অসমৰ প্ৰতিখন চহৰত এটা পথ ড° ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰা হ’ব: মুখ্যমন্ত্ৰী
ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে এক অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সময়চোৱাত তেওঁ বিভিন্ন ঘোষণা কৰে। শৰ্মাই 'মানুহে মানুহৰ বাবে' গীতটি সন্দৰ্ভতো বিশেষ পদক্ষেপ লোৱাৰ কথা কয়।
বুধবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে গুৱাহাটীৰ জালুকবাৰীস্থিত ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত উপস্থিত হয়। এই সময়চোৱাত তেওঁ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত শ্রদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত মানৱ শৃংখলৰ জৰিয়তে সমস্বৰে পৰিৱেশন কৰা ‘মানুহে মানুহৰ বাবে’ গীতটোত কণ্ঠ নিগৰাই মুখ্যমন্ত্রীয়ে হাজৰিকালৈ শ্ৰদ্ধা নিবেদন কৰে।
এই উপলক্ষে সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে কৃতজ্ঞ অসমবাসী ৰাইজৰ লগতে প্রবাসী অসমীয়াসকলে নিজ নিজ স্থানত বিভিন্ন অনুষ্ঠান আয়োজন কৰি সুধাকণ্ঠলৈ শ্রদ্ধাঞ্জলি নিবেদন কৰিছে। তেওঁ কয় যে আজি ৰাজ্যৰ ৩৫ খন জিলা আৰু ২৭ খন সম-জিলাত ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক শ্রদ্ধাঞ্জলি জনাবলৈ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
প্রতিখন জিলা সদৰত ৫ হাজাৰতকৈ অধিক ছাত্র-ছাত্রী, যুৱক-যুৱতী আৰু ৰাইজ সমৱেত হৈ মানৱ শৃংখলৰ জৰিয়তে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ‘মানুহে মানুহৰ বাবে’ অমৰ সংগীতটো পৰিৱেশনৰ ব্যৱস্থা কৰা হৈছে। প্রায় ২ লক্ষাধিক শিল্পী, কলা-কুশলী আৰু ৰাইজে অসমৰ বৰাক-ব্ৰহ্মপুত্ৰৰ পাহাৰ-ভৈয়াম সকলো স্থানতে এই গীতটো পৰিৱেশন কৰে।
তেওঁ কয় যে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই ৰচনা কৰা ‘মানুহে মানুহৰ বাবে’ গীতটো কেৱল অসমৰে নহয়, ই সমগ্র মানৱ জাতিব সম্পদ। এই গীতটো মানৱতাৰ গীত হিচাপে স্বীকৃতি লাভৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি আছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘক আহ্বান জনোৱা হ’ব। চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতি আৰু অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ স্বীকৃতি লাভত বৰ্তমানৰ ৰাজ্য চৰকাৰখন যেনেদৰে সফল হ’ল, ঠিক তেনেদৰে পৰৱৰ্তী সময়ত ‘মানুহ মানুহৰ বাবে’ গীতটোলৈ ৰাষ্ট্ৰসংঘৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি আনিবলৈ সক্ষম হ’ব বুলি তেওঁ দৃঢ়তা প্রকাশ কৰে।
Bharat is blessed to have Dr. Bhupen Hazarika. His life teaches us the power of empathy. His music celebrates our Prakriti, our Sanskriti, our Nari Shakti and our Yuva Shakti.
On behalf of the people of Assam paid our tributes on Sudhakantha’s Punyatithi. #BhupenDaAt100 pic.twitter.com/Fah2LUCa3i
— Himanta Biswa Sarma (@himantabiswa) November 5, 2025
মুখ্যমন্ত্ৰীয়ে কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ মূল অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ সোঁৱৰণত ভাৰতীয় ৰিজার্ভ বেংকে প্রস্তুত কৰা এটা স্মৃতি মুদ্রা উন্মোচন কৰে। হাজৰিকাৰ শতবাৰ্ষিকী অনুষ্ঠান দেশৰ বিভিন্ন স্থানত আয়োজন কৰা বুলি শৰ্মাই কয়।
ইয়াৰোপৰি শৰ্মাই কয়, বিহু সমিতিসমূহে বিহু উদযাপনৰ আটাইকেইটা নিশাৰ ভিতৰত অন্ততঃ এটা নিশা ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামত যাতে পালন কৰে তাৰ বাবে ৰাজ্য চৰকাৰে এক সুকীয়া ব্যৱস্থা গ্রহণ কৰিছে। এইবাবে এইবেলি আৰু অধিক অনুদান বিহু সমিতিসমূহে লাভ কৰিব।
তেওঁ কয় যে অসম আৰু অৰুণাচলৰ ঐতিহ্যপূর্ণ সম্পর্কক সুধাকণ্ঠই আৰু অধিক শক্তিশালী কৰি তুলিছিল। সেয়েহে ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে ঢলা-শদিয়াস্থিত ড° ভূপেন হাজৰিকা সেতুৰ জিৰো পইণ্টত তেখেতৰ প্ৰায় ১০০ ফুট উচ্চতাৰ অধিক এটি বিশাল প্রতিমূর্তি স্থাপনৰ বাবে ইতিমধ্যে পৰিকল্পনা গ্রহণ কৰিছে। এই প্রতিমূর্তি সমগ্ৰ অসম আৰু অৰুণাচলৰ ৰাইজৰ সমন্বয় আৰু প্ৰেৰণাৰ প্ৰতীক হৈ ৰ’ব।
তেওঁ কয় যে অসমৰ প্ৰতিখন চহৰত এটা পথ সজাই-পৰাই ড° ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰা হ’ব। আজিৰ এই অনুষ্ঠানত কৃতজ্ঞ অসমবাসীৰ হৈ সুধাকণ্ঠৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিৱেদন কৰি মুখ্যমন্ত্ৰীয়ে ‘মানুহে মানুহৰ বাবে’ এই গীতটোৰ জৰিয়তে একতা, সমন্বয় আৰু মানৱীয় প্ৰমূল্যবোধ নৱপ্ৰজন্মৰ মাজত যাতে আৰু অধিক শক্তিশালী হয় তাৰ বাবে গ্রহণ কৰা প্ৰচেষ্টাৰ সফলতা কামনা কৰে।
তেওঁ উল্লেখ কৰে যে অসম আন্দোলনৰ পটভূমিত শ্বহীদসকলক স্মৰণ কৰি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই ‘শ্বহীদ প্রণামো তোমাক’ শীর্ষক অমৰ গীতটোৰ সৃষ্টি কৰিছিল। গুৱাহাটীস্থিত নৱনির্মিত বিশাল শ্বহীদ স্মাৰক ভৱনটোৰ শুভ উদ্বোধনৰ সৈতে সংগতি ৰাখি অহা ১০ ডিচেম্বৰত ‘শ্বহীদ প্রণামো তোমাক’ শীর্ষক গীতটোও অনুৰূপ ধৰণে সমগ্ৰ ৰাজ্যজুৰি পৰিৱেশনৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ কয়।
অন্য খবৰ পঢ়কঃ পৰকীয়া প্ৰেম! পত্নীৰ দাৰ ঘাপত প্ৰাণ গ’ল স্বামীৰ, পাছত আন এক ডাঙৰ কাণ্ড…