শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বৰঝাৰ বিমানবন্দৰত শ্বহীদ প্ৰাণেশ্বৰ কোচৰ নশ্বৰ দেহ, CRPF, অসম আৰক্ষীয়ে জনালে শেষ শ্ৰদ্ধাঞ্জলি…

আজি বিশেষ বিমানেৰে অনা হয় শ্বহীদগৰাকীৰ মৃতদেহ। বৰঝাৰ বিমান বন্দৰতে CRPFৰ বিষয়াই জনালে শ্ৰদ্ধাঞ্জলি।  অসম আৰক্ষীয়েও শেষ শ্ৰদ্ধা জ্ঞাপনন কৰে শ্বহীদ প্ৰাণেশ্বৰ কোচক।  আৰক্ষীৰ আইন শৃংখলাৰ মহাপৰিদৰ্শক (IGP) অখিলেশ সিঙেও  জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি।

বৰঝাৰ বিমানবন্দৰত শ্বহীদ প্ৰাণেশ্বৰ কোচৰ নশ্বৰ দেহ, CRPF, অসম আৰক্ষীয়ে জনালে শেষ শ্ৰদ্ধাঞ্জলি…
শ্বহীদ প্ৰাণেশ্বৰ কোচক শেষ শ্ৰদ্ধাঞ্জলি
trishna-kalita
Trishna Kalita | Updated On: 17 Jul 2025 10:19 AM

দেশ মাতৃৰ হকে প্ৰাণ আহুতি দিলে আন এগৰাকী অসমৰ বীৰ সন্তানে।  ঝাৰখণ্ডত নক্সাল বিৰোধী অভিযানত শ্বহীদ বৰণ কৰিছে অসমৰ জোৱানগৰাকীয়ে । কোকৰাঝাৰ জিলাৰ মাগুৰমাৰীৰ প্ৰাণেশ্বৰ কোচ নামৰ জোৱানজন শ্বহীদ হয় এই অভিযানত। বুধবাৰে পুৱা নক্সালৰ এম্বুচত পৰিছিল অভিযানকাৰী দলটো। প্ৰাণেশ্বৰ কোচ শ্বহীদ হোৱা খবৰ শুনাৰ লগে লগে কোকৰাঝাৰৰ ৰাভাপাৰাৰ ঘৰত বিৰাজ কৰিছে শোকাকুল পৰিৱেশে ।

CRPFৰ ২০৯ কোব্ৰা ৰেজিমেণ্টত কৰ্মৰত আছিল প্ৰাণেশ্বৰ কোচ। জানিব পৰা মতে শ্বহীদ প্ৰাণেশ্বৰ এৰি থৈ গৈছে পিতৃ-মাতৃৃ, পত্নীৰ লগতে তেওঁৰ চাৰিবছৰীয়া পুত্ৰক। বীৰেশ্বৰ কোচ আৰু ববিতা কোচৰ জ্যেষ্ঠ পুত্ৰ প্ৰাণেশ্বৰ কোচ ৷ ইফালে আজি বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছে প্ৰাণেশ্বৰ কোচৰ নশ্বৰদেহ।

বিশেষ বিমানেৰে অনা হয় শ্বহীদগৰাকীৰ মৃতদেহ। বৰঝাৰ বিমানবন্দৰতে CRPFৰ বিষয়াই জনালে শ্ৰদ্ধাঞ্জলি।  অসম আৰক্ষীয়েও শেষ শ্ৰদ্ধা জ্ঞাপন কৰে শ্বহীদ প্ৰাণেশ্বৰ কোচক।  আৰক্ষীৰ আইন শৃংখলাৰ মহাপৰিদৰ্শক (IGP) অখিলেশ সিঙে  জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি।

Last Tribute To Assam Crpf Jawan Praneswar Koch

বৰঝাৰ বিমানবন্দৰত শ্বহীদ প্ৰাণেশ্বৰ কোচৰ নশ্বৰ দেহ

প্ৰাণেশ্বৰ কোচৰ মৃত্যুত শোকপ্ৰকাশ কৰি সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে লিখিছে, “মা ভাৰতীৰ সুযোগ্য পুত্ৰ চিটি/জিডি পৰ্নেশ্বৰ কোঁচে ঝাৰখণ্ডত নক্সালৰ লগত হোৱা সংঘৰ্ষত আজি পুৱা শ্বহীদ বৰণ কৰে৷ কোকৰাঝাৰ সন্তান অমৰ শ্বহীদগৰাকীৰ বলিদানক হৃদয়ৰ নিভৃততম কোণৰ পৰা প্ৰণাম জনাই তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনাই শোকসন্তপ্ত পৰিয়াল আৰু আত্মীয়-স্বজনক গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷ আমি আমাৰ শ্বহীদ পৰিয়ালৰ কাষত সদায়ে আছোঁ আৰু আগলৈও থাকিম৷”

জানিব পৰা মতে নক্সালৰ সৈতে পুৱা ৬.৩০ বজাত আৰম্ভ হোৱা গুলীচালনাত নিহত হয় প্ৰাণেশ্বৰ কোচ। ঝাৰখণ্ড আৰক্ষী আৰু CRPFৰ ২০৯সংখ্যক কোব্ৰা বেটেলিয়নৰ যৌথ বাহিনীয়ে গোপন সূত্ৰৰ পম খেদি এই অভিযান চলাইছিল দলটোৱে। ইফালে এই অভিযানক নক্সালবাদৰ বিৰুদ্ধে চলি থকা ৰাষ্ট্ৰীয় কাৰ্যসূচীত এটা ডাঙৰ সফলতা হিচাপে গণ্য কৰা হৈছে। অভিযানত নিষিদ্ধ সংগঠন CPI (Maoist)ৰ ছাব-জ’নেল কামাণ্ডাৰ কুন্বৰ মাঝীৰো মৃত্যু হোৱা বুলি CRPFয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে ২০১৮ চনত CRPFত যোগদান কৰিছিল শ্বহীদ প্ৰাণেশ্বৰ কোচে। প্ৰশিক্ষণ সমাপ্তিৰ পাছত তেওঁক প্ৰথমে জম্মু অঞ্চলত নিযুক্তি দিয়া হৈছিল আৰু তিনিবছৰৰ পাছত নিযুক্তি লাভ কৰে ঝাৰখণ্ডত। এই ঘটনাই সমগ্ৰ অসমতে শোকৰ ছাঁ পেলাইছে। এইগৰাকী মহান বীৰ জোৱানৰ আত্মাৰ সদগতি কামনা কৰিছে অসমবাসীয়ে।