জুবিনবিহীন এমাহ, #JusticeForZubeenGarg ব্য়ৱহাৰকাৰীৰ সংখ্যা ২ মিলিয়ন অতিক্ৰম
যোৱা ১৯ ছেপ্টেম্বৰত সাগৰত সাঁতুৰি থকাৰ অৱস্থাত মৃত্যু হৈছিল জুবিন গাৰ্গৰ। ইয়াৰ পিছতে যোৱা ২৩ ছেপ্টেম্বৰত সোণাপুৰৰ কমাৰকুছিত সম্পন্ন হয় জুবিনৰ গাৰ্গৰ শেষকৃত্য। আচলতে জুবিনৰ মৃত্যু কেনেকৈ হ'ল? আজিও সেই প্ৰশ্ন উত্থাপন কৰি আহিছে পৰিয়াল তথা অনুৰাগীয়ে।

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৱে আজি এমাহ সম্পূৰ্ণ কৰিলে। প্ৰথমবাৰৰ বাবে অসমবাসীয়ে জুবিনবিহীন দুৰ্গা পূজা পালন কৰাৰ লগতে শোকাহত অসমীয়াই পালন কৰিলে কাতি বিহু। সামাজিক মাধ্যমত বহু অনুৰাগীয়ে ৰীলছ শ্বেয়াৰ কৰিছে, য’ত দেখা গৈছে তুলসীৰ তলত চাকি জ্বলাই স্মৰণ কৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। উল্লেখ্য যে, অনুৰাগীসকলে প্ৰতিটো সামাজিক মাধ্যমৰ পোষ্টত ব্যৱহাৰ কৰিছে #JusticeForZubeenGarg। এই হেছটেগ ব্যৱহাৰ কৰা লোকৰ সংখ্যাই ২মিলিয়ন অতিক্ৰম কৰিছে, অৰ্থাৎ ২০লাখ লোকে ব্যৱহাৰ কৰিছে #JusticeForZubeenGarg।
যোৱা ১৯ ছেপ্টেম্বৰত সাগৰত সাঁতুৰি থকাৰ অৱস্থাত মৃত্যু হৈছিল জুবিন গাৰ্গৰ। ইয়াৰ পিছতে যোৱা ২৩ ছেপ্টেম্বৰত সোণাপুৰৰ কমাৰকুছিত সম্পন্ন হয় জুবিনৰ গাৰ্গৰ শেষকৃত্য। আচলতে জুবিনৰ মৃত্যু কেনেকৈ হ’ল? আজিও সেই প্ৰশ্ন উত্থাপন কৰি আহিছে পৰিয়াল তথা অনুৰাগীয়ে। কাৰ অসাৱধানতাৰ বাবে মৃত্যুক সাৱতি ল’লে প্ৰাণৰ শিল্পীগৰাকীয়ে?
তেওঁৰ মৃত্যুৰ উচিত তদন্ত আৰু দোষীক উচিত শাস্তিৰ দিয়াৰ দাবী উত্থাপন কৰি আহিছে অনুৰাগীয়ে। #JusticeForZubeenGarg লিখি প্ৰাণৰ শিল্পীগৰাকীক ন্যায় প্ৰদানৰ দাবী ডিজিটেলী আগুৱাই নিছে অনুৰাগীয়ে। জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰেও জুবিনৰ ন্যাৰ দাবী উত্থাপন কৰাৰ লগতে উচিত তদন্তৰ দাবী জনাইছে। বৰ্তমান জুবিনৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত কৰা ডিজিটেল প্ৰতিবাদৰ শীৰ্ষত আছে #JusticeForZubeenGarg।
ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত অনুষ্ঠান পৰিৱেশনৰ বাবে গৈছিল জুবিন গাৰ্গ। অনুষ্ঠানৰ এদিন পূৰ্বে সাগৰত সাঁতুৰি থকাৰ অৱস্থাত মৃত্যু হয় জুবিন গাৰ্গৰ। সেই সময়ত তেওঁৰ লগত আছিল ছিংগাপুৰৰ অসমীয়া সমাজৰ ১১ জন সদস্য, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, তেওঁ সম্পৰ্কীয় ভাতৃ তথা অসম আৰক্ষীৰ বিষয়া সন্দীপন গাৰ্গ, তেওঁৰ দুই বেণ্ড সদস্য শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত। জুবিন গাৰ্গৰ মৃগীৰোগ থকাৰ পাছতো এইসকল লোকে কিয় সাগৰত সাঁতুৰিবলৈ জুবিনক উচতাইছিল তাক লৈয়ো বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে।
জুবিনৰ মৃত্যুৰ তদন্ত দাবী উত্থাপন কৰাৰ পাছতে ৰাজ্য চৰকাৰে সেই গোচৰৰ তদন্তৰ দায়িত্ব CID ক অৰ্পণ কৰে। চৰকাৰৰ নিৰ্দেশত গঠন কৰা হয় চি আই ডিৰ বিশেষ তদন্তকাৰী দল (SIT)। শেহতীয়াকৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ এটা দলে সোমবাৰৰ পৰা ছিংগাপুৰ ভ্ৰমণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলাই থকা চি আই ডিৰ বিশেষ তদন্তকাৰী দলে নিৰ্দিষ্ট সময়ৰ ভিতৰত আদালতত অভিযোগনামা দাখিল কৰাৰ পথত আগবাঢ়িছে।
দহজনীয়া এছ আই টিৰ মুৰব্বী বিশেষ ডিজিপি মুন্না প্ৰসাদ গুপ্তাই শনিবাৰে সাংবাদিকৰ আগত কয় যে,”তদন্ত চলি আছে…সকলোৰে ভাষ্য ৰেকৰ্ড কৰা হৈছে। আমি ২৪ ঘণ্টাই কাম কৰি আছো আৰু তদন্ত সঠিক দিশত চলি আছে।” তেওঁ কয় যে, এছ আই টিয়ে সময়মতে আদালতত প্ৰতিবেদন দাখিল কৰিব। গুপ্তাই পূৰ্বে কৈছিল যে, ৯০ দিনৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰা হ’ব।
তদন্তৰ বাবে ছিংগাপুৰ ভ্ৰমণ কৰা এছ আই টিৰ দলটোক নেতৃত্ব দিব মুন্না প্ৰসাদ গুপ্তাই। এই বিষয়ত তেওঁ কয় যে,”আমি এই ভ্ৰমণৰ বাবে সাজু আৰু আমি ছিংগাপুৰ কৰ্তৃপক্ষৰ সময়সূচী অনুসৰি যাম আৰু আমাৰ তদন্ত আগবঢ়াই নিম।” ইতিমধ্যে এছ আই টিয়ে শেষবাৰৰ বাবে চিকিৎসালয়ত জুবিনৰ চিকিৎসা কৰা হিতেশ বৰুৱা আৰু সংগীত শিল্পী দিগন্ত ভাৰতীকে ধৰি বহু লোকৰ ভাষ্য গ্ৰহণ কৰিছে। শেষৰ সময়ত ছিংগাপুৰত জুবিনৰ লগত থকা অসমীয়া সমাজৰ ১১ জন সদস্যৰো ভাষ্য গ্ৰহণ কৰিছে এছ আই টিয়ে।
মনকৰিবলগীয়া যে, জুবিনৰ চিকিৎসাৰ সৈতে বিশেষভাৱে জড়িত চিকিৎসক হিতেশ বৰুৱাই কয় যে, জুবিন গাৰ্গৰ ঘনিষ্ঠ সকলোৱে তেওঁৰ মৃগীৰোগৰ বিষয়ে অৱগত আৰু জানিছিল যে তেওঁক জুই-পানীৰ পৰা আঁতৰাই ৰাখিব লাগে। তেওঁক বিদেশলৈ লৈ যোৱা, তাৰ পিছত সাগৰলৈ আৰু পিছত সাঁতুৰিবলৈ দিয়াটো জুবিনৰ লগত থকাসকলৰ ডাঙৰ ভুল বুলি দাবী কৰে চিকিৎসক বৰুৱাই।
এই গোচৰত এছ আই টিয়ে এই পৰ্যন্ত ৭ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোক হৈছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, তেওঁৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ, তেওঁৰ দুই বেণ্ড সদস্য শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত আৰু তেওঁৰ দুই পি এছ অ’ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য। চিআইডিৰ জিম্মাৰ ম্যাদ শেষ হোৱাৰ পিছত বৰ্তমান এই আটাইকেইজন ন্যায়িক জিম্মাত আছে…।