Kokrajhar Railway Track Blast:কোকৰাঝাৰৰ ৰে’লপথত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা, IED ৰ আশংকা….

Kokrajhar Blast: বুধবাৰে নিশা কোকৰাঝাৰ ৰে'লপথত সংঘটিত হয় ভয়ংকৰ ঘটনা। কোকৰাঝাৰ আৰু ছালাকাটি ৰে'ল ষ্টেচনৰ মাজত বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। বৰ্তমান তদন্ত অব্যাহত আছে।

Kokrajhar Railway Track Blast:কোকৰাঝাৰৰ ৰেলপথত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা, IED ৰ আশংকা....

ৰে'লপথটো

Updated On: 

23 Oct 2025 09:30 AM

বুধবাৰ (২২ অক্টোবৰ)য়ে নিশা কোকৰাঝাৰ আৰু ছালাকাটি ৰে’ল ষ্টেচনৰ মাজত এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। তথ্য অনুসৰি নিশা প্ৰায় ১০.৩০ বজাত এই বিস্ফোৰণ হয়। এই ঘটনাৰ পাছতে বিচ্ছিন্ন হৈ পৰে ৰে’লপথ। ঘটনাৰ বিষয়ে তথ্য লাভ কৰাৰ পাছত লগে লগে সেই স্থানত আৰ পি এফ, জি আৰ পি আৰু স্থানীয় আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। প্ৰাৰম্ভিক তদন্তত এয়া এক আই ই ডি (IED) বিস্ফোৰণ বুলি আশংকা কৰা হৈছে।

এই বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে, ৰে’লপথ যথেষ্ঠ ক্ষতিগ্ৰস্ত হয়। বিস্ফোৰণৰ ফলত দক্ষিণ ভাৰতৰ পৰা উত্তৰ-পূবলৈ অহা কেইবাখনো ৰে’লৰ চলাচল ব্যাহত হৈ পৰে। এনে অৱস্থাত কিছুমান ৰে’লৰ পথ সলনি কৰিবলগীয়া। অৱশ্যে লগে লগে ৰে’ল প্ৰশাসনে ৰে’লপথ মেৰামতিৰ কাম সম্পূৰ্ণ কৰে। বৰ্তমান সুকলমে ৰে’ল চলাচল কৰি আছে।

এই ঘটনাত এতিয়ালৈকে কোনো লোক হতাহতি হোৱাৰ খবৰ আহি পৰা নাই।  বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। কোনে এই বিস্ফোৰণ সংঘটিত কৰিছে আৰু ক’ত বোমা সংৰোপন কৰিছিল এই সমগ্ৰ দিশ সন্দৰ্ভত তদন্ত চলি আছে। গতিকে তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

ঘটনা সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই কয় যে, ”আমি নিশা গম পাই ঘটনাস্থলীত উপস্থিত হৈছিলো। ৰে’লপথৰ ২ ফুট মান ক্ষতিগ্ৰস্ত হৈ আছো। কিন্তু এতিয়া মেৰামতি হৈ গ’ল। বৰ্তমান ৰেল চলাচল হৈ আছে। এয়া আই ই ডি নে কি এতিয়ালৈকে স্পষ্ট হোৱা নাই। ফৰেনচিকৰ দল অহাৰ পাছত সকলো পোহৰলৈ আহিব”।

উল্লেখ্য যে, বিগত কেইটামান দিনৰ পৰা অসমত কিছু অনাকাংক্ষিত ঘটনা হৈ আহিছে। কিছুদিন পূৰ্বে আলফ (স্বা)য়ে কাকপথাৰৰ সেনা ছাউনীত গুলী আৰু বিস্ফোৰণৰ কাণ্ড সংঘটিত কৰিছিল। কালি নিৰাপত্তাৰক্ষীয়ে এজন আলফা(স্বা)ৰ সদস্যক নিহত কৰিছিল। তাৰ পাছতে নিশা এই ঘটনা সংঘটিত হয়। অৱশ্যে কোনে, কিয় এই বিস্ফোৰণ সংঘটিত কৰিছে সেয়া তদন্তৰ অন্তত পোহৰলৈ আহিব।

 

অন্য খবৰ পঢ়কঃ নগাঁৱৰ ২৬,৫৮৫ মহিলাই লাভ কৰিলে ১০ হাজাৰকৈ টকা, মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে চেক…

এডিলেইডত বিশ্ব অভিলেখ গঢ়িলে ৰোহিতে, পিছ পৰিল পাকিস্তানৰ এইগৰাকী তাৰকা
বাৰে বাৰে কাহ হৈ থাকে নেকি? কি ৰোগৰ লক্ষণ, জানক...
পুৱাৰ সময়ত মূৰৰ বিষ হয় নেকি? জানক ইয়াৰ কাৰণ...
ৰাতি ভালকৈ টোপনি যোৱাৰ পিছতো দিনটো ভাগৰ লাগি থাকে নেকি? ৫টা কাৰণ জানক...