শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Himanta Biswa Sarma: ৰেহাই নিদিয়ে কোনো কাৰণতে! মমতা বেনাৰ্জীক কিয় সকীয়নি দিলে হিমন্ত বিশ্ব শৰ্মাই

Himanta Biswa Sarma: বাংলাভাষী মুছলমান সন্দৰ্ভত মমতা বেনাৰ্জীক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মমতা বেনাৰ্জীয়ে কেৱল বাংলাভাষী মুছলমানকহে ভালপায়। ডঃ শৰ্মাই সকীয়াই দিয়ে যে যদিহে বাংলাদেশী মুছলমানৰ বাবে তেওঁ অসমলৈ আহে, তেন্তে অসমীয়া আৰু হিন্দু বঙালীসকলে "তেওঁক ৰেহায় নিদিয়ে"।

Himanta Biswa Sarma: ৰেহাই নিদিয়ে কোনো কাৰণতে! মমতা বেনাৰ্জীক কিয় সকীয়নি দিলে হিমন্ত বিশ্ব শৰ্মাই
হিমন্ত বিশ্ব শৰ্মা
raj-saikia
Raj Saikia | Published: 18 Jul 2025 15:59 PM

বংগমূলীয় মুছলমান বা বাংলাদেশী মুছলমানক লৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ থকাৰ মাজতে এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লক্ষ্য কৰি লৈছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক। ডঃ শৰ্মাই সকীয়াই দিয়ে যে যদিহে বাংলাদেশী মুছলমানৰ বাবে তেওঁ অসমলৈ আহে, তেন্তে অসমীয়া আৰু হিন্দু বঙালীসকলে “তেওঁক ৰেহায় নিদিয়ে”।

“প্ৰশ্নটো হ’ল মমতা বেনাৰ্জীয়ে বঙালীক পছন্দ কৰে নে মুছলমান বঙালীক, মোৰ উত্তৰ হ’ব কেৱল মুছলমান বঙালীক,” মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়। শেহতীয়াকৈ তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে বিজেপিৰ বিৰুদ্ধে অভিযোগ তুলিছিল যে ৰাজনৈতিক লক্ষ্যত উপনীত হ’বলৈ বিজেপিয়ে ভাষিক পৰিচয়ক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত এইদৰে কয় অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

“যদি তেওঁ মুছলমান বঙালীৰ বাবে অসমলৈ আহে, তেন্তে অসমীয়া মানুহ আৰু হিন্দু বঙালীসকলে তেওঁক ৰেহাই নিদিয়ে।” ডঃ শৰ্মাই সকীয়াই দিয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰে যে যদি মমতা বেনাৰ্জীয়ে বাংলাভাষী জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি আগ্ৰহী, তেন্তে তেওঁ কিয় “নাগৰিকত্ব (সংশোধনী) আইন, বা CAA, তেওঁৰ ৰাজ্যত কাৰ্যকৰী কৰা নাই?” নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ এ ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ভাৰতলৈ অহা নথি-পত্ৰবিহীন অমুছলমান প্ৰব্ৰজনকাৰী (হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান) ক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ পথ প্ৰশস্ত কৰিছে।

বঙালীভাষী হিন্দুসকলে বৃহত্তৰ অসমীয়া সমাজৰ সৈতে মিলি পৰিছে। তেওঁলোকৰ ভাষা, সংস্কৃতি, ধৰ্ম আৰু সকলো দিশ ইয়াত সুৰক্ষিত বুলিও ডঃ শৰ্মাই কয়। ‘‘মমতা বেনাৰ্জীয়ে উপলব্ধি কৰা উচিত যে অসমত বঙালী-হিন্দু কেৱল সুৰক্ষিত নহয়, তেওঁলোক বৃহত্তৰ অসমীয়া ভূ-প্ৰকৃতিত মিলি পৰিছে। তেওঁলোকৰ মাজৰ পৰা মন্ত্ৰী-বিধায়কো আছে।’’ মুখ্যমন্ত্ৰীয়ে কয়।

তেওঁ কয় যে হিন্দু বঙালীসকলে ইয়াত নিজৰ ভাষাত কথা কয়, নিজৰ ধৰ্ম আৰু নিজৰ সংস্কৃতিৰ সকলো অনুষ্ঠান উদযাপন কৰে। তেওঁ লগতে কয় যে বাংলা হৈছে ৰাজ্যখনৰ এক সংযুক্ত চৰকাৰী ভাষা আৰু বৰাক উপত্যকাৰ চৰকাৰী ভাষা।

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘ইয়াত বঙালী আৰু অসমীয়াৰ মাজত কোনো বিভাজন নাই। মমতা বেনাৰ্জীয়ে কেন্দ্ৰ আৰু বিজেপি শাসিত ৰাজ্যসমূহে বাংলাভাষী প্ৰব্ৰজনকাৰীক “অবৈধ বাংলাদেশী” বা ‘ৰোহিংগীয়া’ বুলি ব্ৰেণ্ডিং কৰি পদ্ধতিগতভাৱে লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে।