Independence day 2024: অসম আৰক্ষীৰ পদক ঘোষণা, DIG ৰত্না সিঙলৈ ৰাষ্ট্ৰপতি বিশিষ্ট সেৱা পদক
ইয়াৰ লগতে ১,০৩৭ গৰাকী নিৰাপত্তাৰক্ষীলৈ আগবঢ়োৱা হৈছে বিশিষ্ট সেৱা পদক। ২০২৪ চনৰ স্বাধীনতা দিৱস উপলক্ষে ভাৰত চৰকাৰৰ পৰা পদক লাভ কৰা অসম আৰক্ষী , অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা অসম আৰু অসম গৃহৰক্ষী বিষয়া আৰু কৰ্মীক শুভেচ্ছা জ্ঞাপন কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা হৈছে অসমৰ আৰক্ষীৰ পদক লাভ কৰা আৰক্ষী বিষয়াৰ নাম। অসম আৰক্ষীৰ ১৪ গৰাকী আৰক্ষী বিষয়া- জোৱানলৈ আগবঢ়োৱা হৈছে বিশেষ পদক। ডি আই জি ৰত্না সিঙে লাভ কৰে ৰাষ্ট্ৰপতি বিশিষ্ট সেৱা পদক। ইয়াৰোপৰি আন ১৩ গৰাকী আৰক্ষী বিষয়াই লাভ কৰে উৎকৃষ্ট সেৱা পদক।
ইয়াৰ লগতে ১,০৩৭ গৰাকী নিৰাপত্তাৰক্ষীলৈ আগবঢ়োৱা হৈছে বিশিষ্ট সেৱা পদক। ২০২৪ চনৰ স্বাধীনতা দিৱস উপলক্ষে ভাৰত চৰকাৰৰ পৰা পদক লাভ কৰা অসম আৰক্ষী , অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা অসম আৰু অসম গৃহৰক্ষী বিষয়া আৰু কৰ্মীক শুভেচ্ছা জ্ঞাপন কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।
২০২৪ বৰ্ষত উৎকৃষ্ট সেৱা পদক লাভ কৰা আৰক্ষী বিষয়া কেইগৰাকী-
- ডি আই জি বিজয় গিৰি কুলিগাম
- আৰক্ষী অধীক্ষক মিহিল জিত গায়ন
- আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা
- আৰক্ষী অধীক্ষক সিংহৰাম মিলি
- উপ- পৰিদৰ্শক ত্ৰৈলোক্য শৰ্মা
- নায়ক বিজু লহকৰ
- উপ- পৰিদৰ্শক বিপুল শইকীয়া
- নায়ক প্ৰফুল্ল ডেকা
- সহ উপ- পৰিদৰ্শক কামিনী ডেকা
- নায়ক শৈলেন কাকতি
- পৰিদৰ্শক মনোজ কুমাৰ সিং
- নায়ক কান্ত সিংহ
- নায়ক ইমানূল হক