শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জীৱনত সপোন দেখা নাই হাগ্ৰামা মহিলাৰীয়ে! প্ৰমোদ বড়োক প্ৰত্যুত্তৰ দি কৰিলে এনে মন্তব্য…

ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰীক সপোন দেখা মানুহ আৰু সপোনত চৰকাৰ গঠন কৰিব বুলি কৰা কটাক্ষৰো প্ৰতুত্ত্যৰ দিয়ে হাগ্ৰামা মহিলাৰীয়ে। তেওঁৰ স্পষ্ট মত, “মই এই বিলাক সপোন দেখা মানুহ নহয়। মই জীৱনতো সপোন নেদেখোঁ।”

জীৱনত সপোন দেখা নাই হাগ্ৰামা মহিলাৰীয়ে! প্ৰমোদ বড়োক প্ৰত্যুত্তৰ দি কৰিলে এনে মন্তব্য…
বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীImage Credit source: Facebook/Hagrama Mohilary
monjit-dutta
Monjit Dutta | Updated On: 04 Sep 2025 16:52 PM

বড়োভূমিত ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী কুচকাৱাজ অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত বলগীয়া বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত এতিয়া প্ৰতিটো ৰাজনৈতিক দলেই নামি পৰিছে শক্তি প্ৰদৰ্শনত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰেৰে জনসাধাৰণৰ কাষ চপাৰ চেষ্টা চলাইছে প্ৰতিটো দলে পিছ পৰি ৰোৱা নাই বিপিএফ বিগত বাৰৰ নিৰ্বাচনত ক্ষমতা হেৰুওৱা বিপিএফে এইবাৰ পুনৰ বড়োভূমিৰ ক্ষমতা দখলৰ লক্ষ্যৰে পূৰ্ণ শক্তিৰে নিৰ্বাচনী প্ৰচাৰত নামিছে

দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে দলীয় প্ৰাৰ্থীৰ বাবে ধাৰাবাহিকভাৱে চলাইছে প্ৰচাৰআজি বিপিএফ প্ৰধানগৰাকীয়ে ১৪ নং চিৰাং দুৱাৰ সমষ্টিৰ আশ্ৰাবাৰীত নিৰ্বাচনী প্ৰচাৰ চলায় লক্ষণীয়ভাৱে আশ্ৰাবাৰী ইউপিপিএল দলৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীৰ নিজ গাঁও। প্ৰতিদ্বন্দী প্ৰাৰ্থীগৰাকীৰ জন্মস্থানতে নিৰ্বাচনী সভা অনুষ্ঠিত কৰি হাগ্ৰামা মহিলাৰীয়ে এইবাৰ বিপিএফে বিটিআৰ দখল কৰিব বুলি দৃঢ় দাবী কৰিছে

হাগ্ৰামা মহিলাৰীৰ দাবী, খাম্ফা বৰগয়াৰীৰ আশ্ৰাবাৰী গাঁৱত এশ শতাংশৰ ভিতৰত সত্তৰ শতাংশই বিপিএফৰ লগত আছে। বাকি ত্ৰিশ শতাংশৰ ভিতৰত দহৰ পৰা পোন্ধৰ শতাংশ ছাংগ্ৰাং ব্ৰহ্মৰ লগত আৰু বাকী মাত্ৰ পাঁচৰ পৰা দহ শতাংশ খাম্ফা বৰগয়াৰীৰ লগত আছে বুলি দাবী কৰে বিপিএফ মুৰব্বীগৰাকীয়ে।

ইফালে ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰীক সপোন দেখা মানুহ আৰু সপোনত চৰকাৰ গঠন কৰিব বুলি কৰা কটাক্ষৰো প্ৰতুত্ত্যৰ দিয়ে হাগ্ৰামা মহিলাৰীয়ে তেওঁৰ স্পষ্ট মত, “মই এই বিলাক সপোন দেখা মানুহ নহয়। মই জীৱনতো সপোন নেদেখোঁ।

১৪ নং চিৰাং দুৱাৰ সমষ্টিত ইউপিপিএলে আহক বা কংগ্ৰেছেই আহক, ইয়াত বিপিএফেই এক নম্বৰ দলবুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে। তেওঁ লগতে বিপিএফ দলে নিৰ্বাচনত একক সংখ্যাৰ আসনলাভ কৰিব বুলি প্ৰমোদ বড়োই কৰা মন্তব্যৰো প্ৰতুত্ত্যৰ দিয়ে তেওঁ কয়, “এয়া ৰাইজৰ কথা নহয়, প্ৰমোদ বড়োৰ কথা হে

ৰাইজে এনে কথা লেহে গুৰুত্ব দিবলগীয়া হয় বুলি তেওঁ লগতে কয় কোনে কি কয় কৈ থাকে থাকক মুঠৰ ওপৰত বিটিচি নিৰ্বাচনত বিপিএফ দলৰ জয়লাভ নিশ্চিত”- নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ এবাৰ শাসনলৈ উভতাৰ দাবীৰে এইদৰে কয় বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।