শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিদেশত চাকৰি পাব অসমৰ ৫০ হাজাৰ যুৱক-যুৱতীয়ে…

বিদেশত কাম কৰাৰ সুযোগ লাভ কৰিব অসমৰ ৫০ হাজাৰ যুৱক-যুৱতীয়ে । শেহতীয়াকৈ এই কথা সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

বিদেশত চাকৰি পাব অসমৰ ৫০ হাজাৰ যুৱক-যুৱতীয়ে…
জাপানত চাকৰি পাব অসমৰ ৫০ হাজাৰ যুৱক-যুৱতীয়ে
Manas Borah
Manas Borah | Published: 16 Feb 2025 10:09 AM

অসমৰ পৰা মানৱ সম্পদ আহৰণৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে জাপান আৰু ছিংগাপুৰে । সেই অনুসৰি বিদেশত কাম কৰাৰ সুযোগ লাভ কৰিব অসমৰ ৫০ হাজাৰ যুৱক-যুৱতীয়ে । শেহতীয়াকৈ এই কথা সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । একেসময়তে এই সন্দৰ্ভত দুয়োখন দেশৰ সৈতে দুখনকৈ গুৰুত্বপূৰ্ণ চুক্তি সম্পন্ন হ’ব বুলিও সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে । কেনেধৰণৰ প্ৰক্ৰিয়াৰে লাভ কৰিব চাকৰি ?

মুখ্যমন্ত্ৰী শৰ্মাই সদৰী কৰিছে যে, ৰাজ্যখনৰ ৫০ হাজাৰ যুৱক-যুৱতীয়ে প্ৰথম অৱস্থাত জাপানত কাম কৰাৰ সুযোগ লাভ কৰাৰ বিপৰীতে ছিংগাপুৰেও স্বাস্থ্য়খণ্ডৰ বাবে অসমৰ নাৰ্ছ নিয়োগ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে । ইতিমধ্যে ছিংগাপুৰত উত্তৰ-পূবৰ ১৭ গৰাকী যুৱতী নাৰ্ছ হিচাপে কৰ্মৰত হৈ আছে বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ৰাজ্যখনৰ যুৱক-যুৱতীক নিয়োগ কৰিবৰ বাবে জাপানে অসমত স্থাপন ভাষাকেন্দ্ৰ । যাৰ জৰিয়তে ৯ মাহৰ এক বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব জাপানে । ৰাজ্য়খনৰ যিসকল যুৱক-যুৱতীয়ে এই প্ৰশিক্ষণ গ্ৰহণ কৰে তেওঁলোকে জাপানত কাম কৰাৰ সুযোগ লাভ কৰিব । কেৱল সেয়াই নহয় যদি কোনোৱে জাপানলৈ যাবলৈ আগ্ৰহ প্ৰকাশ নকৰে তেন্তে ভাৰতত থকা জাপানী কোম্পানীত চাকৰি কৰাৰ সুযোগ লাভ কৰিব বুলিও সদৰী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ইফালে, ছিংগাৰপুৰে অসমৰ পৰা নাৰ্ছ বিচৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, অসমৰ নাৰ্ছ সকলৰ কামত সন্তুষ্ট হৈ ছিংগাপুৰে আৰু অধিক নাৰ্ছ নিয়োগ কৰা ক্ষেত্ৰত আগ্ৰহ দেখুৱাইছে । গতিকে এই ক্ষেত্ৰত ছিংগাপুৰক সহযোগিতা কৰিব দৰঙৰ দক্ষতা বিকাশ বিশ্ববিদ্যালয়ে ।