শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

GSDP বৃদ্ধিঃ অৰ্থনৈতিক পুনৰুদ্ধাৰৰ ক্ষেত্রত ভাৰতৰ শীৰ্ষ ৩ ৰাজ্যৰ ভিতৰত অসম…

যোৱা ৫ বছৰত অসমে মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন অর্থাৎ জি এছ ডি পি(স্থিৰ মূল্য)ৰ বৃদ্ধিৰ গড় হাৰ ৭% কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে জনাই এই কথা।

GSDP বৃদ্ধিঃ অৰ্থনৈতিক পুনৰুদ্ধাৰৰ ক্ষেত্রত ভাৰতৰ শীৰ্ষ ৩ ৰাজ্যৰ ভিতৰত অসম…
হিমন্ত বিশ্ব শৰ্মাImage Credit source: tv9 hindi
Barasha Sarma
Barasha Sarma | Published: 11 Apr 2025 09:52 AM

অসমবাসীৰ বাবে এক ভাল খবৰ। কোৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ পাছত অৰ্থনৈতিক পুনৰুদ্ধাৰৰ ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ ৩ ৰাজ্যৰ ভিতৰত আছে অসম। বৃহস্পতিবাৰে এই কথা সামাজিক মাধ্যমৰ জৰিয়তে সদৰি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, “ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিছার্চ’ৰ সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য।  শৰ্মাই জনোৱা অনুসৰি যোৱা   ৫ বছৰত অসমে মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন অর্থাৎ GSDP বৃদ্ধিৰ গড় হাৰ ৭ শতাংশলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত লিখে যে- “অসমৰ বিকাশৰ কাহিনীয়ে স্বীকৃতি লাভৰ আন এক বতৰাৰে আজি সমৃদ্ধ হৈছে। এইবেলি ফিটচ গ্রুপৰ ‘ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিছার্চ’ৰ সমীক্ষাত উজলিছে অসম। ক’ভিড ১৯ৰ পাছত বিগত ৫ বছৰত অসমে মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন অর্থাৎ জি এছ ডি পি(স্থিৰ মূল্য)ৰ বৃদ্ধিৰ গড় হাৰ ৭% কৰিবলৈ সক্ষম হৈছে। এই বৃদ্ধিৰ হাৰে অসমক অৰ্থনৈতিক পুনৰুদ্ধাৰৰ ক্ষেত্রত ভাৰতৰ শীৰ্ষ তিনি ৰাজ্যৰ ভিতৰত স্থান দখলতো সহায় কৰিছে।

একেৰাহে ৫ বছৰৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি সুস্থিৰ উচ্চ বিকাশৰ গতিৰে ধাৱমান হোৱা দেশৰ গোটা-চেৰেক ৰাজ্যৰ ভিতৰত অসমে সফলতাৰে নিজক প্রতিপন্ন কৰিছে। এই ৫ বছৰত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন প্ৰায় দুগুণলৈ বৃদ্ধি হৈছে। ইয়াৰ অন্তৰালত নিহিত হৈ আছে ৰাজ্যত কিছু বৃহৎ ঘৰুৱা বিনিয়োগৰ লগতে ২০০ কোটি টকাৰ প্রত্যক্ষ বৈদেশিক বিনিয়োগ আকৰ্ষিত কৰাৰ দৰে বিশেষ সাফল্য।

আজিৰ প্রেক্ষাপটত অসমে ৰাষ্ট্ৰীয় প্ৰগতিৰ দিশত এক অৱদানকাৰী ৰাজ্য হিচাপে নিজকে প্রতিষ্ঠা কৰিবলৈ সম্ভৱপৰ সকলো পদক্ষেপ গ্রহণ কৰি আছে। এই বিকাশৰ ধাৰা এনেধৰণে আৰু ৫ বছৰলৈ অব্যাহত ৰাখিলেই ৰাজ্যৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনে ১০ লাখ কোটি অতিক্ৰম কৰি এক নতুন শিখৰত আৰোহণ কৰিব। লগতে অসমক ভাৰতৰ শ্রেষ্ঠ ৫ ৰাজ্যৰ অন্যতম হিচাপে আত্মপ্রকাশ কৰাতো বিশেষ ভূমিকা গ্রহণ কৰিব”।

 

উল্লেখ্য যে, যোৱা ৫ বছৰত অসমৰ GSDP বৃদ্ধি হৈছে। যদি এই ধাৰা অব্যাহত থাকে তেন্তে অনাগত ৫ বছৰত ১০ লাখ কোটিৰ ঘৰ স্পৰ্শ কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।