শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এইবাৰ ধিঙত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান, নিৰ্দেশনা জাৰি…

ইতিমধ্যে বেদখলকাৰীক চৰকাৰী ভূমি মুক্ত কৰাৰ নিৰ্দেশ জাৰি কৰিছে ধিং ৰাজহ চক্ৰ বিষয়া সৌৰভ দাসে। চক্ৰ বিষয়াই জনোৱা মতে, উচ্ছেদ চলিবলগা ঠাইসমূহৰ ভিতৰত আছে- ধিঙৰ সালনাবৰী , ভেৰভেৰী বিল , টুকটুকী , আহোম গাওঁ , কটহগুৰি , ৰৌমাৰী বিল , মৈৰাধ্বজ , মাগুৰমাৰী বিল।

এইবাৰ ধিঙত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান, নিৰ্দেশনা জাৰি…
ধিঙত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান
trishna-kalita
Trishna Kalita | Updated On: 13 Dec 2025 20:50 PM

ৰাজ্যত অব্যাহত আছে  উচ্ছেদ অভিযান। বেদখলকাৰীক উচ্ছেদ কৰা বাবে কঠোৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন। নিতৌ বেদখলীকৃত ভূমিত চলিছে বন বিভাগৰ বুলড’জাৰ। অহা ১৬ ডিচেম্বৰত নগাঁৱৰ ধিঙত চলিব বৃহৎ উচ্ছেদ অভিযান। বেদখলকাৰীলৈ ইতিমধ্যে জাননী জাৰি ধিং ৰাজহ চক্ৰ বিষয়াৰ। চৰকাৰী ভূমি নিজেই খালী নকৰিলে প্ৰশাসনে চলাব বুলড’জাৰ।

ইতিমধ্যে বেদখলকাৰীক চৰকাৰী ভূমি মুক্ত কৰাৰ নিৰ্দেশ জাৰি কৰিছে ধিং ৰাজহ চক্ৰ বিষয়া সৌৰভ দাসে। চক্ৰ বিষয়াই জনোৱা মতে, উচ্ছেদ চলিবলগা ঠাইসমূহৰ ভিতৰত আছে- ধিঙৰ সালনাবৰী , ভেৰভেৰী বিল , টুকটুকী , আহোম গাওঁ , কটহগুৰি , ৰৌমাৰী বিল , মৈৰাধ্বজ , মাগুৰমাৰী বিল।

উল্লেখ্য যে, ধিঙৰ সালনাবড়ী গাঁৱৰ ভেৰভেৰি বিলৰ পৰা টুকটুকি, আহোম গাঁও, কটহগুৰি, ৰৌমাৰি বিল, মৈৰাধ্বজ হৈ মাগুৰমাৰি বিললৈকে প্ৰাকৃতিক ভাবে পানী চলাচলৰ সূতি আছিল । কিন্তু এই সূতিটো একাংশ বেদখলকাৰীয়ে বিভিন্ন ঠাইত বান্ধ নিৰ্মাণ কৰি পুখুৰী আৰু ফিচাৰি বনাই বেদখল কৰি আহিছে ।যাৰ ফলত পানীৰ চলাচল বন্ধ হৈ গোটেই এলেকাৰ গাৱঁৰ ৰাইজৰ লগতে বাট-পথৰ বিস্তৰ ক্ষতি সাধন হৈ আহিছিল ।

তাৰ পিছতে প্ৰশাসনে লৈছে এই পদক্ষেপ। ইতিমধ্যে উচ্ছেদ অভিযানৰ বাবে সম্পুৰ্ণ সাজু হৈছে নগাওঁ জিলা আৰক্ষী প্ৰশাসন। ১৬ ডিচেম্বৰৰ পৰা অঞ্চলটোত চলিব বৃহৎ উচ্ছেদ অভিযান।

উল্লেখ্য যে, বেদখল কৰা ভূমি মুক্ত কৰাৰ বাবে চৰকাৰৰ উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি বিভিন্ন সময়ত কৈ আহিছে মুখ্যমন্ত্ৰীয়ে। ২০২১ চনৰ মে’ মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা শৰ্মাই দাবী কৰিছিল যে, ১৬০ বৰ্গ কিলোমিটাৰতকৈ অধিক মাটি বেদখলৰ পৰা মুক্ত কৰা হৈছে। তেওঁ লগতে কৈছিল যে, বনাঞ্চলৰ ভূমি, ভিজিআৰ, পিজিআৰ, সত্ৰ, নামঘৰ আৰু অন্যান্য ৰাজহুৱা স্থানৰ সকলো অকৰ্তৃত্বশীল দখল পৰ্যায়ক্ৰমে আঁতৰোৱা হ’ব।