১০ ৰোহিংগ্যাকে ধৰি ১৬ অনুপ্ৰৱেশকাৰীক বিতাৰণ অসম আৰক্ষীৰ, মুখ্যমন্ত্ৰীয়ে ক’লে, ‘Mission Impossible’
অসম আৰক্ষীয়ে অব্যাহত ৰখা অভিযানৰ অংশ হিচাপে পুনৰ ১৬ অনুপ্ৰৱেশকাৰীক পুছ বেক কৰিছে। এই কথা জানিবলৈ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
আজিও সীমান্তত চলি আছে বাংলাদেশীৰ অনুপ্ৰৱেশৰ প্ৰচেষ্টা। দেখা গৈছে যে, প্ৰায়ে অসম আৰক্ষীয়ে সীমান্তৰে বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুছ বেক কৰি আহিছে। আৰু এই খবৰ সামাজিক মাধ্যমৰ জৰিয়তে জনাই আহিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
শেহতীয়াকৈ বাংলাদেশীৰ অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰাৰ লক্ষ্যৰে সীমান্তত অসম আৰক্ষীয়ে অব্যাহত ৰখা অভিযানৰ অংশ হিচাপে পুনৰ ১৬ অনুপ্ৰৱেশকাৰীক পুছ বেক কৰিছে। এই কথা জানিবলৈ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ জনাইছে যে, শুকুৰবাৰে পুৱা ১০জন ৰোহিংগ্যাকে ধৰি ১৬ জন অনুপ্ৰৱেশকাৰীক পুছ বেক কৰে অসম আৰক্ষীয়ে।
Another smooth operation! 🚧
Six Bangladesh nationals and ten Rohingyas safely sent back through Gate 39 at 00:30 hrs, as clean and precise as a Mission Impossible scene.
Assam’s borders stay secure, our team stays vigilant, and no multiverse anomaly detected. pic.twitter.com/HJDRyaGKqf
— Himanta Biswa Sarma (@himantabiswa) November 14, 2025
সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিয়ে যে, সীমান্ত সুৰক্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ দায়বদ্ধ। তেওঁ হলিউডৰ এখন ছবিৰ উদ্ধৃতি দি কয়, “অবৈধভাৱে প্রৱেশ কৰা ছজন বাংলাদেশী নাগৰিক আৰু দহজন ৰোহিংগ্যাক আটক কৰি কালি নিশা ১২-৩০ বজাত ঘূৰাই পঠিওৱা হয়। অসমৰ সীমান্তক অনুপ্রৱেশৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ আমাৰ আৰক্ষীয়ে দিন-ৰাতি একাকাৰ কৰি সতৰ্ক হৈ আছে। এনে সফলতা ‘Mission Impossible’ ৰ দৃশ্যৰ দৰেই পৰিষ্কাৰ আৰু নিখুঁত।”
উল্লেখ্য যে, কোন জিলাৰ পৰা অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিওৱা হৈছিল সেই কথা উল্লেখ কৰা মুখ্যমন্ত্ৰী শৰ্মাই। কিন্তু বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিওৱা কাৰ্য অসম আৰক্ষীৰ কঠোৰ সতৰ্কতাক অধিক স্পষ্ট কৰি তুলিছে।