বিশেষ কাৰণত অসম ভ্ৰমণ বাতিল ৰাজনাথ সিঙৰ
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসম ভ্ৰমণ বাতিল কৰিছে বুলি জানিব পৰা গৈছে। সূত্ৰ খবৰ অনুসৰি, এই সন্দৰ্ভত কোনো আনুষ্ঠানিত বিবৃতি প্ৰকাশ কৰা নাই যদিও বিশেষ কাৰণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসম ভ্ৰমণ বাতিল কৰিছে জানিব পৰা গৈছে।
অসম ভ্ৰমণ বাতিল কৰিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। আজি গুৱাহাটী লাচিত ঘাটত অনুষ্ঠিত কৰা বায়ুসেনা দিৱসৰ অনুষ্ঠানত উপস্থিত থকাৰ কথা আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসম ভ্ৰমণ বাতিল কৰিছে বুলি জানিব পৰা গৈছে। সূত্ৰ খবৰ অনুসৰি, এই সন্দৰ্ভত কোনো আনুষ্ঠানিত বিবৃতি প্ৰকাশ কৰা নাই যদিও বিশেষ কাৰণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসম ভ্ৰমণ বাতিল কৰিছে জানিব পৰা গৈছে।
আজি দেওবাৰে গুৱাহাটী লাচিত ঘাটত ভাৰতীয় বায়ুসেনাৰ দিৱসৰ উপলক্ষে আয়োজন কৰা হৈছে বিশেষ এয়াৰ শ্ব’। এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং উপস্থিত থাকিব বুলি খবৰ প্ৰকাশ পাইছিল। প্ৰকাশিত খবৰ অনুসৰি, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অসম ভ্ৰমণ কাৰ্যসূচী বাতিল কৰিলেও পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰিয়ে অনুষ্ঠিত হ’ব ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্ব’।
উল্লেখ্য যে, ভাৰতীয় বায়ুসেনাৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আয়োজন কৰা হৈছে এই বিশেষ এয়াৰ শ্ব’। প্ৰকাশিত খবৰ অনুসৰি, দুপৰীয়া ১২,৩০ বজাৰ পৰা ২ বজালৈ প্ৰদৰ্শিত হ’ব এয়াৰ শ্ব’।
জনা গৈছে যে,বায়ু সেনাৰ এই বিশেষ এয়াৰ শ্ব’ত ভাগ ল’ব M17, APACHE, ALH, C-295, TEJAS দৰে ভাৰতীয় বায়ু সেনাৰ আগশাৰীৰ যুঁজাৰু বিমানে। ৭৫খনৰো অধিক বায়ুসেনা বিমানে এই শ্ব’ত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। বাগদগৰা, হাচিমাৰা, গুৱাহাটী, তেজপুৰ, যোৰহাট, চাবুৱাৰ পৰা বিমান সমূহ শ্ব’ৰ বাবে ৰাওনা হ’ব।
এই অনুষ্ঠানলৈ ৩ হাজাৰ অতিথিৰ সমাগম হ’ব বুলি আশা কৰা হৈছে। উজান বজাৰৰ নতুন পাৰ্কৰ পৰাও চাব পাৰিব ফ্লায়িং শ্ব’। যি সকলৰ সুবিধা হয় গুৱাহাটীৰ নিজৰ ঘৰৰ পৰাও চাব পাৰিব এই এয়াৰ শ্ব’।