শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হিন্দুৰ মাটি মুছলমানে ক্ৰয় কৰাৰ আগতে মুখ্যমন্ত্ৰীৰ অনুমোদন ল’ব লাগিবঃ হিমন্ত বিশ্ব

কিন্তু আমি সিদ্ধান্ত লৈছে অহা ২ মাহৰ ভিতৰত  এক নীতি আনিম। য'ত লিখা থাকিব অসমত জন্ম গ্ৰহণ কৰা লোকেহে অসমত চৰকাৰী চাকৰি পাব

হিন্দুৰ মাটি মুছলমানে ক্ৰয় কৰাৰ আগতে মুখ্যমন্ত্ৰীৰ অনুমোদন ল’ব লাগিবঃ হিমন্ত বিশ্ব
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
barasha-sarma
Barasha Sarma | Published: 04 Aug 2024 21:14 PM

দেওবাৰে গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা বিজেপিৰ বৰ্দ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহকত কেতবোৰ গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লাভ জেহাদ, মাটি বাৰী সংক্ৰান্তীয় আদি বিভিন্ন বিষয়ত উদত্ত ভাষণ প্ৰদান কৰি শৰ্মাই কয় যে, অহা কিছুদিনৰ ভিতৰত এখন নতুন আইন আনিম য’ত লাভ জেহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ ৰূপান্তৰ কৰিম।

মাটি- বাৰী ক্ৰয় বিক্ৰী সন্দৰ্ভত মন্তব্য প্ৰদান কৰি শৰ্মাই কয় যে,  আগতে হিন্দুৰ মাটি মুছলমানে আৰু মুছলমানৰ মাটি হিন্দুয়ে কিনিছিল। কিনা-বেচাত আমি বাধা দিব নোৱাৰো। কিন্তু অসম চৰকাৰে সিদ্ধান্ত লৈছে, এজন হিন্দু মাটি মুছলমানে ক্ৰয় কৰিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুয়ে ক্ৰয় কৰিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদনৰ প্ৰয়োজন হ’ব। অনুমোদন লাভ কৰাৰ পাছতে লেন- দেনৰ প্ৰক্ৰিয়া আৰম্ভ  কৰিব পাৰি।

অবিভক্ত গোৱালপাৰা আৰু ট্ৰাইবেল বেল্টৰ ভূমি বেচা- কিনাৰ বাবেও আইন আনিব বুলি কয় শৰ্মাই। তেওঁ কয় যে, অবিভক্ত গোৱালপাৰা জিলা অসমৰ অভিন্ন অংগ আছিল। কিন্তু এটা বিশেষ সম্প্ৰদায়ৰলোকে থলুৱা লোকসকলৰ মাটি লাহে লাহে কাঢ়ি লৈ গৈ আছে। আজি আমাৰ নিজৰ মাটিতে সংখ্যালঘুত পৰিণত কৰিছে। ৰাজ্য চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰিছে, আমি কিছু দিনৰ ভিতৰত আইন আনিম যাতে কোনো বিশেষ সম্প্ৰদায়ৰলোকে অবিভক্ত গোৱালপাৰাৰ মাটি ক্ৰয় কৰিব নোৱাৰে। জনজাতীয় লোক, অনুসূচীত জাতিৰলোক, অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোকৰ মাজত যি মাটি বাছি আছে সেয়া আমি আৰু আনৰ হাতলৈ যাব দিব নোৱাৰো।

 

তেওঁ কয় যে, কংগ্ৰেছে কয় যে, বিজেপিৰ দিনত থলুৱা নিযুক্তি হোৱা নাই। মই তেওঁলোকক আহ্বান জনাম  যে, ১ লাখ নিযুক্তি হোৱা ল’ৰাৰ ঠিকনা চাওক। সকলোৰো ঠিকনা সহকাৰে আপোনালোকক দিম। কিন্তু আমি সিদ্ধান্ত লৈছে অহা ২ মাহৰ ভিতৰত  এক নীতি আনিম। য’ত লিখা থাকিব অসমত জন্ম গ্ৰহণ কৰা লোকেহে অসমত চৰকাৰী চাকৰি পাব।

বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাৰ পৰাই কংগ্ৰেছক সকিয়নী প্ৰদান কৰি শৰ্মাই কয় যে, মই আগতে কৈছো কংগ্ৰেছক, পগলা কুকুৰক জোকাই নল’ব।যেতিয়ালৈকে লেকাম বন্ধা থাকে ভালে থাকে। খং উঠিলে শচীনে ২০০ ৰাণো কৰিব পাৰে বুলি কয়। ২০২৬ চনত অনুষ্ঠিত হবলগীয়া বিধানসভা নিৰ্বাচনকলৈও মন্তব্য কৰে শৰ্মাই।  তেওঁ কয় যে, লোকসভা নিৰ্বাচনত যোৰহাট আমাক ৰাইজে নিদিলে কিন্তু কৰিমগঞ্জ দিলে।তপন গগৈলৈ বিশেষ বাৰ্তা দি শৰ্মাই অনুৰোধ জনাই যে যোৰহাটৰ সাংসদজনক যিমান দেখে তাতকৈ বেছি প্ৰাক্তন সাংসদজনক দেখিব লাগে।