ৰাজ্যত বিগত ৮ বছৰত ১৮ হাজাৰতকৈ অধিক যৌন নিৰ্যাতনৰ ঘটনা! বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ আপ
আজি এক সংবাদমেল যোগে আপ অসমে চৰকাৰী তথ্য দাঙি ধৰি অসমত বিজেপি চৰকাৰৰ বিগত ৮ বছৰৰ কাৰ্যকালত মুঠ ১৮,২৬২ টা বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে বুলি অভিযোগ কৰে। ৰাজ্যত ধাৰাবাহিকভাৱে মহিলাৰ বিৰুদ্ধে অপৰাধ, অত্যাচাৰ, বলাৎকাৰ আদিৰ ঘটনাই চৰম পৰ্যায় পাইছে বুলি আপে লগতে দাবী কৰিছে।
নগাঁৱৰ ধিঙত সংঘটিত দলবদ্ধ ধৰ্ষণ কাণ্ডক কেন্দ্ৰ কৰি শেহতীয়া কিছুদিন ধৰি সমগ্ৰ ৰাজ্যতে এক প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই ঘটনাৰ ভুক্তভোগীৰ ন্যায়ৰ লগতে দোষীৰ কঠোৰ শাস্তিৰ দাবীৰে ব্যাপক প্ৰতিবাদ গঢ়ি উঠিছে। ইতিমধ্যে এই ঘটনাৰ এগৰাকী অভিযুক্তৰ আৰক্ষীৰ জিম্মাত মৃত্যু ঘটিছে। ধিং কাণ্ডক লৈ ৰাজ্যত চলি থকা এনে পৰিস্থিতিৰ মাজতে আজি আম আদমী পাৰ্টিৰ অসম শাখাই ৰাজ্যৰ শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে নাৰী সুৰক্ষাৰ বিষয়ত সমালোচনাত মুখৰ হৈ পৰিছে। এক সংবাদ মেল যোগে আপে শাসকীয় বিজেপি চৰকাৰ ৰাজ্যত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে।
মহানগৰীৰ গণেশগুৰিস্থিত আপ অসমৰ ৰাজ্যিক কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি দলটোৰ নেত্ৰী অনুৰূপা ডেকাৰজাই কয় যে বিগত কেইবামাহ ধৰি অসমত সঘনে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। ধিঙত দলবদ্ধ বলাৎকাৰৰ বলি হোৱা ১৪ বছৰীয়া স্কুলীয়া কিশোৰীগৰাকীক ন্যায় প্ৰদানত চৰকাৰ বা প্ৰশাসন ব্যৰ্থ হৈছে বুলি অভিযোগ কৰে আপ নেত্ৰীগৰাকীয়ে। ৰাজ্যত ধাৰাবাহিকভাৱে মহিলাৰ বিৰুদ্ধে অপৰাধ, অত্যাচাৰ, বলাৎকাৰ আদিৰ ঘটনাই চৰম পৰ্যায় পাইছে বুলি তেওঁ লগতে দাবী কৰে।
সংবাদমেলত আপ নেত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অলপতে অসমত পূৰ্বতকৈ ধৰ্ষণ বা বলাৎকাৰৰ ঘটনা পূৰ্বতকৈ হ্ৰাস পাইছে বুলি দাবী কৰিছে। অথচ চৰকাৰী তথ্য মতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰে শাসনভাৰ লোৱাৰ পাছত ২০২১ বৰ্ষত ১,৭৩৩ টা বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে বুলি তেওঁ তথ্য দাঙি ধৰে। ২০২২ বৰ্ষত ১,১১৩ টা, ২০২৩ বৰ্ষত ৯৮৯ টা ধৰ্ষণৰ গোচৰ পঞ্জীয়নভূক্ত হৈছিল বুলি সংবাদমেলত চৰকাৰী তথ্য দাঙি ধৰে ডেকাৰজাই।
আনহাতে চলিত বৰ্ষত, অৰ্থাৎ ২০২৪ চনৰ জুলাই মাহলৈকে ৫৮০ টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছে বুলিও উল্লেখ কৰে আপ নেত্ৰীগৰাকীয়ে। তেওঁ কয়, “কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই ব্যক্ত কৰিছে যে বিগত লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছৰ পৰা ধিং কাণ্ডলৈকে ২৩ টা বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে।” এনে অৱস্থাত ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী আৰু তেওঁৰ আৰক্ষী বিভাগৰ ব্যৰ্থতা স্পষ্ট হৈছে বুলি অনুৰূপা ডেকাৰজাই মন্তব্য কৰে।
“মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ গৃহ বিভাগ তথা প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ এনেধৰণৰ ঘটনা বৃদ্ধি পাইছে। পূৰ্বে সংঘটিত ধৰ্ষণ, নিৰ্যাতনৰ বিৰুদ্ধে প্ৰশাসনে ক্ষিপ্ৰতাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই এনেধৰণৰ অবাঞ্চিত ঘটনাবোৰ ব্যাপক হাৰত বৃদ্ধি পাইছে।”- এই অভিযোগ আপ নেত্ৰীগৰাকীৰ। ইফালে চৰকাৰী তথ্য অনুসৰি অসমত বিজেপি চৰকাৰৰ দিনত বিগত আঠ বছৰত মুঠ ১৮,২৬২ টা বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে বুলিও তেওঁ উল্লেখ কৰে।
সংবাদমেলত তেওঁৰ দাবী, এই নাৰীজনিত অপৰাধৰ ঘটনাসমূহৰ ভিতৰত ১৩,৮২২ টা ধৰ্ষণৰ ঘটনা পূৰ্বৰ সোণোৱাল চৰকাৰৰ দিনত হোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত সংঘটিত হৈছে ৪,৪৪০ টা ধৰ্ষণৰ ঘটনা। আম আদমী পাৰ্টিয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত এনে জঘন্য অপৰাধত লিপ্ত সকলৰ কঠোৰতম শাস্তি দাবী কৰাৰ সমান্তৰালকৈ বলাৎকাৰৰ ঘটনাক লৈ হিন্দু-মুছলমান ৰাজনীতি অথবা ধৰ্মীয় মেৰুকৰণৰ অপচেষ্টাৰ বিৰোধিতা কৰা বুলিও ডেকাৰজাই উল্লেখ কৰে।
বলাৎকাৰীৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰশাসন কঠোৰ নোহোৱাৰ বাবেই বাৰম্বাৰ এনে ঘটনা সংঘটিত হ’বলৈ পাইছে বুলি অভিযোগ কৰি আপ নেত্ৰীগৰাকীয়ে লগতে বলাৎকাৰৰ বিৰুদ্ধে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেটী বাচাওঁ, বেটী পঢ়াওঁ শ্লোগান দিছে সেই সময়তে অসমত বলাৎকাৰৰ বলি হোৱা মহিলা বা যুৱতী সকলে ন্যায় লাভৰ পৰাও বঞ্চিত হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে আপ নেত্ৰীগৰাকীয়ে।