শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কৰ্তন মোবাইল ইণ্টাৰনেট সেৱা, সেনাৰ ফ্লেগমাৰ্চ: অধিক অৱনতি কোকৰাঝাৰৰ পৰিস্থিতি…

কোকৰাঝাৰত কাৰিগাঁৱত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলী,কন্দুৱা গেছ নিক্ষেপ কৰিছে আৰক্ষীয়ে। সামান্তৰালভাৱে ৰেপিড একচন ফ'ৰ্চৰ দুটা কোম্পানী মোতায়েন কৰাৰ লগতে সেনাৰ ফ্লেগমাৰ্চৰ খবৰ পোৱা গৈছে। অধিক অৱনতি ঘটিছে জিলাখনৰ পৰিস্থিতি।

কৰ্তন মোবাইল ইণ্টাৰনেট সেৱা, সেনাৰ ফ্লেগমাৰ্চ: অধিক অৱনতি কোকৰাঝাৰৰ পৰিস্থিতি…
Manas Borah
Manas Borah | Published: 20 Jan 2026 16:27 PM

সোমবাৰৰ ঘটনাৰ পাছতে কোকৰাঝাৰৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে। একাংশ লোকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অগ্নিসংযোগৰ ঘটনাৰ খবৰ পোৱা গৈছে। খবৰ পোৱা মতে, কোকৰাঝাৰত কাৰিগাঁৱত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলী,কন্দুৱা গেছ নিক্ষেপ কৰিছে আৰক্ষীয়ে। সামান্তৰালভাৱে ৰেপিড একচন ফ’ৰ্চৰ দুটা কোম্পানী মোতায়েন কৰাৰ লগতে সেনাৰ ফ্লেগমাৰ্চৰ খবৰ পোৱা গৈছে। অধিক অৱনতি ঘটিছে জিলাখনৰ পৰিস্থিতি।

সূত্ৰৰ খবৰ অনুসৰি, বীৰছা কমাণ্ডো ফ’ৰ্চৰ দুটাকৈ অস্থায়ী শিবিৰত অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰীয়ে। সোমবাৰে সন্ধিয়া ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন চাৰিজন লোক গুৰুতৰভাৱে আহত হোৱা খবৰ পোৱা গৈছিল। কিন্তু শেহতীয়াকৈ গণপ্ৰহাৰত এই পৰ্যন্ত দুজনকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ সংঘৰ্ষত কেইবাজনো লোক আহত হৈছে। ইয়াৰ ভিতৰত আৰক্ষীৰ জোৱানো আছে।

ইফালে, ডাভোছৰ পৰাই DGP হৰমীত সিঙৰে ফোনযোগে বাৰ্তালাপ কৰি পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঘটনাস্থলীত উপস্থিত আছে IGP বিবেকৰাজ সিং। ইফালে, কাৰিগাঁৱৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সমগ্ৰ কোকৰাঝাৰ জিলাতে মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰিছে প্ৰশাসনে।

উল্লেখ্য যে, কোকৰাঝাৰ জিলাত এজন যুৱকৰ নৃশংস হত্যাকাণ্ডৰ ফলত তীব্ৰ অশান্তিৰ সৃষ্টি হৈছে, যাৰ ফলত ব্যাপক প্ৰতিবাদ, অগ্নিসংযোগৰ দৰে ঘটনাৰ খবৰ পোৱা গৈছে। কাৰিগাঁও আৰক্ষী আউটপোষ্টৰ পৰা মাত্ৰ ১ৰ পৰা ১.৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত গৌৰী নগৰত ১৯ জানুৱাৰী সোমবাৰে খবৰ পোৱা এক ভয়ানক কাণ্ডৰ পৰাই এই অশান্তিৰ সৃষ্টি হৈছে। প্ৰাথমিক তথ্য অনুসৰি, এটা পথ দুৰ্ঘটনাৰ ফলত কাজিয়াৰ সৃষ্টি হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰে, ক্ষুব্ধ জনসাধাৰণে চিকনা জৗহালৗও বিছমিট নামৰ এজন যুৱকক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হয়।

মৃত যুৱকজন অঞ্চলটোৰ পথ নিৰ্মাণৰ কামত নিয়োজিত ঠিকাদাৰ বাৰোন্দা বসুমতাৰীৰ জোঁৱাই। হিংসাত্মক ঘটনাৰ সময়ত যুগিৰাজ ব্ৰহ্ম আৰু প্ৰভাত ব্ৰহ্মকে ধৰি কেইবাজনো ব্যক্তি আহত হয়। ঘটনাস্থলীত এখন স্ক’ৰপিঅ’ গাড়ীত অগ্নিসংযোগ কৰা হয়। আৰক্ষীয়ে নিশ্চিত কৰিছে যে, এই হত্যাকাণ্ড আৰু তাৰ পিছত সংঘটিত হিংসাত্মক ঘটনাৰ সৈতে জড়িত এই পৰ্যন্ত ২৯ জন ব্যক্তিক আটক কৰা হৈছে। নিহত আনজন যুৱকৰ নাম সুনীল মুৰ্মু বুলি জানিব পৰা গৈছে।