Assam Top9: আজিৰ দিনটোত ক’ত কি কি হ’ল জানো আহক

আজি ২৩ জানুৱাৰী, ২০২৬, শুক্ৰবাৰ। আজিৰ দিনটোৰ কেইটামান বিশেষ ঘটনা আৰু গুৰুত্বপূৰ্ণ তথ্য তলত উল্লেখ কৰা হ’ল...

Assam Top9: আজিৰ দিনটোত ক’ত কি কি হল জানো আহক
Published: 

23 Jan 2026 | 07:20 PM

1. আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ শিক্ষানুষ্ঠান আৰু বিভিন্ন প্ৰতিষ্ঠান। সকলোৱেই আশিস বিচাৰি শৰণাপন্ন হৈছে দেৱী সৰস্বতীৰ।

২. ঐতিহাসিক জোনবিল মেলাত আজি সম্পন্ন হ’ল পৰম্পৰাগত বিনিময় প্ৰথা। গোভা ৰজাই আনুষ্ঠানিকভাৱে এই প্ৰথা আৰম্ভ কৰে। পাহাৰৰ পৰা অহা মামা-মামীৰ সৈতে বিভিন্ন সামগ্ৰী বিনিময় কৰিলে ভৈয়ামৰ লোকসকলে।

৩. ৰাজনীতিলৈ আহিব আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। এক ফেচবুক পোষ্টত ইংগিত দিলে যুৱনেতাগৰাকীয়ে। অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়তে তেওঁ বিজেপিত যোগদান কৰিব বুলিও ধাৰণা কৰিছে বহুতে।

৪. অহা ৩০ জানুৱাৰীত পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। তাৰ পাছতেই ১৪ ফেব্ৰুৱাৰীত অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেবাটাও উন্নয়নমূলক প্ৰকল্প ৰাজ্যবাসীক উপহাৰ দিব দুয়োগৰাকী ৰাষ্ট্ৰনেতাই।

৫. বকো-ছয়গাঁও সমজিলা কাৰ্যালয়ত চাঞ্চল্যকৰ ঘটনা। বিজেপি কৰ্মীৰ বিৰুদ্ধে আয়োগৰ পৰ্টেল খুলি ভোটাৰ তালিকাৰ পৰা একাংশ লোকৰ নাম কৰ্তনৰ অভিযোগ। ঘটনাক লৈ তীব্ৰ চাঞ্চল্য অঞ্চলটোত।

৬. অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বাজেট অধিবেশন। ১৭ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট দাখিল কৰাৰ সম্ভাৱনা। প্ৰথম দিনৰ অধিৱেশন ভাষণ প্ৰদান কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই।

৭. আজি বিহপুৰীয়াত এখন জনসভা সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। প্ৰয়াগৰাজৰ মাঘমেলাত স্বামী অবিমুক্তেশ্বৰানন্দ সৰস্বতীৰ ওপৰত কৰা কথিত দুৰ্ব্যৱহাৰক তীব্ৰ গৰিহণা দিয়ে। তেওঁ কয় যে এই ঘটনাই হিন্দু স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত বিজেপিৰ ৰাজহুৱা বক্তব্য আৰু কামৰ মাজত এক ব্যাপক বৈপৰীত্য উদঙাই দিছে।

৮. ভাৰত আৰু নিউজীলেণ্ডৰ মাজত আজি অনুষ্ঠিত হৈছে টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচ। ৰায়পুৰত অনুষ্ঠিত হৈছে এই মেচখন। ইয়াৰ পূৰ্বে প্ৰথমখন মেচত চমকপ্ৰদ জয়লাভ কৰে ভাৰতে।

৯. গৌৰৱ গগৈয়ে গঢ়িব বিচৰা বৰ অসমত কেৱল মিঞাহে থাকিব। এই মন্তব্য বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামীৰ। ৰেজাউল কৰিমৰ নিচিনা ব্যক্তিয়ে শিৱসাগৰক, ধুবুৰী বনাম বুলি দিয়া হুংকাৰক গৌৰৱ গগৈয়ে আখৰে আখৰে পালন কৰিছে বুলিও কয় বিজেপিৰ মুখপাত্ৰগৰাকীয়ে।

গুপ্তাংগৰ অত্যন্ত গোন্ধ ওলাই নেকি… এয়া কি ৰোগৰ লক্ষণ?
ডাকঘৰৰ এই আঁচনিসমূহে দিব আপোনাক যথেষ্ঠ লাভ, জানক ক'ত কেনেকৈ কৰিব জমা
শীতকালত পেটৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ খাওক এইবোৰ খাদ্য...
এই অভ্যাস ত্যাগ কৰক, কেনেধৰণৰ খাদ্যই কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে ? জানক
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...