ৰাজহুৱা হ’বনে জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট ? মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা হ’ব ন্যায়িক আয়োগ, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা…
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াক লৈ অহা শনিবাৰ, কাইলৈ ন্যায়িক আয়োগ গঠন কৰিব ৰাজ্য চৰকাৰে। জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট ৰাজহুৱা কৰিব নে নকৰে সেই কথাও জনাইছে মুখ্যমন্ত্ৰীয়ে।

অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা হ’ব ন্যায়িক আয়োগ। ফেচবুক লাইভৰ জৰিয়তে এই কথা সদৰী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ জানিবলৈ দিয়ে যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াক লৈ অহা শনিবাৰ, কাইলৈ ন্যায়িক আয়োগ গঠন কৰিব ৰাজ্য চৰকাৰে।
মুখ্যমন্ত্ৰী স্পষ্টভাৱে কয় যে, প্ৰিয় জুবিন গাৰ্গৰ ন্যায় সুনিশ্চিত কৰাৰ বাবে চৰকাৰ দায়বদ্ধ। ইফালে, কিবা তথ্য থাকিলে আয়োগক অনুৰাগীয়ে দাখিল কৰিব পাৰিব বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। ইফালে, ফেচবুক লাইভত জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।
অভিযুক্তৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
মুখ্যমন্ত্ৰী শৰ্মাই জনাইছে যে, এই ঘটনাৰ গোচৰত অভিযুক্ত আটাইকেইজনে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। একে সময়তে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শর্মা, শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্তত প্ৰেৰণ কৰা হৈছে ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ। এবাৰতে আদালতে তেওঁলোকক ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। যিটো একেবাৰে কম গোচৰত দেখা যায়। যদি ছিংগাপুৰৰ মানুহখিনিয়ে তদন্তত সহায় নকৰে, তেন্তে ব্যৱস্থা লোৱা হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে।
জুবিনৰ গুৱাহাটীৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট ৰাজহুৱা কৰা হ’বনে?
ইয়াৰ সমান্তৰালভাৱে ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট জুবিন গাৰ্গৰ পত্নীক দিয়াৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে। লগতে তেওঁ কয়, শনিবাৰে গুৱাহাটীত কৰা মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট গৰিমা গাৰ্গক দিয়া হ’ব। তেওঁ এটা কথা স্পষ্ট কৰি দিছে, গুৱাহাটীৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট ৰাজহুৱা কৰিব নে নকৰে সেই সিদ্ধান্ত জুবিন গাৰ্গৰ পত্নী তথা পৰিয়ালে ল’ব।