শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Assam Budget 2025-26 : গাহৰি পালকসকলৰ বাবে আশাৰ বতৰা ! পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বাবে আবণ্টন ৬৩৬ কোটি টকা

লাভান্বিত হ'ব ৰাজ্যৰ হাঁহ-কুকুৰা-গাহৰি পালক সকল ! আজিৰ বাজেট ভাষণত ৰাজ্য বিত্তমন্ত্ৰী অজন্তা নেওগে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বাবে ৬৩৬ কোটি টকা আবণ্টন দিয়াৰ কথা ঘোষণা কৰিছে ।

Assam Budget 2025-26 : গাহৰি পালকসকলৰ বাবে আশাৰ বতৰা ! পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বাবে আবণ্টন ৬৩৬ কোটি টকা
অসম বাজেট
manas-borah
Manas Borah | Published: 10 Mar 2025 17:30 PM

২০২৫-২৬ বৰ্ষৰ অসম বাজেটৰ পৰা লাভান্বিত হ’ব ৰাজ্যৰ হাঁহ-কুকুৰা-গাহৰি পালক সকল ! আজিৰ বাজেট ভাষণত ৰাজ্য বিত্তমন্ত্ৰী অজন্তা নেওগে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বাবে ৬৩৬ কোটি টকা আবণ্টন দিয়াৰ কথা ঘোষণা কৰিছে । ইয়াৰ লগতে ৰাজ্য পশু পালকসকলৰ বাবে চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে তাৰো এক খতিয়ান দাঙি ধৰে বিত্তমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে,৬২০.২৭ কোটি টকাৰ ঘাটিৰ সৈতে ১০ মাৰ্চ, সোমবাৰে ২০২৫-২৬ বিত্তীয় বর্ষৰ বাবে ২.৬৩ লাখ কোটি টকাৰ অসম বাজেট দাখিল কৰে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে । ৰাজ্য়ৰ প্ৰথম গৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেট দাখিল কৰে অজন্তা নেওগে । বিত্তমন্ত্ৰী গৰাকীয়ে বিধানসভাত দিয়া বাজেট ভাষণত বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে ।

বিত্তমন্ত্ৰীগৰাকীয়ে পশুপালনৰ জৰিয়তে আত্মনিৰ্ভৰশীলতাক আগুৱাই নিয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কয় যে, কৰ্মৰত উদ্যমীসকলৰ উন্নয়নৰ বাবে বিশেষ আঁচনি (SPEED)ৰ অধীনত, বাণিজ্যিক হাঁহ-কুকুৰা পালনক উদ্‌গনি যোগোৱাৰ লক্ষ্যৰে হাঁহ-কুকুৰাপালকসকলক আর্থিক সাহায্য প্রদান কৰা হৈছে। তদুপৰি, মুখ্যমন্ত্ৰীৰ গাহৰি উন্নয়ন পৰিকল্পনাৰ জৰিয়তে ২০০ৰো অধিক কৃষকক ৰাজসাহায্য প্রদানৰ জৰিয়তে গাহৰি পোৱালি উৎপাদনৰ বাবে কৰা পাম আৰু মাংস উৎপাদনৰ বাবে গাহৰি পাম স্থাপন কৰাত সহায় আগবঢ়োৱা হৈছে বুলি দাবী কৰে অজন্ত নেওগে ।

তেওঁ কয় যে, পশুপালন আৰু পশু চিকিৎসা বিভাগটোৱে পশুপালন খণ্ডত নতুন জীৱিকাৰ সুবিধা সৃষ্টিৰ লক্ষ্যৰে হাঁহ-কুকুৰা-গাহৰি পালন আৰু দুগ্ধ সংসাধন বৃদ্ধি কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই প্রচেষ্টাসমূহৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধি কৰাৰ লগতে গ্রাম্য অর্থনীতি মজবুত কৰি তোলাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে বুলি কয় বিত্তমন্ত্ৰীগৰাকীয়ে ।

লগতে পশু স্বাস্থ্য উন্নত কৰাৰ বাবে বাছনিকৃত জিলাসমূহত পশু স্বাস্থ্য মেলাৰ আয়োজন কৰা হৈছে বুলিও কয় বিত্তমন্ত্ৰীগৰাকীয়ে । ভাষণত এই সকলোবোৰ আলোকপাত কৰি বিভাগটোলৈ ৬৩৬ কোটি টকা আবণ্টন দিয়াৰ প্ৰস্তাৱ দিয়াৰ কথা উল্লেখ কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে ।