শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

যদি চীনে ব্ৰহ্মপুত্ৰক ভেটা দিয়ে, কি হ’ব অসম তথা ভাৰতৰ? হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰিলে বিশদ তথ্য

চীনে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবাহ বন্ধ কৰি দিব পাৰে নেকি? যদি বন্ধ কৰি দিয়ে তেন্তে কি হ'ব ? এই আশংকাক খণ্ডন কৰি এই সন্দৰ্ভত তথ্যসহকাৰে মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । পাকিস্তানে নতুনকৈ প্ৰত্যাহ্বান সৃষ্টি কৰিব বিচৰা বিষয়টোৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ।

যদি চীনে ব্ৰহ্মপুত্ৰক ভেটা দিয়ে, কি হ’ব অসম তথা ভাৰতৰ? হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰিলে বিশদ তথ্য
ব্ৰহ্মপুত্ৰ নদImage Credit source: Costfoto/NurPhoto via Getty Images
raj-saikia
Raj Saikia | Published: 03 Jun 2025 11:22 AM

চীনে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বৃহৎ নদী বান্ধ নিৰ্মাণ কৰিব খোজা প্ৰসংগই কিছুদিন পূৰ্বে ব্যাপক চৰ্চা লাভ কৰিছিল । ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ চীনে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবাহ বন্ধ কৰি দিব পাৰে নেকি? যদি বন্ধ কৰি দিয়ে তেন্তে কি হ’ব ? এই আশংকাক খণ্ডন কৰি এই সন্দৰ্ভত তথ্যসহকাৰে মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । পাকিস্তানে নতুনকৈ প্ৰত্যাহ্বান সৃষ্টি কৰিব বিচৰা বিষয়টোৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে ভাৰতে সিন্ধু জল চুক্তি সাময়িকভাৱে স্থগিত ৰখা বিষয়টোৱে পাকিস্তানক চিন্তিত কৰি তুলিছিল । এই পৰিৱৰ্তনৰ ভূ-ৰাজনৈতিক প্ৰভাৱৰ সৈতে পাকিস্তানে যুঁজি থকাৰ সময়তে অসমৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই চুবুৰীয়া দেশখনে চীনে ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰাৰ কাল্পনিক কাহিনী সৃষ্টিৰে উদ্বেগ সৃষ্টি কৰিবলৈ নতুন ভাবুকি ৰচনা কৰা বুলি অভিযোগ কৰিছে ।

সামাজিক মাধ্যমত এটা পোষ্টযোগে এইদৰে লিখিছে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই-

যদি চীনে ব্ৰহ্মপুত্ৰৰ পানী ভেটা দি ধৰি ৰাখে তেন্তে কি হ’ব?
পাকিস্তানে সৃষ্টি কৰিব বিচৰা শংকাৰ প্ৰত্যুত্তৰ…

ভাৰতে সিন্ধু জল চুক্তিক নস্যাৎ কৰাৰ পাছত পাকিস্তানে এতিয়া নতুন এক কল্পনাপ্রসূত শংকাৰ সৃষ্টি কৰিব খুজিছে- ‘যদি চীনে ব্ৰহ্মপুত্ৰৰ পানী ভেটা দিয়ে ভাৰতৰ কি হ’ব?’ ভাৰতৰ একো নহয় ৷ এই ভ্ৰান্ত ধাৰণাসমূহ তথ্যৰ আধাৰত আমি নস্যাৎ কৰিম ৷ ব্ৰহ্মপুত্ৰই ইয়াৰ মহাবাহু বিশাল ৰূপ ধাৰণ কৰিছে ভাৰততহে ৷ চীনে ব্ৰহ্মপুত্ৰৰ পানীৰ ৩০-৩৫% হে যোগান ধৰে ৷ ইয়াৰে বেছিভাগ হিমবাহ গলি যোৱাৰ পাছত সৃষ্টি হোৱা পানী ৷ আৰু সীমিত তিব্বতীয় উপত্যকাত হোৱা বৰষুণৰ পৰা সৃষ্টি হোৱা পানী । বাকী থকা ৬৫ৰ ৭০% ব্ৰহ্মপুত্ৰৰ পানী ভাৰততে সৃষ্টি হৈছে, ভাৰততে বৈছে, এই পানী ব্ৰহ্মপুত্ৰলৈ বৈ আহিছে…

ক) অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড আৰু মেঘালয়ৰ মুষলধাৰ বৰষুণৰ পৰা

খ) সোৱণশিৰি, লোহিত, কামেং, মানস, ধনশিৰি, জীয়া-ভৰলী, কপিলী আদি প্ৰধান উপনৈৰ পৰা

গ) খাচি, গাৰো আৰু জয়ন্তীয়া পাহাৰৰ পৰা; কৃষ্ণাই, ডিগাৰু, কুলসী আদি নৈৰ পৰা

ভাৰত-চীন সীমান্তৰ টুটিঙত ব্ৰহ্মপুত্ৰৰ প্ৰবাহ প্ৰায় ২,০০০–৩,০০০ ঘনমিটাৰ প্ৰতি ছেকেণ্ড ৷ অসমৰ ভৈয়ামত, যেনে- গুৱাহাটীত এই প্ৰবাহ বাৰিষাৰ সময়ত ১৫,০০০ৰ পৰা ২০,০০০ ঘনমিটাৰ প্ৰতি ছেকেণ্ডলৈ বৃদ্ধি পায় ৷

ব্ৰহ্মপুত্ৰ ভাৰতৰ এনে এখন নদী নহয়, যি বৈ যাবলৈ হিমালয়ৰ ওপৰত নিৰ্ভৰ কৰে ৷ ব্ৰহ্মপুত্ৰক ভৰুণ কৰি ৰাখে ভাৰতৰ দোপালপিটা বৰষুণে ৷ সেয়ে লুইতে বল পাইছে ভাৰততহে ৷

পাকিস্তানে এটা শাশ্বত সত্য জনা উচিত—

যদিও চীনে চৰকাৰী মঞ্চত একো ভাবুকি প্ৰদান কৰা নাই, তথাপি যদিহে চীনে ব্ৰহ্মপুত্ৰৰ পানী ভেটাও দিয়ে ই আওপকীয়াকৈ হ’লেও ভাৰতক সহায়হে কৰিব, বিশেষকৈ বাৰিষাৰ বান নিয়ন্ত্ৰণৰ সময়ত ৷ যি বানে প্ৰতি বছৰে লক্ষাধিক লোকক ক্ষতিগ্ৰস্ত কৰে ।

ইফালে, পাকিস্তানে যোৱা ৭৪ বছৰে সিন্ধু জল চুক্তিৰ অধীনত ভাৰতৰ পৰা বৈ যোৱা পানীৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰি অভ্যস্ত হৈ পৰাৰ পাছত এতিয়া শংকাত ভুগিছে, যিহেতু ভাৰতে এতিয়া নিজৰ সাৰ্বভৌম অধিকাৰৰ কথা মনত পেলাই দিছে ৷

সংক্ষেপে এটা কথা বুজাই দিবলৈ বিচাৰিছোঁ, ব্ৰহ্মপুত্ৰক কোনো এটা মাত্ৰ উৎসই নিয়ন্ত্ৰণ কৰিব নোৱাৰে ৷ ব্ৰহ্মপুত্ৰ চিৰ প্ৰবহমান— নিজৰ ভৌগোলিক স্থিতিৰ বাবে ৷ আমাৰ আশীৰ্বাদ স্বৰূপ বাৰিষাৰ বাবে আৰু লুইতপৰীয়া সভ্যতাৰ ঐক্য-শক্তিৰ বাবে ৷

প্ৰধান তথ্যসমূহ মুখ্যমন্ত্ৰী শৰ্মাই দাঙি ধৰিছে:

চীনৰ অৱদান সীমিত: ব্ৰহ্মপুত্ৰৰ মুঠ পানীৰ পৰিমাণৰ মাত্ৰ ৩০–৩৫%হে চীনৰ ভূখণ্ডৰ পৰা আহে, মূলতঃ তিব্বতীয় অঞ্চলত হিমবাহৰ গলনাংক আৰু বৰষুণৰ জৰিয়তে ।

ভাৰতে প্ৰবাহৰ মাত্ৰা বৃদ্ধি কৰে:

ব্ৰহ্মপুত্ৰৰ সৰহভাগ অৰ্থাৎ ৬৫–৭০% পানী ভাৰতৰ ভিতৰতে উৎপন্ন হয়, ধাৰাষাৰ বৰষুণ আৰু অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড, আৰু মেঘালয়ৰ পৰা উৎপত্তি হোৱা উপনৈৰ জলধাৰাই ব্ৰহ্মপুত্ৰক উপচাই পেলায় । শৰ্মাই এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰাৰ পিছতহে নদীখন যথেষ্ট পৰিমাণে ফুলি উঠে । চীনৰ পৰা টুটিং প্ৰৱেশ স্থলত প্ৰবাহ ২,০০০–৩,০০০ ঘনমিটাৰ/ছেকেণ্ডত । গুৱাহাটী পোৱাৰ সময়লৈকে ই বাৰিষা কালত ১৫,০০০–২০,০০০ ঘনমিটাৰ প্ৰতি ছেকেণ্ডলৈ বৃদ্ধি পায় ।

“যদিও চীনে পানীৰ প্ৰবাহ হ্ৰাস কৰে — যিটো এক অসম্ভৱ পদক্ষেপ, যিহেতু চীনে কেতিয়াও এনে ভাবুকি দিয়া নাই — প্ৰকৃততে ই প্ৰতি বছৰে অসমত লাখ লাখ লোকক স্থানচ্যুত কৰা বিধ্বংসী বানক লাঘৱ কৰাত সহায় কৰিব পাৰে ।” শৰ্মাই কয় ।