গুৱাহাটীত আন এক অঘটনঃ অবৈধভাৱে নিৰ্মিত অট্টালিকাৰ পৰা পৰি মৃত্যু শ্ৰমিকৰ
গুৱাহাটীৰ আদাবাৰীত সংঘটিত হৈছে এক ভয়ানক দুৰ্ঘটনা। আদাবাৰীৰ এটা নৱনিৰ্মিত অট্টালিকাৰ পৰা তললৈ পৰি মৃত্যু হৈছে এজন শ্ৰমিকৰ। নৱনিৰ্মিত ‘আশী মাৰ্গ’ নামৰ অট্টালিকাটোৰ পৰা পৰি এইদৰে শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে শ্রমিকজনে।
গুৱাহাটী মহানগৰীত সংঘটিত হৈছে আন এক ভয়ংকৰ দুৰ্ঘটনা। মহানগৰীৰ চানমাৰীস্থিত অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ কাৰ্যালয় চৌহদত এটা ল’জৰ পৰা পৰি যোৱা নিশা প্ৰাণ হেৰুৱাইছিল এজন যুৱকে। এই ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্য অব্যাহত থকাৰ সময়তে এইবাৰ মহানগৰীৰ আদাবাৰীত সংঘটিত হৈছে আন এক অঘটন। আদাবাৰীৰ এটা নৱনিৰ্মিত অট্টালিকাৰ পৰা তললৈ পৰি মৃত্যু হৈছে এজন শ্ৰমিকৰ। নৱনিৰ্মিত ‘আশী মাৰ্গ’ নামৰ অট্টালিকাটোৰ পৰা পৰি এইদৰে শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে শ্রমিকজনে।
১৬ মহলীয়া অট্টালিকাটোত কাম কৰি থকা অৱস্থাতে তললৈ বাগৰি পৰে শ্ৰমিকজন আৰু থিতাতে প্ৰাণ হেৰুৱায়। নিহত শ্ৰমিকজনক ছাদিক আখটাৰ বুলি চিনাক্ত কৰা হৈছে। মৃত শ্ৰমিক ছাদিক আখটাৰৰ ঘৰ পশ্চিমবংগৰ মালদাত বুলি জানিব পৰা গৈছে। এই হৃদয় বিদাৰক দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত শ্ৰমিকগৰাকীয়ে অট্টালিকাটোৰ ওপৰ মহলাত পানীৰ টেংকিত কাম কৰি আছিল।
ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পিছতে জালুকবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। লক্ষণীয়ভাৱে নৱনিৰ্মিত এই অট্টালিকাটোৰ বিৰুদ্ধে বহুদিনৰে পৰা ভিন্ন অভিযোগ উত্থাপিত হৈ আহিছে। এই বিশাল অট্টালিকাতো নীতিবহিৰ্ভূতভাৱে নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। ইয়াৰ পিছতে কৰ্তৃপক্ষই অট্টালিকাটোক অবৈধ ঘোষণা কৰিছিল।
কেৱল সিমানেই নহয়, অট্টালিকাটোৰ স্বত্বাধিকাৰীক লগতে কৰ্তৃপক্ষই ২৫ লাখ টকাৰ জৰিমনাও বিহিছিল। কিন্তু ইয়াৰ পিছতো অট্টালিকাটোৰ নিৰ্মাণকাৰ্য বন্ধ হোৱা নাছিল। আজিৰ এই ঘটনাৰ পিছত পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে অট্টালিকাটো। এনে ঘটনাৰ পিছত অট্টালিকাটোৰ স্বত্বাধিকাৰীৰ বিপক্ষে কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হ’ব লক্ষণীয়।
উল্লেখ্য যে যোৱা নিশা মহানগৰীৰ চানমাৰীস্থিত অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ কাৰ্যালয় চৌহদৰ ভিতৰত থকা এটা ল’জৰ পৰা পৰি এগৰাকী যুৱকে প্ৰাণ হেৰুৱাইছিল। নিশা প্ৰায় ১.৩০ বজাত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা। নিহত যুৱকজনক বিকাশ অধিকাৰী বুলি চিনাক্ত কৰা হৈছে। মূলতঃ গোৰেশ্বৰৰ বাসিন্দা বিকাশ অধিকাৰীয়ে কৰ্মসূত্ৰে গুৱাহাটীত বাস কৰিছিল।
যুৱকজনে পল্টন বজাৰৰ এখন হোটেলত চিকিউৰিটি গাৰ্ড হিচাপে কাম কৰিছিল বুলি জানিব পৰা গৈছে। যোৱা নিশা এগৰাকী বন্ধুৰ জন্মদিন উদযাপনৰ বাবে অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ কাৰ্যালয় চৌহদত থকা ল’জটোলৈ আহিছিল বিকাশ। দুই বন্ধুৰ সৈতে পাৰ্টি কৰি শুবলৈ যোৱাৰ পিছতে দ্বিতীয় মহলাৰ পৰা তেওঁ তললৈ বাগৰি পৰে আৰু থিতাতে প্ৰাণ হেৰুৱায়।
ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে বিকাশৰ দুই বন্ধুক সোধা-পোছা কৰিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে ঘটনাৰ সময়ত অত্যন্ত নিচাসক্ত অৱস্থাত আছিল বিকাশ। ল’জটোত থকা চিচিটিভিৰ ফুটেজো ইতিমধ্যে আৰক্ষীয়ে প্ৰৰীক্ষা কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই সদৰী কৰে।