১৬ বছৰীয়া কিশোৰীৰ সৈতে বকোত জঘন্য কাণ্ড, আটক ৩ জন…
বকোৰ পৰা পোহৰলৈ আহিছে এক জঘন্য কাণ্ড। এগৰাকী কিশোৰীৰ লগতে জঘন্য কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত বকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কেইবাজনক।
ৰাজ্যত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মাজতে পুনৰ এক জঘন্য কাণ্ড পোহৰলৈ আহিছে। এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত আটক হৈছে ৩জনকৈ যুৱক। বকোত সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
তথ্য অনুসৰি, বকোত ১৬ বছৰীয়া এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে তিনি যুৱকৰ বিৰুদ্ধে। এই তিনিজনক ইতিমধ্যে আটক কৰিছে বকো আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা কেইজন হ’ল- বেলপাৰাৰ দিগন্ত কলিতা, সঞ্জীৱ দাস, আৰু দ্বীপজ্যোতি পাঠক। এই ধৰ্ষণ কাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, ধৃত যুৱক তিনিজনে দীৰ্ঘদিন ধৰি পৃথকে পৃথকে কিশোৰীগৰাকীৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰি আহিছিল। লগতে তেওঁলোকে কিশোৰীগৰাকীক ভাবুকি দি এই কথা কাকো নক’বলৈ কৈছিল। আনকি যুৱককেইজনে কিশোৰীগৰাকীক প্ৰাণে মৰাৰ ভাবুকি দিছিল। যাৰ বাবে কিশোৰীগৰাকীয়ে তেওঁৰ লগত হৈ অহা অন্যায়ৰ বিষয়ে কাকো অৱগত কৰা নাছিল।
কিশোৰীগৰাকীয়ে সকলো নিৰৱে সহ্য কৰি গৈছিল। ইয়াৰ মাজতে দেওবাৰে বকোৰ গান্ধী মৈদানত কিশোৰীগৰাকীক নিচাযুক্ত দ্ৰব্য খুৱাই পুনৰ ধৰ্ষণৰ চেষ্টা চলাই যুৱক এজনে। কিন্তু সেই সময়ত উক্ত স্থানত উপস্থিত হয় কিশোৰীগৰাকীৰ পিতৃ। তাৰ পাছতে এই জঘন্য কাণ্ডৰ কথা পোহৰলৈ আহে আৰু পিতৃয়ে আৰক্ষীক খবৰ দিয়ে।
ইয়াৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনক আটক কৰে। ইতিমধ্যে আৰক্ষীয়ে ৩ জনক আটক কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাঃ ৫ অভিযুক্তক আদালতত হাজিৰ, কি সিদ্ধান্ত ল’লে ন্যায়ালয়ে…