শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গুৱাহাটীত চাঞ্চল্য! প্ৰথমে বন্ধুৰ ল’লে প্ৰাণ, পাছত বস্তাত ভৰাই পেলাই দিলে নৈত…

পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অভিযোগ অনুসৰি বন্ধুক হত্যা কৰি এজন বন্ধুয়ে মৃতদেহ পেলালে নৈত। বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

গুৱাহাটীত চাঞ্চল্য! প্ৰথমে বন্ধুৰ ল’লে প্ৰাণ, পাছত বস্তাত ভৰাই পেলাই দিলে নৈত…
গুৱাহাটী
barasha-sarma
Barasha Sarma | Published: 04 Sep 2025 17:10 PM

পুনৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত। বন্ধুৰ হাতত প্ৰাণ গ’ল বন্ধুৰ। অভিযোগ অনুসৰি,  এজন যুৱকে ১৪ বছৰীয়া কিশোৰজনক হত্যা কৰি বস্তাত ভৰাই পেলাই দিয়ে বশিষ্ঠ নৈত। ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাছতে বৃহস্পতিবাৰে আৰক্ষীয়ে SDRF বাহিনীৰ সহযোগত মৃতদেহ বিচাৰিবলৈ অভিযান আৰম্ভ কৰে। কিন্তু বাতৰি লিখি থকা পৰলৈকে কিশোৰজনৰ মৃতদেহৰ কোনো সন্ধান লাভ কৰা নাই।

ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত ৰফিকুল ইছলামক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। এই ঘটনা সংঘটিত হৈছে গড়চুকৰ বাথৌপুৰিত। অভিযোগ অনুসৰি মঙলবাৰ (২ ছেপ্টেম্বৰ)য়ে নিশা সংঘটিত হয় এই হত্যাকাণ্ড। তাৰ পাছতে নিশা ২ মান বজাত অভিযুক্তই মৃতদেহটো নৈত পেলাই দুয়ো। দুয়ো পেচাত আছিল মিস্ত্ৰী। কিন্তু কেনেকৈ এই ঘটনা সংঘটিত হ’ল এতিয়ালৈকে সবিশেষ পোহৰলৈ অহা নাই।

ঘটনা সন্দৰ্ভত মৃত্যুক সাৱতি লোৱা ৰিয়াজ আলীৰ পৰিয়ালে কৈছে যে, তেওঁলোকৰ ঘৰ দক্ষিণ শালমাৰাত। কিন্তু কামৰসূত্ৰে তেওঁলোকৰ ভাতৃ ইয়াত বাস কৰিছিল। ৰফিকুলৰ লগত পূৰ্বতে ৰিয়াজৰ কাজিয়া লাগিছিল। কিন্তু সকলোবোৰ ঠিক হৈছিল। গতিকে কি কাৰণে এই কাণ্ড সংঘটিত হ’ল জানিব পৰা হোৱা নাই। ইয়াৰোপৰি ৰফিকুলে নিজেই এই কাণ্ডৰ কথা কৈছে বুলি কয় পৰিয়ালে।

ইফালে ঘটনা সন্দৰ্ভত অভিযুক্ত ৰফিকুলে কয় যে, মঙলবাৰে নিশা ৰিয়াজে চৰমপন্থা হাতত লৈছিল। তাৰ পাছতে তেওঁ কেইজনমান বন্ধুৰ সৈতে মিলি মৃতদেহটো নৈত পেলাই দিয়ে বুলি কয়। ঘটনাত জড়িত আনসকল পলায়ন কৰিছে বুলি তেওঁ দাবী কৰে। ইয়াৰোপৰি সোনকালে বিয়া পাতি দিয়া বাবে ৰিয়াজ চিন্তিত আছিল বুলিও মন্তব্য কৰে তেওঁ।

ইয়াৰ পাছতে আজি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰফিকুলক আটক কৰি তদন্ত আৰম্ভ কৰে।ৰিয়াজৰ কেনেকৈ মৃত্যু হ’ল, মৃত্যুৰ কাৰণ কি সেয়া সকলো ৰহস্যৰ অন্তত। কিশোৰজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব। গতিকে তাৰ পাছত জনা যাব মৃত্যুৰ কাৰণ। ইফালে এই কাণ্ড যদি প্ৰকৃততে ৰিয়াজৰ বন্ধুই সংঘটিত কৰিছে তেন্তে তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা হাতত লয় সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ কম হোৱা নাই অন্তৰ্কন্দল! ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি, কংগ্ৰেছীৰ মাজত হতাহতি…