ধৰ্মী গোড়ামিৰে নিৰ্মাণ হোৱা দেশে সংখ্যালঘুক নিৰাপত্তা দিব নোৱাৰে ! বাংলাদেশৰ শেহতীয়া ঘটনাৰাজীক লৈ প্ৰতিক্ৰিয়া হিমন্তৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,বাংলাদেশত সংখ্য়ালঘু ওপৰত হোৱা আক্ৰমণ তথা অত্যাচাৰৰ ঘটনাৰ খবৰে ভাৰতৰ প্ৰতিজন নাগৰিকৰ মনত দুখ দিছে । এখন ইছলামিক ৰাষ্ট্ৰত কিদৰে সংখ্যালঘুৰ ওপৰত নিৰ্মমভাৱে অত্যাচাৰ চলোৱা হৈছে তাক প্ৰত্যক্ষ কৰি প্ৰতিজন নাগৰিকৰে চকু মেল খাইছে বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।
 
                                বাংলাদেশৰ হিন্দু আৰু অন্যান্য সংখ্যালঘু লোকৰ ওপৰত হোৱা আক্ৰমণ তথা অত্য়াচাৰৰ ঘটনাকলৈ ভাৰতবৰ্ষৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । চুবুৰীয়া দেশখনত সংখ্যালঘু ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰাৰ দাবীত ভাৰতৰ বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে । এই ঘটনাৰ তথা এই বিষয়ক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বাংলাদেশত হোৱা এই ধৰণৰ ঘটনা ‘বেদনাদায়ক’ বুলি অভিহিত কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে,বাংলাদেশত সংখ্য়ালঘু ওপৰত হোৱা আক্ৰমণ তথা অত্যাচাৰৰ ঘটনাৰ খবৰে ভাৰতৰ প্ৰতিজন নাগৰিকৰ মনত দুখ দিছে । এখন ইছলামিক ৰাষ্ট্ৰত কিদৰে সংখ্যালঘুৰ ওপৰত নিৰ্মমভাৱে অত্যাচাৰ চলোৱা হৈছে তাক প্ৰত্যক্ষ কৰি প্ৰতিজন নাগৰিকৰে চকু মেল খাইছে বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।
बांग्लादेश में हिंदुओं के साथ जो हो रहा है, उससे हम सभी को सतर्क रहना चाहिए। जिस समाज की नींव कट्टरपंथ पर आधारित हो, वहां हम सुरक्षित नहीं रह सकते। भारत धर्मनिरपेक्षता का सबसे उत्कृष्ट उदाहरण है। pic.twitter.com/qONOqXmVvC
— Himanta Biswa Sarma (@himantabiswa) December 10, 2024
ধৰ্মী গোড়ামিৰ ভিত্তিত নিৰ্মাণ হোৱা দেশে সংখ্যালঘুক নিৰাপত্তা দিব নোৱাৰে
তেওঁ লগতে কয় যে, ইয়াৰ পূৰ্বে এই ধৰণৰ ঘটনা পাকিস্তানত সংঘটিত হৈছিল । পাকিস্তানত সংখ্যালঘু ওপৰত চলোৱা হৈছিল নিৰ্মম অত্যাচাৰ । এতিয়া শেহতীয়াকৈ বাংলাদেশত এই ধৰণৰ ঘটনা সংঘটিত হ’বলৈ আৰম্ভ কৰিছে । তেওঁ কয় যে, ‘এই ঘটনাবোৰে স্পষ্টভাৱে প্ৰমাণ কৰে যে, যিবোৰ দেশ ধৰ্মীয় গোড়ামিৰ ভিত্তিত নিৰ্মাণ হয় বা যি দেশৰ জনাসাধৰণে ধৰ্মৰ নামত অত্যন্ত গোড়ামি কৰিবলৈ আৰম্ভ কৰে সেই সমাজে সংখ্যালঘু লোকসকলক নিৰাপত্তা দিব নোৱাৰে ।’
ভাৰতে ধৰ্ম নিৰপেক্ষতাৰ উত্তম নিদৰ্শন দাঙি ধৰিছে : হিমন্ত
ইয়াৰ লগতে মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰে যে, ভাৰতে ধৰ্মনিৰপেক্ষতাৰ উত্তম নিৰ্দশন দাঙি ধৰিছে । তেওঁ কয়, ‘মই আশা কৰো পাকিস্তান-বাংলাদেশৰ দৰে দশসমূহে ভাৰতৰ পৰা শিক্ষা ল’ব । আমাৰ দেশৰ ভিতৰত যিসকল ব্যক্তি আছে, যিসকলে পাকিস্তানৰ ক্ৰিকেট দল জিকিলে আনন্দ প্ৰকাশ কৰে , তেওঁলোকক অনুৰোধ কৰিম যে, আপোনালোকে চাওঁক বাংলাদেশ-পাকিস্তানৰ দৰে ৰাষ্ট্ৰই আমাৰ সমাজক সুৰক্ষা দিব নোৱাৰে ।’ সমান্তৰালভাৱে অন্ধ অনুকৰণ বন্ধ কৰি সমাজখনক সুৰক্ষিত কৰিব লাগে বুলিও মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
ভাৰত-বাংলাদেশৰ সম্পৰ্ক অৱনতি
চুবুৰীয়া দেশত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা ভাৰতৰ সৈতে ইয়াৰ সম্পৰ্ক অৱনতি হ’বলৈ আৰম্ভ কৰিছে । বিশেষকৈ যোৱা কেইসপ্তাহত দেশখনত হিন্দু আৰু অন্য়ান্য সংখ্যালঘুৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা আৰু হিন্দু সাধু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছত দুয়োখন দেশৰ সম্পৰ্ক আৰু অধিক অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে ।
ইফালে সোমবাৰে বৈদেশিক সচিব পৰ্যায়ৰ বৈঠকত বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত আক্ৰমণৰ বিষয়টো উত্থাপন কৰা হৈছিল যদিও ঢাকাই ইয়াক বিভ্ৰান্তিকৰ আৰু ভুল তথ্য বুলি অভিহিত কৰি কোনো দেশে নিজৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিব নালাগে বুলি উল্লেখ কৰিছে ।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      