শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰাফেলৰ গৰ্জন, তেজছৰ বেগ, সূৰ্যকিৰণৰ উৰণ…গুৱাহাটীত বায়ুসেনাৰ বিশেষ এয়াৰ শ্ব’…

India Air Force Show: বহু প্ৰতীক্ষাৰ অন্তত আজি গুৱাহাটীত অনুষ্ঠিত হয় বায়ু সেনাৰ বিশেষ এয়াৰ শ্ব'। য'ত কেইবাখনো যুদ্ধ বিমানে কলা-কৌশল প্ৰদৰ্শন কৰে। এই অনুষ্ঠানত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে।

ৰাফেলৰ গৰ্জন, তেজছৰ বেগ, সূৰ্যকিৰণৰ উৰণ…গুৱাহাটীত বায়ুসেনাৰ বিশেষ এয়াৰ শ্ব’…
ভাৰতীয় বায়ু সেনা
barasha-sarma
Barasha Sarma | Updated On: 09 Nov 2025 18:20 PM

ভাৰতীয় বায়ু সেনাৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হয় বায়ুসেনাৰ বিশেষ এয়াৰ শ্ব’। ব্ৰহ্মপুত্ৰৰ লাচিত ঘাটত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লগতে হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। পুৱা প্ৰায় ১২.০০ মান বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত বহুকেইখন যুদ্ধ বিমানে কলা-কৌশৰ প্ৰদৰ্শন কৰে। এই সময়ত ব্ৰহ্মপুত্ৰৰ ওপৰত আজি দেখা যায় ৰাফেল, সুখোই, তেজছ, মিৰাজকে ধৰি বহু অত্যাধুনিক বিমান।

প্ৰথমবাৰৰ বাবে উত্তৰ-পূবত অনুষ্ঠিত হোৱা এই শ্ব’ত ২৫টাতকৈও অধিক ফৰ্মেচনত ৭৫খনতকৈও অধিক বিমান আৰু হেলিকপ্টাৰে কলা-কৌশল প্ৰদৰ্শন কৰে। এই বিমানসমূহ গুৱাহাটী, তেজপুৰ, যোৰহাট, চাবুৱা, হাছিমাৰা, বাগদোগ্ৰা, আৰু পানাগড় বিমান ঘাটিৰ পৰা অহা। প্ৰতিটো ফৰ্মেচনে উত্তৰ-পূৰ্বাঞ্চলৰ ঐতিহ্য আৰু ভূগোলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়।

লাচিত বৰফুকনৰ প্ৰতি শ্ৰদ্ধা জনাই এই অনুষ্ঠানৰ আৰম্ভণি কৰে LCA তেজছে। এই লাইনআপত আছিল ৰাফেল, সুখোই-৩০ এমকেআই, মিগ-২৯, মিৰাজ, জাগুয়াৰ, আপাচি, আইএল-৭৮ ৰিফিউলাৰ, চি-১৭ গ্ল’বমাষ্টাৰ, চি-১৩০ হাৰকিউলিছ, এডভান্সড লাইট হেলিকপ্টাৰ (এএলএইচ এমকে-১), আৰু এণ্টনভ এএন-৩২। তাৰ পাছতে আৰু বহু কেইখন বিমানে দেখুৱাই কলা-কৌশল।

এই বছৰ বায়ুসেনা দিৱসৰ বিষয়বস্তু হৈছে অভেদ্য,দুৰ্জেয়,অভূতপূৰ্ব। এই অনুষ্ঠান কেৱল বায়ুসেনাৰ শক্তিৰ প্ৰতীকেই নাছিল, ই আছিল ৰাষ্ট্ৰীয় গৌৰৱৰ প্ৰতীক। আজি ব্ৰহ্মপুত্ৰৰ আকাশ বায়ুসেনাই দেশভক্তিৰ ৰঙেৰে উজ্বলাই তোলে।

এই বিশেষ অনুষ্ঠানটোত বায়ুসেনাৰ আধুনিক বিমান আৰু হেলিকপ্টাৰে ২৫টা ভিন্ন গঠনত উৰণ কৰিছিল। ইয়াৰ ভিতৰত আছিল ৰাফেল, সুখোই-৩০এমকেআই, তেজাছ, মিৰাজ, জাগুয়াৰ, মিগ-২৯, চি-১৩০, চি-১৭, আপাচি, প্ৰচাণ্ডা, আৰু এ এল এইচ মাৰ্ক-১ হেলিকপ্টাৰ। এয়াৰ শ্ব’ত সূৰ্যকৰণ এৰোবেটিক দলে এক আকৰ্ষণীয় প্ৰদৰ্শন কৰে।

উল্লেখ্য যে, কৌশলগতভাৱে এই অনুষ্ঠানটো বিশেষ বুলি বিবেচিত কৰা হৈছে। কিয়নো গুৱাহাটী অঞ্চল চীন সীমান্ত আৰু চিকেন নেক কৰিডৰৰ ওচৰত। গুৱাহাটীৰ পৰা ভাৰতে চীন, পাকিস্তান, বাংলাদেশক লক্ষ্য কৰি লোৱাৰ চেষ্টা কৰিছিল। এই অঞ্চলৰ ওপৰেৰে ৰাফেল আৰু তেজছৰ দৰে যুদ্ধ বিমানৰ উৰণে উত্তৰ-পূবত ভাৰতৰ বায়ু শক্তিৰ উপস্থিতিৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে।

বায়ুসেনাৰ এই অনুষ্ঠানে নিশ্চয়কৈ আজি যুৱক-যুৱতীসকলৰ মাজত দেশপ্ৰেমৰ আন এক ধ্বনিৰ সৃষ্টি কৰিছে। ৰাফেলৰ গৰ্জন, তেজছৰ বেগ, সূৰ্যকিৰণৰ উৰণে ভাৰতৰ নতুন আকাশী শক্তিক প্ৰতিনিধিত্ব কৰে। ইয়াৰ ধাৰাবাহিকতাৰে ভাৰতে অহা ১৩-২০ নৱেম্বৰ, ২০২৫ চনৰ পৰা উত্তৰ-পূবত এক বৃহৎ অনুশীলন চলাব।

 

অন্য খবৰ পঢ়কঃ বায়ুসেনাৰ এয়াৰ শ্ব’ৰ পৰা ৰাছিয়াৰ নতুন ঘোষণালৈ, দিনটোৰ খবৰ…