ঈদ-উল-জোহাত অবৈধভাৱে গো বধ কৰাক লৈ কঠোৰ মুখ্যমন্ত্ৰী, ১৬ জনক আটক
ঈদৰ সময়ত অবৈধ গো বধক গৰিহণা দি কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যজুৰি অভিযান চলাই ১৬ ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে ৫টা অবৈধভাৱে গো বধ কৰা স্থানৰ তথ্য পোহৰলৈ আহে।

৭ জুন শনিবাৰে ইছলাম ধৰ্মৰ লোকসকলে পালন কৰিলে পবিত্ৰ ঈদ-উল-জোহা। এই দিনটোত আল্লাহৰ নামত কুৰবানী দিয়া হয়। ইয়াৰ মাজতে ঈদ-উল-জোহা উদযাপনৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অবৈধ গৰু বধ আৰু গৰু-ম’হৰ অংশ উদ্ধাৰৰ খবৰক লৈ উদ্বেগ প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজৰ অফিচিয়েল এক্স হেণ্ডেলত মুখ্যমন্ত্ৰীয়ে কয়, “ধৰ্মীয় স্বাধীনতা সাংবিধানিক অধিকাৰ যদিও ইয়াক আইন আৰু সাৰ্বজনীন পৰিসীমাৰ ভিতৰত থাকি কাম কৰিব লাগিব।” আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমত তথ্য প্ৰদান কৰি কয়, “আমাৰ সংবিধানে ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ সুনিশ্চিত কৰাৰ সমান্তৰালভাৱে আইনৰ শাসন আৰু জনশৃংখলা সমানে ৰক্ষা কৰে। এই ঈদ-উজ-জোহাত সমগ্ৰ অসমৰ একাধিক স্থানৰ পৰা অবৈধভাৱে গো বধ আৰু গৰুৰ অংশ উদ্ধাৰৰ বিৰক্তিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে”।
🚨 ALERT: ILLEGAL CATTLE SLAUGHTER DURING EID-UL-ZUHA
While our Constitution guarantees the right to religious freedom, it equally upholds the rule of law and public order. This Eid-ul-Zuha disturbing incidents of illegal cattle slaughter and recovery of cattle parts were…
— Himanta Biswa Sarma (@himantabiswa) June 8, 2025
মুখ্যমন্ত্রী ড০ শৰ্মাই উল্লেখ কৰা অনুসৰি কটন বিশ্ববিদ্যালয় (কামৰূপ মহানগৰ), ধুবুৰী, হোজাই আৰু শ্ৰীভূমি (বাগৰগুল)ৰ নিকটকে ধৰি ৫টা স্থানত গো-মাংস পোৱা গৈছে ৷ ইয়াৰ উপৰিও ৰাজ্য আন ৫টা অবৈধভাৱে গো বধ কৰা স্থানৰ তথ্য পোহৰলৈ আহিছে – কাছাৰত ৩টা (গুমৰা, শিলচৰ, লক্ষীপুৰ) আৰু কৰিমগঞ্জত ২টা (বদৰপুৰ, বংগা)। এই সন্দৰ্ভত আটক কৰা হৈছে ১৬জন লোকক। ইয়াৰ ভিতৰত আছে কাছাৰৰ ৯জন আৰু শ্ৰীভূমিৰ ৭জন।
মুখ্যমন্ত্ৰীয়ে কয়, “আমি সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষাৰ প্ৰতি সদায় দায়বদ্ধ ৷ কিন্তু আইন বৰ্হিভূত বা নিষ্ঠুৰতাক আমি মানি ল’ব নোৱাৰিম। বিশ্বাস আৰু পটভূমি নিৰ্বিশেষে সকলো আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”
ইফালে গো-মাংসক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন ঠাইত সংঘাতৰ সৃষ্টি হৈছে। হোজাইত পথত গো-মাংস পেলাই থৈ যোৱাক লৈ উত্তেজনা। উত্তেজিত ৰাইজক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ লাঠীচালনা। বৰপুখুৰীত পথ অৱৰোধ একাংশ হিন্দু লোকৰ। বিপৰীতে ভূঞাপট্টিত একাংশ মুছলমান লোকে অৱৰোধ কৰে পথ। গোলকগঞ্জৰ নালিয়াত নিশা পৰিস্থিতি উত্তপ্ত হৈ পৰে। হৰিমন্দিৰত গো-মাংস ৰখাৰ সন্দেহত উত্তেজনাৰ সৃষ্টি হয়। ইয়াকে লৈ নালিয়া আৰক্ষী পহৰা চকী ঘেৰাও কৰে দল-সংগঠনে। ঈদৰ দিনটোতে সদাব্যস্ত ফাঁচীবজাৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। মুকলিকৈ গো-মাংস কটাৰ অপৰাধত পাণবজাৰ আৰক্ষীয়ে আটক কৰিলে ফাঁচীবজাৰৰ পাখী মাৰ্কেটৰ স্বত্বাধিকাৰী আৰ্চাদ হুছেইনক।
ঈদৰ দিনটোত সদাব্যস্ত ফাঁচীবজাৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। মুকলিকৈ গো-মাংস কটাৰ অপৰাধত পাণবজাৰ আৰক্ষীয়ে আটক কৰিলে ফাঁচীবজাৰৰ পাখী মাৰ্কেটৰ স্বত্বাধিকাৰী আৰ্চাদ হুছেইনক। জব্দ কৰিলে ১ কুইণ্টল গো-মাংস।