শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সফলতাৰে সম্পন্ন দেশভক্তি কুইজঃ অংশ ল’লে ৩০০ৰো অধিক দলে
দেশভক্ত তৰুণ ৰাম ফুকুনৰ স্মৃতিত পঞ্চম সংখ্যক দেশভক্তি দিৱস উদযাপনৰ লগত সংগতি ৰাখি আজি অসমৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত এক বৃহৎ কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কেৱল অসমৰ পৰাই নহয়, সমগ্ৰ ভাৰতৰ আন কেইবাখনো ৰাজ্যৰ পৰাও বহু কুইজাৰে অংশগ্ৰহণ কৰে।

দেশভক্ত তৰুণ ৰাম ফুকুনৰ স্মৃতিত পঞ্চম সংখ্যক দেশভক্তি দিৱস উদযাপনৰ লগত সংগতি ৰাখি আজি অসমৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত এক বৃহৎ কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কেৱল অসমৰ পৰাই নহয়, সমগ্ৰ ভাৰতৰ আন কেইবাখনো ৰাজ্যৰ পৰাও বহু কুইজাৰে অংশগ্ৰহণ কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্ৰতিযোগিতাত পঞ্জীয়নভুক্ত ৬৫০ টা দলৰ ভিতৰত মুঠ ৩৪৮ টা দলে অংশগ্ৰহণ কৰে। প্ৰখ্যাত কুইজমাষ্টাৰ অচিন্ত শৰ্মাই এই প্ৰতিযোগিতাখন পৰিচালনা কৰে। এই প্ৰতিযোগিতাখন দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল- এটা প্ৰাৰম্ভিক ৰাউণ্ড আৰু এটা চূড়ান্ত ৰাউণ্ড।
প্ৰাৰম্ভিক ৰাউণ্ডত ৩২টা প্ৰশ্নৰে গঠিত লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল। এই ৰাউণ্ডত ৩৪৮টা দলেই অংশগ্ৰহণ কৰিছিল। এই ৰাউণ্ডৰ পৰা ছটা দল চূড়ান্ত ৰাউণ্ডৰ বাবে চৰ্টলিষ্ট কৰা হৈছিল। সায়ন মজুমদাৰ, বিশ্বায়ন ভট্টাচাৰ্জ আৰু দিপাংকৰ কৌশিকক লৈ গঠিত দল দ্য থ্ৰী বডী প্ৰব্লেম দলে প্ৰথম স্থান লাভ কৰে। একেদৰে সৌৰভ কুমাৰ তালুকদাৰ, সোণমণি দাস আৰু বিজিত দাসক লৈ গঠিত চাৰে জঁহা ছে অচ্ছা দলে দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে জিতাদিত্য নাৰ্জাৰী, নয়নজ্যোতি মেধি আৰু মিট চৌধুৰীক লৈ গঠিত গদৰ পাৰ্টিয়ে তৃতীয় স্থান লাভ কৰে।
কাইলৈ ৰাজ্যিক পৰ্যায়ৰ দেশভক্তি দিৱস উদযাপনৰ সময়ত কুইজ প্ৰতিযোগিতাখনৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হ’ব। প্ৰথম পুৰস্কাৰ ১ লাখ, ২য় ৭৫ হাজাৰ আৰু ৩য় পুৰস্কাৰ ৫০ হাজাৰ টকা লাভ কৰিব। তদুপৰি মূল ৰাউণ্ডলৈ উন্নীত হোৱা আন তিনিটা দলকো পুৰস্কাৰ প্ৰদান কৰা হ’ব। এই প্ৰতিযোগিতাৰ এটা উল্লেখযোগ্য আৰু প্ৰেৰণাদায়ক দিশ আছিল একেটা দলৰ ভিতৰতে তিনিটা প্ৰজন্মৰ সদস্যৰ অংশগ্ৰহণ।
অনুষ্ঠানৰ আৰম্ভণিতে তথ্য, জনসংযোগ, ছপা আৰু ষ্টেচনাৰী বিভাগৰ আয়ুক্ত আৰু সচিব কুমাৰ পদ্মপানী বৰাই মহান দেশপ্ৰেমিক তৰুণ ৰাম ফুকুনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কুইজ প্ৰতিযোগিতাৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই শোভা বঢ়ায়। এনে এক বৃহৎ অনুষ্ঠান আয়োজন কৰাৰ বাবে তেওঁ সঞ্চালকালয়ৰ বিষয়া-কৰ্মচাৰীৰ প্ৰচেষ্টাক শলাগ লয়।
মন্ত্ৰী পীযুষ হাজৰিকাই সকলো অংশগ্ৰহণকাৰীক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে তিনিটা প্ৰজন্মৰ প্ৰতিযোগীৰ অংশগ্ৰহণক প্ৰশংসা কৰি সঁচা অৰ্থত এয়া প্ৰেৰণাদায়ক বুলি অভিহিত কৰে। ৰাজ্যৰ বাহিৰৰ দলসমূহেও অংশগ্ৰহণ কৰাৰ বাবে তেওঁ লগতে আনন্দ প্ৰকাশ কৰে। কুইজৰ দুটা ৰাউণ্ডৰ মাজত তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সাংস্কৃতিক শাখা আৰু আমন্ত্ৰিত শিল্পীসকলে সাংস্কৃতিক প্ৰদৰ্শন আগবঢ়ায়।
উল্লেখ্য যে ২০২১ চনৰ পৰা দেশভক্ত তৰুণ ৰাম ফুকুনৰ স্মৃতিত দেশভক্তি দিৱস পালন কৰি আহিছে। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত ৰাজ্যজুৰি এই দিৱস পালন কৰা হয়। কাইলৈ পুৱা ৯ বজাত ভৰলুমুখৰ তৰুণ ৰাম ফুকুন উদয়ানত থকা তৰুণ ৰাম ফুকুনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব। অসম সচিবালয়ৰ লোক সেৱা ভৱনৰ সন্মিলন হলত পুৱা ১১ বজাত ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব।