শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কংগ্ৰেছৰ এজেণ্ডা কি ? ৰাহুল গান্ধীৰ মন্তব্যকলৈ পুনৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰে সকীয়াই দিয়ে যে, গান্ধী পৰিয়ালৰ বিৰুদ্ধে আইনী পদক্ষেপৰ বাবে অপেক্ষা কৰিব পাৰে । ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে অসমত কংগ্ৰেছৰ চৰকাৰ আহিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জেললৈ প্ৰেৰণ কৰিব বুলি এক জনসভাত সদৰী কৰিছিল।

কংগ্ৰেছৰ এজেণ্ডা কি ? ৰাহুল গান্ধীৰ মন্তব্যকলৈ পুনৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাImage Credit source: PTI
manas-borah
Manas Borah | Published: 18 Jul 2025 15:06 PM

ৰাহুল গান্ধীৰ মন্তব্যক পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীৰ মন্তব্যক ৰাজনৈতিক নাটকৰ সৈতে তুলনা কৰে। তেওঁ এক প্ৰকাৰে সকীয়াই দিয়ে যে, গান্ধী পৰিয়ালৰ বিৰুদ্ধে আইনী পদক্ষেপৰ বাবে অপেক্ষা কৰিব পাৰে । উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে অসমত কংগ্ৰেছৰ চৰকাৰ আহিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জেললৈ প্ৰেৰণ কৰিব বুলি এক জনসভাত সদৰী কৰিছিল। ইয়াৰ পাছতে এই মন্তব্যই অসমৰ ৰাজনীতি গৰম কৰি ৰাখিছে।

সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “তেওঁ মাত্ৰ এজন সাংসদ, তেওঁ এজন মুখ্যমন্ত্ৰীক কেনেকৈ গ্ৰেপ্তাৰ কৰিব?” ইয়াৰ লগতে কংগ্ৰেছে নিয়োগৰ দৰে বাস্তৱিক বিষয়ৰ পৰিৱৰ্তে কেৱল ব্যক্তিগত প্ৰতিশোধৰ ওপৰত গুৰুত্ব দিয়াৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই । কংগ্ৰেছে কৰ্মসংস্থাপনৰ কথা নকয়, আমাৰ মাটি, সংস্কৃতিৰ কথা নকয়… তেওঁলোকৰ একমাত্ৰ এজেণ্ডা হ’ল হিমন্ত বিশ্ব শৰ্মাক কাৰাগাৰত ৰখা। তেওঁলোকৰ ইস্তাহাৰত এই বাক্যটোৱে থাকিব। এনে এটা দলক কোনে ভোট দিব বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

১৬ জুলাইত ছয়গাঁৱত ৰাহুল গান্ধীয়ে দিয়া ভাষণত কংগ্ৰেছ নেতাগৰাকীয়ে আগন্তুক অসম বিধানসভা নিৰ্বাচনত বিজয়ৰ ভৱিষ্যদ্বাণী কৰি শৰ্মাক “নিজকে মুখ্যমন্ত্ৰী হিচাপে নহয়, ৰজা বুলি ভাবে” বুলি উল্লেখ কৰে। ৰাহুল গান্ধীয়ে লগতে শৰ্মাক “ভাৰতৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী” বুলিও অভিযোগ কৰি অৱশেষত তেওঁক জবাবদিহি কৰা হ’ব বুলি সকীয়াই দিয়ে।

উচ্ছেদ অভিযানৰ সময়ত গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছত এই বিষয়ত ৰাজনৈতিক উত্তেজনা আৰু অধিক বৃদ্ধি পায়। মুখ্যমন্ত্ৰী শৰ্মাই এই সংঘৰ্ষক ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ উচটনিমূলক ভাষণৰ পৰিণতি বুলি অভিযোগ উত্থাপন কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, “ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেয়ে বেদখলকাৰীসকলক চৰকাৰী ভূমি দখল কৰিবলৈ মুকলিকৈ উৎসাহিত কৰিছিল। মুখ্যমন্ত্ৰীৰ মতে, এই সংঘৰ্ষত শিল আৰু লাঠিৰে আক্ৰমণ কৰাৰ অভিযোগত ২১ জন আৰক্ষী জোৱান আহত হয়। সংঘৰ্ষৰ সময়ত আৰক্ষীৰ গুলীচালনাত এজনৰ মৃত্যু হয়, আৰু আন এজনক চিকিৎসালয়ত ভৰ্তি কৰা হয়।