রেছ সাংসদগৰাকীৰ পাকিস্তান ভ্ৰমণৰ সৈতে জড়িত বিষয়টিৰ এছ আই টিৰ তদন্তৰ সকলো সবিশেষ প্ৰকাশ কৰা হ’ব বুলি সংবাদমেলত উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে।
  5. অসম জাতীয় পৰিষদত চামিল হ’ল ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা নেতৃত্বাধীন জাতীয় দল, অসম। শুকুৰবাৰে দিছপুৰৰ গড়কাপ্তানি বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক বৈঠকত অজিত ভূঞাৰ দল আনুষ্ঠানিকভাৱে অজাপৰ সৈতে চামিল হয়।
  6. পৰম্পৰা অনুসৰিয়েই এইবাৰো ১ ফেব্ৰুৱাৰীত দাখিল কৰা হ’ব কেন্দ্ৰীয় বাজেট। অহা ১ ফেব্ৰুৱাৰী দিনটো দেওবাৰ হোৱাৰ বাবে এই লৈ চৰ্চা চলিছিল যদিও পূৰ্বৰ দৰেই এই দিনটোত বাজেট দাখিল কৰা হ’ব বুলি নিশ্চিত কৰা হৈছে। ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন।
  7. শুকুৰবাৰে হিমাচল প্ৰদেশৰ ছিৰমৌৰ জিলাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এখন যাত্ৰীবাহী বাছ কুঁৱলীৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰাৰ ফলত সংঘটিত হোৱা এই দুৰ্ঘটনাত ১৪ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়।
  8. কালিৰ পৰা আৰম্ভ হৈছে ৱ’মেন প্ৰিমিয়াৰ লীগ ২০২৬। প্ৰতিযোগিতাৰ প্ৰথমখন মেচত কালি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক ৩ উইকেটত পৰাস্ত কৰে।