শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কাৰ্বি ভূমিৰ পৰিস্থিতি নিয়ন্ত্ৰণত, মোতায়েন কৰা হৈছে অতিৰিক্ত বাহিনী…

সোমবাৰে নিশাৰ পৰা কোনো ধৰণৰ নতুনকৈ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা নাই বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

কাৰ্বি ভূমিৰ পৰিস্থিতি নিয়ন্ত্ৰণত, মোতায়েন কৰা হৈছে অতিৰিক্ত বাহিনী…
manas-borah
Manas Borah | Published: 23 Dec 2025 15:08 PM

সোমবাৰৰ পাছত মঙলবাৰৰ পুৱা ভাগলৈ কাৰ্বি ভূমিক কোনো ধৰণৰ সতেজ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই বুলি দাবী কৰিছে আৰক্ষীয়ে। সোমবাৰৰ দিনটোত কাৰ্বি আংলং জিলাত প্ৰতিবাদকাৰীয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুৰব্বীৰ পুৰণি বাসগৃহ আৰু কিছু দোকান জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছিল। যি ঘটনাই উদ্বিগ্ন কৰি তুলিছে ৰাজ্যবাসীক।

সোমবাৰৰ হিংসাত্মক ঘটনাৰ বাবে কাৰ্বি আংলং আৰু চুবুৰীয়া পশ্চিম কাৰ্বি আংলং জিলাত নিষেধাজ্ঞা বলবৎ কৰা হৈছিল। জাৰি কৰা হৈছিল বিএনএছএছ ১৬৩ ধাৰা। নিশা কাৰ্ফিউ জাৰি কৰা হয় আৰু সমগ্ৰ জিলাখনত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৬ বজালৈ কোনো ব্যক্তি বা গোট আৰু ব্যক্তিগত বাহনৰ চলাচলত বাধা আৰোপ কৰা হয়।

পিটিআইৰ প্ৰতিবেদন অনুসৰি, সোমবাৰে নিশাৰ পৰা কোনো ধৰণৰ নতুনকৈ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা নাই বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

মন্ত্ৰী ৰণোজ পেগু সোমবাৰে নিশা খেৰণিত উপস্থিত হৈ পৰিস্থিতি পুনৰীক্ষণ কৰে। ডিজিপি হৰমিত সিঙেও ততাতৈয়াকৈ কাৰ্বি আংলংলৈ গৈ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ পৰ্যালোচনা কৰে। পেগুৱে কয় যে, চুবুৰীয়া জিলাৰ পৰা অতিৰিক্ত বাহিনী অঞ্চলটোলৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণত আছে।

“পিজিআৰ আৰু ভিজিআৰৰ মাটিত বেদখলকাৰীয়ে বসতি স্থাপন কৰাত ৰাইজৰ এটা অংশ ক্ষুব্ধ আৰু যোৱা বছৰ তেওঁলোকক উচ্ছেদ কৰাৰ চেষ্টা কৰা হৈছিল, কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে উচ্ছেদ প্ৰক্ৰিয়া স্থগিত ৰখাৰ অন্তৱৰ্তীকালীন আদেশ দিয়ে।” তেওঁ কয়।

“বিষয়টো আলোচনাৰ জৰিয়তেহে সমাধান কৰিব পৰা যাব আৰু আমি প্ৰতিবাদকাৰী আৰু বেদখলকাৰী উভয়ৰে সৈতে আলোচনা কৰি আছো।” পেগুৱে লগতে কয়। ইফালে, সোমবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, অনশন কৰি থকা তিনিজন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা বুলি উৰাবাতৰি ওলাইছিল। যাৰ ফলত প্ৰতিবাদে হিংসাত্মক ৰূপ লয়।

তেওঁ স্পষ্ট কৰি দিয়ে যে,আজিলৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই যদিও স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত তেওঁলোকক চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যোৱা হৈছিল। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে,তেওঁ জিলা বিষয়া আৰু সংগঠনসমূহৰ নেতাসকলৰ সৈতে যোগাযোগত আছিল। তেওঁ লগতে কয় যে, আজি ৰাতিৰ ভিতৰত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব পাৰিম।

সোমবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ তুলিৰাম ৰংহাঙৰ বাসগৃহ আৰু খেৰণি বজাৰৰ প্ৰায় ১৫খন দোকান জ্বলাই দিয়া প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ গুলীচালনাত চাৰিজন লোক আহত হয়। সোমবাৰে খেৰণিৰ থানাতো আক্ৰমণৰ চেষ্টা চলাইছিল যদিও নিৰাপত্তাৰক্ষীয়ে বিফল কৰে।

জিলা দুখনৰ প্ৰফেচনেল গ্ৰেজিং ৰিজাৰ্ভ (পিজিআৰ) আৰু ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ (ভিজিআৰ)ৰ মাটিৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰাৰ দাবী জনাই আহিছে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদকাৰীয়ে বিগত ১২ দিন ধৰি অনশন কৰি অবৈধ বসতিপ্ৰধান লোকক উচ্ছেদ কৰাৰ দাবী জনাইছে।

কাৰ্বি আংলঙৰ খেৰণি অঞ্চলত আৰক্ষীয়ে বলপূৰ্বকভাৱে প্ৰতিবাদকাৰীক আঁতৰাই নিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে পৰিস্থিতি হিংসাত্মক হয়। অনশন কৰি থকা তিনিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলিও প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰে যদিও পিছত কেএএচিৰ মুৰব্বী তুলিৰাম ৰংহাঙে সাংবাদিকৰ আগত তেওঁলোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা বুলি জানিবলৈ দিয়ে।

প্ৰতিবাদকাৰীৰ এটা দলে কেএএচিৰ চিইএমৰ পুৰণি বাসগৃহত অগ্নিসংযোগ কৰে, তাৰ পিছত নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰে, য’ত তিনিজন আন্দোলনকাৰী আৰু এজন আৰক্ষী জোৱান আহত হয় বুলি বিষয়াসকলে জনায়।

Input-PTI