শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Morning News: কাৰ্বি আংলঙৰ উত্তেজনাৰ পৰা ADREৰ নিযুক্তি পত্ৰ বিতৰণলৈ…পুৱাৰ খবৰসমূহ পঢ়ক

আজি ২৫ ডিচেম্বৰ, বৃহস্পতিবাৰ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning News: কাৰ্বি আংলঙৰ উত্তেজনাৰ পৰা ADREৰ নিযুক্তি পত্ৰ বিতৰণলৈ…পুৱাৰ খবৰসমূহ পঢ়ক
পুৱাৰ খবৰ
trishna-kalita
Trishna Kalita | Updated On: 25 Dec 2025 07:55 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. আজি ২৫ ডিচেম্বৰ।  খ্ৰীষ্টান ধৰ্মীয় লোকসকলে অতি উলহ-মালহেৰে উদযাপন কৰিছে বৰদিন । বিশেষ দিনটোত ৰাজ্য়ৰ প্ৰতিটো প্ৰান্তৰ গীৰ্জাঘৰত শুনিবলৈ পোৱা গৈছে কেৰ’লৰ ধ্বনি। গুৱাহাটীৰ গীৰ্জাঘৰ সমূহতো চলিছে বৰদিনৰ ব্যাপক আয়োজন। বৰদিনৰ সামগ্ৰীৰে ভৰি পৰিছে গুৱাহাটীৰ বজাৰ।
  2. আৰম্ভ হ’ল অসম গ্ৰন্থমেলা  (Assam Book Fair)। বুধবাৰ (২৪ ডিচেম্বৰ)য়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন হোৱা অসম গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰে। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাই যৌথভাৱে আয়োজন কৰা এই গ্ৰন্থমেলা ১৪ দিন ধৰি চলি ৬ জানুৱাৰীত সামৰণি পৰিব।
  3. অসম  গ্ৰন্থমেলা উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰদান কৰা হয় “যুৱ লেখক সন্মান” । ইয়াৰ অধীনত ৰাজ্যৰ ৮১৮গৰাকী ৪০ অনূৰ্ধ্ব যুৱ লেখক-লেখিকাক গ্ৰন্থবৰ্ষ ২০২৫ৰ “যুৱ লেখক সন্মান” প্ৰদান কৰা হয়। অসমীয়া, বাংলা, নেপালী, বড়ো, মিচিং, কাৰ্বিকে ধৰি অসমৰ আন জনগোষ্ঠীয় ভাষা-সাহিত্য আৰু সাহিত্য সেৱকৰ বাবে অনুপ্ৰেৰণামূলক এই আঁচনি অনুসৰি লেখক-লেখিকাসকলক ২৫,০০০ টকাকৈ প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই যুৱ লেখক সন্মান প্ৰদান কৰে।
  4. ভূমি সম্পৰ্কীয় প্ৰতিবাদক লৈ অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি অঞ্চলত যোৱা দুদিন ধৰি তীব্ৰ অশান্তিপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিশেষ সংঘাত নিৰ্মূলকাৰী ইউনিট ৰেপিড একচন ফ’ৰ্চ (আৰ এ এফ) মোতায়েন কৰা হৈছে। বুধবাৰে বিয়লি আৰ এ এফৰ ডেপুটি কমাণ্ডেণ্ট টি এন সিঙে কয় যে আইন-শৃংখলা বজাই ৰাখিবলৈ সমগ্ৰ খেৰণি আৰু কাষৰীয়া অঞ্চলসমূহৰ কৌশলগত স্থানত ২০০ৰো অধিক আৰ এ এফৰ জোৱান নিয়োগ কৰা হৈছে।
  5. পুনৰ ভাৰত-বাংলা সীমান্তৰ পৰা ওভতাই পঠোৱা হয় বাংলাদেশী নাগৰিকক।  ১৮ অনুপ্রৱেশকাৰীয়ে অসমৰ ভূমিত প্রৱেশ কৰিছিল। কিন্তু অসম আৰক্ষীয়ে সতর্কতা আৰু তৎপৰতাৰে তেওঁলোকক চিনাক্ত কৰিলে। লগে লগে আটক কৰি সীমান্তৰ সিপাৰলৈ ওভতাই পঠোৱা হয়। এই তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  6. ২০২৬ বৰ্ষত ৯ জানুৱাৰীত বিতৰণ কৰা হ’ব ADREৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ ৷ সামাজিক মাধ্যমযোগে ঘোষণা মুখ্যমন্ত্ৰীৰ।
  7. কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাক আৰু  ব্যক্তিগত শ্লীপাৰ বাছৰ মাজৰ প্ৰচণ্ড সংঘৰ্ষ। বাছখন বিস্ফোৰণ ঘটি ভিতৰত থকা ১৭ জন লোকৰ আটাইকেইজন লোকৰ মৃত্যু হয়। আন কেইবাজনো লোক গুৰুত্বভাৱে আহত হয়। আহত আটাইকেইজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
  8. বাংলাদেশৰ ৰাজধানী ঢাকাত ভয়ংকৰ বিস্ফোৰণ। ঢাকাৰ মোঘ বজাৰৰ উৰণ সেতুৰ তলৰ এখন চাহৰ দোকানত এই বিস্ফোৰণ। বিস্ফোৰণত এজন যুৱকৰ মৃত্যু। কাইলৈ ঢাকালৈ অহাৰ কথা আছিল BNP নেতা তাৰিক ৰহমান। তাৰিক ৰহমানৰ আগমনৰ পূৰ্বে ঢাকাত এই বিস্ফোৰণ।

লগতে পঢ়ক: বছৰৰ অন্তিমটো বৃহস্পতিবাৰে এইসকল লোক হ’ব লাগিব সাৱধান! চাওক আজিৰ ৰাশিফল…