কলিয়াবৰত অঘটন! ভগ্ন মথাউৰিৰ পৰা ২০ ফুট তলত পৰিল বাইকসহ যুৱক, এতিয়ালৈ নাই সন্ধান
গণৰাজ্য দিৱসৰ আনন্দৰ মাজতে কালি নিশা কলিয়াবৰত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা। ভগ্ন মথাউৰিৰ পৰা প্ৰায় ২০ ফুট তলত পৰিল বাইকসহ আৰোহী। এতিয়ালৈকে সন্ধান নাই বাইক আৰোহী যুৱকৰ।

দেওবাৰে নিশা কলিয়াবৰত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। কলিয়াবৰ হাতীমূৰাৰ ভগ্ন মথাউৰিত বাইকসহ ২০ ফুট তলত থকা পানীত পৰে বাইক আৰোহী। বাইক আৰোহীগৰাকী জখলাবন্ধাৰ ৰাঙলুৰ অজয় সিং বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে বাইকখন উদ্ধাৰ কৰিছে যদিও অজয় সিঙৰ কোনো তথ্য লাভ কৰা নাই। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে ৰাজ্যত গণৰাজ্য দিৱসৰ আনন্দ উল্লাসৰ মাজতে কালি নিশা সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো। হাতীমূৰৰ ভগ্ন মথাউৰিৰ পৰা ব্ৰহ্মপুত্ৰৰ এৰাসূঁতিত বাগৰি পৰে অজয় সিং। ঘটনা সংঘটিত হোৱাৰ পৰা বাইক আৰোহীগৰাকী সন্ধানহীন অৱস্থাত আছে। আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে কালি নিশাই উদ্ধাৰ অভিযান চলাইছিল যদিও অজয় সিঙৰ কোনো সন্ধান লাভ কৰা নাই।
নিশাৰ ভাগত আৰক্ষীয়ে AS02AR 4969 নম্বৰৰ বাইকখনৰ লগতে এপাত চেণ্ডেল উদ্ধাৰ কৰিছে। সন্দেহ কৰা অনুসৰি এই চেণ্ডেল অজয় সিঙৰ। কিন্তু ঘন কুঁৱলী আৰু এন্ধাৰৰ বাবে নিশা আৰক্ষীয়ে উদ্ধাৰ অভিযান বন্ধ ৰাখিব লগা হয়। আজি পুৱা পুনৰ অজয় সিঙক বিচাৰি আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। অৱশ্যে এতিয়ালৈকে অজয়ৰ কোনো তথ্য লাভ কৰা নাই। সন্দেহ অনুসৰি দ’ পানীত ডুব গৈছে অজয় সিং।
ইয়াৰোপৰি এই ঘটনা কেনেকৈ সংঘটিত হ’ল এতিয়ালৈকে সেয়া জানিব পৰা হোৱা নাই। আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত পোহৰলৈ আহিব সকলো।