জুবিনৰ মৃত্যুক লৈ ৰাজ্য অশান্ত কৰিব বিচাৰিছে ভুৱা অনুৰাগীয়ে, মুখ্যমন্ত্ৰীৰ অভিযোগ
জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সেই লোকসকলে তেওঁৰ মতাদৰ্শক এক বেলেগ ট্ৰেজেক্টৰীত প্ৰক্ষেপ কৰিবলৈ চেষ্টা কৰিছে বুলি দাবী কৰে ডঃ শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয় যে যিসকলে শিল্পীগৰাকীক তেওঁৰ জীৱনকালত তীব্ৰ সমালোচনা কৰিছিল তেওঁলোকে “প্ৰকৃত জুবিন অনুৰাগী”ৰ ৰূপ লৈ অসমত উত্তেজনাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে।

জুবিন গাৰ্গৰ মৃত্যুক ৰাজনীতিকৰণ কৰি ৰাজ্যত উত্তেজনা সৃষ্টি কৰিবলৈ একাংশ লোকে। কণ্ঠশিল্পীগৰাকীৰ প্ৰকৃত অনুৰাগীৰ ৰূপ লৈ ৰাজ্যত উত্তেজনা সৃষ্টি কৰিবলৈ চেষ্টা চলাইছে এক শক্তিয়ে। এই অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ লগতে কয় যে বিজেপিয়ে জুবিনৰ সকলো “প্ৰকৃত অনুৰাগী”ক একত্ৰিত কৰি ৰাজ্যখনক “ভুৱা অনুৰাগী”ৰ যিকোনো অশান্তিৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে।
“জুবিন গাৰ্গৰ মৃত্যু অসমীয়া সমাজৰ আটাইতকৈ দুখজনক খবৰ। কিন্তু জনসাধাৰণৰ এটা অংশই ইয়াক ৰাজনৈতিক অস্ত্ৰলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিছে। তেওঁলোকৰ বহুতেই জুবিন জীয়াই থকাৰ সময়ত তেওঁৰ এটাও গীতো কেতিয়াও শুনা নাছিল, জুবিন গাৰ্গৰ বিষয়ে তেওঁলোকৰ জ্ঞান অতি সীমিত।” মুখ্য়মন্ত্ৰীয়ে কয়।
জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সেই লোকসকলে তেওঁৰ মতাদৰ্শক এক বেলেগ ট্ৰেজেক্টৰীত প্ৰক্ষেপ কৰিবলৈ চেষ্টা কৰিছে বুলি দাবী কৰে ডঃ শৰ্মাই। “ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত কোনেও ৰাজনীতি নকৰাৰ দৰে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কোনো ৰাজনীতি নহ’ব বুলি মোৰ বিশ্বাস। সকলো ৰাজনৈতিক দলে জুবিন গাৰ্গক ভাল পাইছিল আৰু তেওঁৰ নামক লৈ কোনো ৰাজনীতি কৰাৰ পৰিসৰ নাই।” ডঃ শৰ্মাই কয়।
মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয় যে যিসকলে শিল্পীগৰাকীক তেওঁৰ জীৱনকালত তীব্ৰ সমালোচনা কৰিছিল তেওঁলোকে “প্ৰকৃত জুবিন অনুৰাগী”ৰ ৰূপ লৈ অসমত উত্তেজনাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে।
“অসমক যিকোনো অশান্তিৰ পৰা ৰক্ষা কৰাৰ লক্ষ্যৰে আজিৰে পৰা বিজেপিয়ে প্ৰকৃত জুবিন অনুৰাগীৰ সৈতে ৰাজপথত সমদল কৰিছে। আমাৰ লক্ষ্য হৈছে প্ৰকৃত জুবিন অনুৰাগীক ভুৱা অনুৰাগীৰ বিৰুদ্ধে একত্ৰিত কৰা।” মুখ্যমন্ত্ৰীয়ে কয়।
ন্যায়পালিকাৰ জৰিয়তে জুবিন গাৰ্গৰ ন্যায় বিচাৰি ‘ন্যায় যাত্ৰা’ আৰম্ভ কৰিছে শাসকীয় বিজেপিয়ে। এই পদক্ষেপে ছ’চিয়েল মিডিয়াত ব্যাপক সমালোচনাৰ সৃষ্টি কৰিছে, কাৰণ ৰাজ্যখনত খোদ গেৰুৱা দলে শাসন কৰি আছে।
যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত সাঁতুৰি থকা অৱস্থাত ৰহস্যজনক পৰিস্থিতিত মৃত্যু হয় প্ৰখ্যাত শিল্পীগৰাকীৰ। নৰ্থ ইষ্ট ফেষ্টিভেলৰ চতুৰ্থ সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ তেওঁ দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰখনলৈ গৈছিল। এই গোচৰত এতিয়ালৈকে ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে, আৰু সকলোৱে কাৰাগাৰত আছে।