J.B law college: জে বি আইন মহাবিদ্যালয়ত কোটি টকাৰ কেলেংকাৰী, অধ্যক্ষাসহ নিলম্বন ৩জন
J.B law college: গুৱাহাটীস্থিতি জে বি আইন মহাবিদ্যালয়ৰ পৰা এক কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে। এই সন্দৰ্ভত ইতিমধ্যে মহাবিদ্যালয়খনৰ অধ্যক্ষা আৰু আন দুজন কৰ্মচাৰীক নিলম্বন কৰিছে।

গুৱাহাটীস্থিত জে বি আইন মহাবিদ্যালয়ৰ পৰা এক কোটটকীয়া কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে। এই কেলেংকাৰী সন্দৰ্ভত ইতিমধ্যে নিলম্বন হৈছে জগন্নাথ বৰুৱা আইন মহাবিদ্যালয় ( j B law college) ৰ অধ্যক্ষ ড০ মালবিকা তালুকদাৰ। আইন মহাবিদ্যালয়খনত সংঘটিত হোৱা কোটিটকীয়া কেলেংকাৰীৰ তথ্য় পোহৰলৈ অহাৰ পাছতেই বিভাগীয় কৰ্তৃপক্ষই তেওঁৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰিছে। এই ঘটনাই মহাবিদ্যালয়খনত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

পত্ৰখন
অধ্যক্ষাগৰাকীৰ লগতে আন দুগৰাকী কৰ্মচাৰীকো নিলম্বন কৰিছে। কেলেংকাৰী সন্দৰ্ভত নিলম্বন হোৱা মহাবিদ্যালয়খনৰ আন দুজন কৰ্মচাৰী হ’ল প্ৰেক্টিকেল ক’ৰ্ছক’ৰ্ডিনেটৰ ৰঞ্জন জ্যোতি দাস আৰু গাণানিক প্ৰদীপ বেজবৰুৱা। জে বি আইন কলেজৰ কোটিটকীয়া কেলেংকাৰীত বৰ্তমানলৈ অধ্যক্ষাসহ ৩ গৰাকী নিলম্বন হৈছে।
উল্লেখ্য যে, কিছুদিন পূৰ্বে পোহৰলৈ আহিছিল জে বি আইন কলেজৰ কেলেংকাৰীৰ ঘটনা। এই তথ্য পোহৰলৈ অহাৰ পাছতেই সমগ্ৰ মহাবিদ্যালয়খনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। পৰৱৰ্তী সময়ত এই বিষয়টো তদন্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই অনুসৰি সমগ্ৰ বিষয়টো তদন্ত কৰিবলৈ এখন ৫ জনীয়া কমিটী গঠন কৰা হৈছিল । এই কমিটীখনে আৰ্থিক দিশসমূহ পৰিচালনা কৰি অডিটো কৰিছিল।
অডিটৰ প্ৰতিবেদন আৰু সকলো নিৰীক্ষণ কৰাৰ পাছত কেলেংকাৰীৰ বিষয়টো স্পষ্ট হৈ পৰে আৰু নিশ্চিত হয় যে অধ্যক্ষাগৰাকীয়ে আন কেইজনমানৰ লগত লগ লাগি মহাবিদ্যালয়ত কেলেংকাৰী সংঘটিত কৰিছে। পৰৱৰ্তী সময়ত এই ৩ জনক নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বিভাগীয় কৰ্তৃপক্ষই। যোৱা ২ নৱেম্বৰত অধ্যক্ষা ড০ মালবিকা তালুকদাৰৰ লগতে প্ৰেক্টিকেল ক’ৰ্ছক’ৰ্ডিনেটৰ ৰঞ্জন জ্যোতি দাস আৰু গাণানিক প্ৰদীপ বেজবৰুৱাক নিলম্বন কৰা হয়।
জানিব পৰা মতে ২০১৯ চনৰ পৰা ২০২৪ চনৰ ভিতৰত এই কোটিটকীয়া কেলেংকাৰী সংঘটিত হৈছিল। এই বিষয়ৰ তদন্ত কৰা কমিটীয়ে অভিযুক্তসকলৰ বিৰুদ্ধে মুঠ ৬৭ পৃষ্ঠাৰ প্ৰতিবেদনো দাখিল কৰিছে। পৰৱৰ্তী সময়ত এই বিষয়টোত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।