ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সাফল্যঃ উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ, জালত পৰিল কেইবাজনো সৰবৰাহকাৰী
উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৫ লাখ টকা হ’ব বুলি আৰক্ষীয়ে ধাৰণা কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত তিনিজন ব্যক্তিক হাতে-লোটে আটক কৰে। ধৃত ব্যক্তিকেইজনক ক্ৰমে ফুলবাৰ আলী, হুছেইন আলী আৰু আউয়ালুদ্দিন সেখ বুলি চিনাক্ত কৰা হৈছে।
ৰাজ্যজুৰি অব্যাহত থকা ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে শুকুৰবাৰে চাপৰ আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰে। এক গোপন সূত্ৰৰ পম খেদি চাপৰৰ ধীৰঘাটত এখন ‘আল্ট্ৰা’ বাছত তালাচী চলাইছিল। তালাচীৰ সময়ত আৰক্ষীয়ে বাছখনৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৫ লাখ টকা হ’ব বুলি আৰক্ষীয়ে ধাৰণা কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত তিনিজন ব্যক্তিক হাতে-লোটে আটক কৰে।
ধৃত ব্যক্তিকেইজনক ক্ৰমে ফুলবাৰ আলী, হুছেইন আলী আৰু আউয়ালুদ্দিন সেখ বুলি চিনাক্ত কৰা হৈছে। ইতিমধ্যে চাপৰ আৰক্ষীয়ে অভিযুক্তকেইজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰু ইয়াৰ সৈতে জড়িত ড্ৰাগছ সৰবৰাহ চক্ৰৰ গভীৰলৈ যাবলৈ তদন্ত প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তুলিছে।
চাপৰত এই সফলতাৰ সমান্তৰালকৈ কাছাৰতো বৃহৎ সফলতা লাভ কৰিছে আৰক্ষীয়ে। এক অভিযানত কাছাৰ আৰক্ষীয়ে প্ৰায় ১.৩৫৭ কিলোগ্ৰাম মৰ্ফিন জব্দ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে লগতে এই ড্ৰাগছখিনি সৰবৰাহ কৰা ৩জন যুৱকক আটক কৰিছে। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৮.২ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।
ড্ৰাগছমুক্ত অসমৰ লক্ষ্য
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে সঘনাই অসম আৰক্ষীৰ এনে সফলতাক প্ৰশংসা কৰি আহিছে। মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত অসম আৰক্ষীয়ে ‘ৱাৰ অন ড্ৰাগছ’ নীতি গ্ৰহণ কৰি ৰাজ্যখনক ড্ৰাগছমুক্ত কৰাৰ দিশত কাম কৰি আছে।
কাছাৰত আৰক্ষীৰ শেহতীয়া সফলতা সন্দৰ্ভতো নিজা ফেচবুক একাউণ্ট যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এক বিশেষ পোষ্ট কৰিছে। এক বিশেষ শৈলীৰে পোষ্টটোত তেওঁ লিখিছে, “ড্ৰাগছ সৰবৰাহকাৰীসকল, মই তোমালোকৰ অৱস্থাটো বুজি পাইছো! তোমালোকে ৮.২ কোটি টকা মূল্যৰ ১.৩৫৭ কিলোগ্ৰাম মৰ্ফিন আমদানি কৰিছিলা, কিন্তু কাছাৰ আৰক্ষীৰ হাতত ধৰা পৰিলা।”
“তোমালোকে এটা সৰু কথা পাহৰি গ’লা: এইখন অসম! ইয়াত ড্ৰাগছৰ বেহা নচলে, ইয়াত ড্ৰাগছ জব্দহে কৰা হয়। ৩ জনক আটক কৰা হৈছে, ড্ৰাগছখিনি জব্দ কৰা হৈছে আৰু তোমালোকৰ ব্যৱসায় চিৰদিনৰ বাবে বন্ধ কৰি দিয়া হৈছে।”- নিজ ফেচবুক পোষ্টটোত এইদৰে উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
শেহতীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তত কোটি কোটি টকাৰ ড্ৰাগছ জব্দ হোৱাৰ লগতে আন্তঃৰাজ্যিক সৰবৰাহকাৰী চক্ৰকো উৎখাত কৰা হৈছে। চাপৰৰ এই সফলতাই চৰকাৰৰ এই শূন্য সহনশীলতা নীতিৰেই প্ৰতিফলন ঘটাইছে। আৰক্ষীৰ এই তৎপৰতাই সমাজৰ পৰা ড্ৰাগছৰ কড়াল গ্ৰাস সম্পূৰ্ণৰূপে নিৰ্মূল হ’ব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে।