শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জুবিনবিহীন দেৱালী উদযাপন অসমীয়াৰ, পূৰ্বৰ তুলনাত দুগুণ বৃদ্ধি পালে বায়ু প্ৰদূষণ

এইবাৰ সমগ্ৰ ৰাজ্যত আয়োজন কৰা হয় দীপাৱালী। ফটকাৰ পৰিৱৰ্তে মাটিৰে চাকিৰে দীপাৱালী উদযাপনৰ সংকল্প লৈছিল ৰাজ্যবাসীয়ে।  তথাপিও দীপাৱালীৰ পিছতে ৰাজ্যত উৰ্ধগামী হৈছে বায়ুৰ গুণামান সূচকাংক (AQI)।  

জুবিনবিহীন দেৱালী উদযাপন অসমীয়াৰ, পূৰ্বৰ তুলনাত দুগুণ বৃদ্ধি পালে বায়ু প্ৰদূষণ
প্ৰতীকি ফটোImage Credit source: PTI
trishna-kalita
Trishna Kalita | Updated On: 23 Oct 2025 10:15 AM

অসমে হেৰুৱালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। আজিও শোকহত অনুৰাগী। তাৰ মাজতে সমগ্ৰ ৰাজ্যত আয়োজন কৰা হয় দীপাৱালী। ফটকাৰ পৰিৱৰ্তে মাটিৰে চাকিৰে দীপাৱালী উদযাপনৰ সংকল্প লৈছিল ৰাজ্যবাসীয়ে।  তথাপিও দীপাৱালীৰ পিছতে ৰাজ্যত উৰ্ধগামী হৈছে বায়ুৰ গুণমান সূচকাংক (AQI)।  অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্যই ইংগিত দিয়ে যে ২০২৫ চনত পূৰ্বৰ বছৰৰ তুলনাত বায়ু প্ৰদূষণৰ মাত্ৰা যথেষ্ট বৃদ্ধি পাইছে।

২০২৪ৰ দীপাৱলীৰ পিছৰ বায়ু পৰিষ্কাৰ

২০২৪ চনত দীপাৱলীৰ পিছদিনা (০১.১১.২০২৪) গড় AQI -এ ১১৩ ৰেকৰ্ড কৰি গুৱাহাটীৰ বায়ুৱে ‘মধ্যমীয়া’ শিতানত স্থান লাভ কৰে।

চাৰিটা মূল স্থান — বামুনীমৈদাম, পানবজাৰ, বৰঝাৰ বিমানবন্দৰ(LGBI) আৰু IIT গুৱাহাটীৰ কন্টিনিউয়াছ এম্বিয়েণ্ট এয়াৰ কুৱেলিটি মনিটৰিং ষ্টেচন (APCB)ৰ তথ্যই দেখুৱাইছে যে দীপাৱলীৰ নিশাটোত ২০২৪ৰ তুলনাত ২০২৫ত বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে ।

AQI— ১ নৱেম্বৰ, ২০২৪ (পৰৱৰ্তী দিন দীপাৱলী ২০২৪)

 

সময় বামুনীমৈদাম পানবজাৰ বৰঝাৰ বিমানবন্দৰ IIT গুৱাহাটী গড় AQI শ্ৰেণী
সন্ধিয়া ৬:০০ বজাত ৫৫ ৩৩ ১২৭ ৬০ ৬৮ সন্তোষজনক
সন্ধিয়া ৭:০০ বজাত ৬২ ৩৪ ১৩৭ ৬১ ৭৩ সন্তোষজনক
নিশা ৮:০০ বজাত ৭৩ ৩৮ ১৪২ ৬৩ ৭৯ সন্তোষজনক
নিশা ৯:০০ বজাত ৮৮ ৫০ ১৫০ ৭২ ৯০ সন্তোষজনক
১১:০০ বজাত ১০৩ ৬৯ ১৫৯ ৮১ ১০৩ মধ্যমীয়া
১২:০০ বজাত ১১৮ ৮২ ১৬৪ ৮৯ ১১৩ মধ্যমীয়া

২০২৫ চনৰ দীপাৱালীৰ সময়ত (২০–২১ অক্টোবৰ)ত গুৱাহাটীত AQI তীব্ৰভাৱে বৃদ্ধি পাইছিল। ২০২৫ চনৰ ২১ অক্টোবৰৰ নিশা গড় ৰিডিং ১৪৫ ত উপনীত হয়, যাৰ ফলত মহানগৰীৰ AQIৰ ৰেকৰ্ড  ‘মধ্যমীয়া’ পৰা “বেয়ালৈ” যায়। গভীৰ নিশালৈকে আতচবাচী বিস্ফোৰণৰ ফলত  একাধিক ঠাইত প্ৰদূষণৰ মাত্ৰা শিখৰত উপনীত হয়।

 AQI — ২১ অক্টোবৰ, ২০২৫ (দীপাৱলী ২০২৫)

সময়  বামুনীমৈদাম পানবজাৰ বৰঝাৰ বিমানবন্দৰ IIT গুৱাহাটী গড় AQI শ্ৰেণী
সন্ধিয়া ৬:০০ বজাত ১৭৪ ১১৯ ১৬৫ ১২০ ১৪৫ মধ্যমীয়া
সন্ধিয়া ৭:০০ বজাত ১৯২ ১২৭ ১৮০ ১২৫ ১৫৬ মধ্যমীয়া
নিশা ৮:০০ বজাত ১৭৯ ১১৮ ১৮০ ১১৫ ১৪৮ মধ্যমীয়া
নিশা ১০:০০ বজাত ১৭৪ ১১৪ ১৮৮ ১১০ ১৪৭ মধ্যমীয়া
১১:০০ বজাত ১৮২ ১১৪ ১৮৮ ১০৭ ১৪৮ মধ্যমীয়া
১২:০০ বজাত ১৮২ ১১২ ১৮৮ ৯৯ ১৪৫ মধ্যমীয়া

তুলনামূলক বিশ্লেষণ: ২০২৪ বনাম ২০২৫

পেৰামিটাৰ দীপাৱালী ২০২৪ (০১.১১.২৪) দীপাৱলী ২০২৫ (২১.১০.২৫)  পৰিৱৰ্তন(%)
গড় AQI ১১৩ ১৪৫ +২৮%
AQI শ্ৰেণী মধ্যমীয়া মধ্যমীয়া (সীমাৰেখা অতিক্ৰম)
পিক ষ্টেচন (AQI) ১৬৪(LGBI) ১৯২ (বামুনীমৈদাম) +১৭%
সৰ্বনিম্ন ষ্টেচন AQI ৩৩ (পানবজাৰ) ৯৯ (IIT-G) +200%

২০২৪ চনৰ দীপাৱলীৰ পিছৰ নিশাত সন্তোষজনকৰ পৰা মধ্যমীয়া বায়ুৰ গুণমান দেখা গৈছিল যদিও ২০২৫ চনত প্ৰদূষণৰ মাত্ৰাৰ স্পষ্ট উৰ্ধমুখী পৰিৱৰ্তন প্ৰতিফলিত হৈছিল।