Lok Sabha Election 2024: বৰপেটাত ধুমুহাৰ গতিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ…
খ্যমন্ত্ৰীয়ে কয় যে, এতিয়া চৰকাৰী চাকৰিত কোনো মানুহে এটকাও ঘোষ দিব নালাগে আৰু এইবাৰ সিদ্ধান্ত লৈছোঁ যে আমি আকৌ ৫০হাজাৰ নতুন চাকৰি দিম।

প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পাছত এইবাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ধুমুহাৰ গতিৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিয়ে। অহা ৭ মে’ত ৰাজ্যৰ চাৰি লোকসভা সমষ্টি ক্ৰমে গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীত হ’ব নিৰ্বাচন। আটাইকেইটা সমষ্টিয়েই নিজৰ দখললৈ আনিবলৈ দিনে-নিশাই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত শাসকীয় বিজেপি।
আজি বৰপেটা লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ কেইবাখনো প্ৰচাৰ সভাত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সমষ্টিটো সৰ্থেবাৰীত বিজয় সংকল্প সমাৱেশত অংশ লৈ বিৰোধীক চৰম কটাক্ষ্য কৰি বৰপেটা সমষ্টিত পদুম ফুলিব বুলি ৰণশিঙা বজাই মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীয়ে কয় যে, এতিয়া চৰকাৰী চাকৰিত কোনো মানুহে এটকাও ঘোষ দিব নালাগে আৰু এইবাৰ সিদ্ধান্ত লৈছোঁ যে আমি আকৌ ৫০হাজাৰ নতুন চাকৰি দিম। এইবাৰ আমি আন এটা সিদ্ধান্ত লৈছোঁ যে যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তেনে ঘৰৰ ল’ৰা-ছোৱালীক পৰীক্ষাত ১০ নম্বৰ বেছিকৈ দিম। যাতে সকলোৰে ঘৰত এটাকৈ চৰকাৰী চাকৰি থাকে।
ইপিনে ২৯ এপ্ৰিলত গুৱাহাটী মহানগৰীত ৰোড শ্ব’ত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। চাইকেল ফেক্টৰীৰ পৰা লালগণেশ লৈ হ’ব ৰোড শ্ব’।