একেদিনাই গুৱাহাটীত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা জয়ন্ত মল্ল বৰুৱাৰ
মহানগৰীৰ পাঁচটাকৈ স্থানত একেদিনাই আধাৰশিলা স্থাপনকে ধৰি কেইবাটাও প্ৰকল্প শুভ উদ্ধোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে। ৫ টাকৈ প্ৰকল্পত ব্যয় প্ৰায় ৪০ কোটি টকা।
গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিকাশৰ এদিন। একেদিনাই গুৱাহাটী পৌৰ নিগম আৰু GUCL ৰ অধীনত মন্ত্ৰী জয়ন্ত মল্লই আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰে কেইবাটাও নতুন প্ৰকল্পৰ। মহানগৰীৰ পাঁচটাকৈ স্থানত একেদিনাই আধাৰশিলা স্থাপনকে ধৰি কেইবাটাও প্ৰকল্প শুভ উদ্ধোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে। ৫ টাকৈ প্ৰকল্পত ব্যয় প্ৰায় ৪০ কোটি টকা।
আজিৰ দিনটোত কি কি কৰিলে ?
এই দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ছয়মাইলৰ পৰা পাথৰকোৱাৰীলৈ ভি.আই.পি. পথৰ সৌন্দর্যবর্ধন, পথচাৰী পৰিকাঠামো উন্নয়ন আৰু সুৰক্ষা বৃদ্ধি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ASEB পথ, ৰূপনগৰ পথ, কালী মন্দিৰ পথ আৰু আৰ.কে. মিছন পথৰ সৌন্দৰ্যবৰ্ধন, পথচাৰী পৰিকাঠামো উন্নয়ন আৰু সুৰক্ষা বৃদ্ধি প্ৰকল্পৰো আধাৰশিলা স্থাপন মন্ত্ৰীগৰাকীয়ে।
একেদৰে পল্টন বজাৰস্থিত Off Street পার্কিঙৰ উন্নয়ন আৰু Street Re-design প্ৰকল্পৰ আধাৰশিলা স্থাপন, পল্টন বজাৰস্থিত শ্রীশ্রীমহামায়া থানৰ সভাঘৰৰ শুভ উদ্বোধন আৰু পল্টন বজাৰস্থিত পল্টন বজাৰ বিষ্ণু-জ্যোতি সংঘৰ MAE কমিউনিটি হলৰ বর্ধিত অংশৰ নির্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰগৰাকীয়ে। এই কাৰ্যসূচীসমূহত উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু বিভাগীয় বিষয়াসকল।
বিৰোধীক সমালোচনা জয়ন্ত মল্লবৰুৱাৰ
ইফালে, এই কাৰ্যসূচীৰ মাজতে মন্ত্ৰী জয়ন্তই বিৰোধীক সমালোচনাৰ লক্ষ্য কৰি হয়। তেওঁ কয় যে, ২৬ত বিকাশৰ মূলমন্ত্ৰৰে নিৰ্বাচন খেলিব বিজেপিয়ে। কিন্তু ইয়াৰ বিপৰীতে বিৰোধীৰ নিৰ্বাচনৰ মূলমন্ত্ৰ হ’ল কেৱল বিজেপিক সমালোচনা। লগতে গৌৰৱ গগৈ, অখিল , লুৰিন আৰু আজমল মাজত আছে যথেষ্ট মিল আছে বুলি এক বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে জয়ন্ত মল্লবৰুৱাই।
তেওঁ কয়,”অচিনাকী লোকক লগত লৈ ২৬ ত চৰকাৰ কৰাৰ সপোন দেখিছে গৌৰৱ গগৈয়ে। মানুহক দেখুৱাবলৈ বিজেপিৰ বিৰুদ্ধে তেওঁলোকে নাটক কৰে।” অখিল গগৈৰ বিশ্বাস যোগ্যতাক লৈ মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। তেওঁ কয় যে, অখিল গগৈৰ এইবাৰ শিৱসাগৰত জয়ৰ নিচেই সম্ভাৱনা নাই ,অখিলক ধুবুৰীৰ পৰা নিৰ্বাচন খেলাৰ পৰামৰ্শ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ।