কেবিনেট বৈঠকত আধাৰ কাৰ্ড সন্দৰ্ভত লোৱা হ’ল বৃহৎ সিদ্ধান্তঃ চাওক আজিৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ
যদি ইয়াৰ পিছতো কোনো লোক আধাৰ কাৰ্ড নিৰ্মাণৰ পৰা বাদ পৰে, তেতিয়া জিলা আয়ুক্তৰ ওচৰত আবেদন কৰিব লাগিব আৰু জিলা আয়ুক্তই সঠিক যোগ্যতা বিচাৰ কৰি এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব পাৰিব।

আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত অসম কেবিনেটে বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল যোগে এনে সিদ্ধান্তসমূহৰ বিষয়ে সদৰী কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত সদৰী কৰা মতে, কেবিনেটে আজি দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈকে নিৰ্মাণৰত উৰণীয়া সেতুখন মহাৰাজা পৃথুৰ নামত নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেটে লগতে আধাৰ কাৰ্ড সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এই সিদ্ধান্ত অনুসৰি, ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰত কোনো নাগৰিককে নতুনকৈ আধাৰ কাৰ্ড প্ৰদান কৰা নহ’ব। অৱশ্যে অনুসূচিত জাতি-জনজাতি, চাহ জনগোষ্ঠীৰ লোকসকলে এইক্ষেত্ৰত এবছৰৰ ৰেহাই প্ৰদান কৰা হ’ব। অনুসূচিত জাতি-জনজাতি, চাহ জনগোষ্ঠীৰ কিছু লোকে এতিয়াও আধাৰ কাৰ্ড পাবলৈ বাকী থকাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে।
আনহাতে বাকী জাতি-জনগোষ্ঠীৰ মাজত যদি কোনো লোকে এতিয়াও আধাৰ কাৰ্ড লাভ কৰা নাই, তেওঁলোকে ছেপ্টেম্বৰ মাহৰ ভিতৰত আবেদন কৰিব লাগিব। যদি ইয়াৰ পিছতো কোনো লোক আধাৰ কাৰ্ড নিৰ্মাণৰ পৰা বাদ পৰে, তেতিয়া জিলা আয়ুক্তৰ ওচৰত আবেদন কৰিব লাগিব আৰু জিলা আয়ুক্তই সঠিক যোগ্যতা বিচাৰ কৰি এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব পাৰিব।
বিগত এটা বছৰত সীমান্তত বাংলাদেশী অনুপ্ৰৱেশৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে। কেবিনেটত লগতে অসমত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট, চমুকৈ IIM স্থাপনৰ বাবে কেন্দ্ৰৰ মোদী চৰকাৰে লোৱা পদক্ষেপৰ বাবে এক ধন্যবাদ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
কেবিনেটত আজি উৰিয়ামঘাটৰ উচ্ছেদ সন্দৰ্ভত আলোচনা কৰা হয়। এই উচ্ছেদ সফলতাৰে সম্পন্ন কৰাৰ বাবে বন বিভাগক ধন্যবাদ জনোৱাৰ লগতে এইক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে নাগালেণ্ড চৰকাৰক ধন্যবাদ জনায়। এই উচ্ছেদৰ পিছত উৰিয়ামঘাটত ১২,০০০ বিঘা মাটিত বৃক্ষৰোপনৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপতো নাগালেণ্ড চৰকাৰৰ সহযোগিতা আহ্বান কৰে মুখ্যমন্ত্ৰীয়ে।
ৰাজ্যত নতুনকৈ ৩,১৪,৭৭৩ গৰাকী হিতাধিকাৰীক নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে। কেবিনেটে লগতে ১০টা Futuristic Trade Sectorৰ ওপৰত হাইস্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ দক্ষতা বিকাশৰ বাবে টাটা নেলক’ আৰু অসম চৰকাৰৰ সমগ্ৰ শিক্ষা অভিযানৰ সৈতে এক বুজাবুজিৰ চুক্তিত অনুমোদন জনোৱা হৈছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা মতে, ডিজিটেল ইক’নমি, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এই সকলো দিশক এই প্ৰকল্পই সাঙুৰি ল’ব। মুঠ ৬০০ কোটি টকাৰ এই প্ৰকল্পটোত টাটা নেলক’ই ৭৫ শতাংশ আৰু অসম চৰকাৰে ২৫ শতাংশ অংশ বহন কৰিব। ইফালে প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ অসম ভ্ৰমণ, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন সন্দৰ্ভত প্ৰস্তুতিৰ বিষয়ে আলোচনাৰ বাবে কেবিনেট পুনৰ মিলিত হৈছে।