শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভয়ংকৰ! বিহালীত গৰ্ভৱতী ১৫ বছৰীয়া কিশোৰী, গ্ৰেপ্তাৰ ৫০ ৰ উৰ্ধৰ মহম্মদ আলি…

এগৰাকী ৫০ ৰ উৰ্ধৰ লোকৰ কামনাৰ বলি এগৰাকী ১৫ বছৰীয়া কিশোৰী। জানিব পৰা মতে, কিশোৰীগৰাকী গৰ্ভৱতী হোৱাৰ পাছতে এই সমগ্ৰ কাণ্ড পোহৰলৈ আহে। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ভয়ংকৰ! বিহালীত গৰ্ভৱতী  ১৫ বছৰীয়া কিশোৰী, গ্ৰেপ্তাৰ ৫০ ৰ উৰ্ধৰ মহম্মদ আলি…
অভিযুক্ত
barasha-sarma
Barasha Sarma | Published: 11 Dec 2025 14:57 PM

ৰাজ্যত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধমূলক ঘটনা। শেহতীয়াকৈ পুনৰ বিহালীৰ পৰা পোহৰলৈ আহিছে কিশোৰীৰ সৈতে সংঘটিত এক জঘন্য কাণ্ডৰ ঘটনা। জানিব পৰা মতে, ১৫ বছৰীয়া কিশোৰী এগৰাকী গৰ্ভৱতী হোৱাৰ পাছত এই সমগ্ৰ ঘটনা পোহৰলৈ আহে। ইটা ভাটাৰ মালিকে কিশোৰীগৰাকীৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰিছিল। দীৰ্ঘদিন ধৰি পলায়ন কৰাৰ অন্তত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই কাণ্ডৰ মূল অভিযুক্ত মহম্মদ আলি নামৰ ৫০ বছৰৰ উৰ্ধৰ লোকজনক। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীৰ তদন্ত অব্যাহত আছে।

জানিব পৰা মতে, বিহালীৰ বৰগাং আৰক্ষী খানাৰ অন্তৰ্গত মৰাণ গাঁৱত এগৰাকী ১৫ বছৰীয়া কিশোৰী গৰ্ভৱতী হয়। ইয়াৰ পাছতে যোৱা ৫ ডিচেম্বৰত ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে। প্ৰথম অৱস্থাত এই কাণ্ডত কিশোৰীগৰাকীৰ প্ৰেমিক জড়িত আছিল বুলি সন্দেহ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত আন এক ৰহস্য পোহৰলৈ আহে।

এই সন্দৰ্ভত বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি আৰক্ষীয়ে জনাই যে, HBI ইটাভাটাৰ মালিক মহম্মদ আলিয়ে দীৰ্ঘদিন ধৰি কিশোৰীগৰাকীক শাৰীৰিকভাৱে নিৰ্যাতন চলাই আহিছিল। ইয়াৰ পৰিণতিতে কিশোৰীগৰাকী গৰ্ভৱতী হয়। এই কথা মহম্মদ আলিয়ে জানিব পাৰি কিশোৰীগৰাকীৰ মাতৃক বিভিন্ন ধৰণৰ প্ৰলোভন দিয়ে আৰু এই কাণ্ডত কিশোৰীগৰাকীৰ প্ৰেমিকক আৰক্ষীৰ হাতত গটাবলৈ পৰামৰ্শ দিয়ে। সেই অনুসৰি মাতৃয়ে কিশোৰীগৰাকীৰ প্ৰেমিকক এই কাণ্ডত জড়িত কৰাৰ চেষ্টা কৰিছিল যদিও এতিয়া সমগ্ৰ কাণ্ড পোহৰলৈ আহিছে।

প্ৰথম অৱস্থাত আৰক্ষীয়ে কিশোৰীগৰাকীৰ প্ৰেমিকক আটক কৰি সোধা-পোছা কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত আৰক্ষীয়ে জানিব পাৰে যে এই কাণ্ডৰ মূল মাষ্টাৰমাইণ্ড মহম্মদ আলি। তাৰ পাছতে আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আলিক। তথ্য অনুসৰি বৰ্তমান গৰ্ভৱতী নাবালিকা গৰাকী চি ডব্লিউ চিৰ তত্বাবধানত আছে। এই সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গতিকে পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। ইফালে এই কাণ্ডত দোষীক উপযুক্ত শাস্তি বিহাৰ দাবী কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই।

 

অন্য খবৰ পঢ়কঃ নিশা ১১ বজাত কি হৈছিল? দুই কন্যাই ধৰিলে হাত-ভৰি আৰু মাতৃয়ে…গাৰ নোম শিয়ৰি উঠা এক ভয়ংকৰ কাণ্ড…